অসম

assam

By

Published : Aug 27, 2020, 7:01 PM IST

ETV Bharat / bharat

COVID-19: ভাৰতৰ ভিন্ন ৰাজ্যৰ শেহতীয়া তথ্য

ভাৰতত মুঠ 33,10,234 গৰাকী লোকলৈ বৃদ্ধি পালে কৰ'ণা আক্ৰান্তৰ সংখ্য়া ৷ কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰণালয়ে প্ৰদান কৰা তথ্য অনুসৰি ভাৰতত বিগত 24 ঘণ্টাত নতুনকৈ 75,000 তকৈয়ো অধিক লোকৰ দেহত ধৰা পৰিছে COVID-19 ৰ অৱস্থিতি ৷

শেহতীয়া তথ্য
শেহতীয়া তথ্য

নেশ্যনেল ডেস্ক, 27 আগষ্ট:কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰণালয়ে প্ৰদান কৰা তথ্য অনুসৰি ভাৰতত বিগত 24 ঘণ্টাত নতুনকৈ 75,000 তকৈয়ো অধিক লোকৰ দেহত ধৰা পৰিছে COVID-19 ৰ অৱস্থিতি ৷ ইয়াৰ লগে-লগে সমগ্ৰ দেশতে বৃহস্পতিবাৰলৈ 33 লাখতকৈয়ো অধিক লোকলৈ বৃদ্ধি পায় কৰ'ণা আক্ৰান্তৰ সংখ্যা ৷ অৱশ্যে এই মহামাৰীৰ পৰা অব্যাহতি লাভ কৰা লোকৰ সংখ্যা 25 লাখতকৈ অধিক বৃদ্ধি পাইছে ৷

COVID-19: ভাৰতৰ ভিন্ন ৰাজ্যৰ তথ্য

নতুনকৈ আক্ৰান্ত হোৱা 75,000 তকৈয়ো অধিক লোকৰ সংখ্যাই ভাৰতত আক্ৰান্তৰ সংখ্যা বৃদ্ধি কৰিলে মুঠ 33,10,234 গৰাকীলৈ ৷ ইয়াৰোপৰি বৃহস্পতিবাৰলৈ কৰ'ণাত আক্ৰান্ত হৈ মৃত্যু হোৱা লোকৰ সংখ্যা বৃদ্ধি পালে 60,472 গৰাকীলৈ ৷ বিগত 24 ঘণ্টাত ভাৰতত 1,023 গৰাকী লোকে মৃত্যুক সাৱটি লৈছে ৷

দেশত সম্প্ৰতি 7,25,991 গৰাকী সক্ৰিয় আক্ৰান্ত ৰোগী আছে ৷ যি মূল আক্ৰান্তৰ সংখ্যাৰ 21.93 শতাংশ ৷

লগতে পঢ়ক:বিশিষ্ট গায়িকা অৰ্চনা মহন্তৰ পৰলোকপ্ৰাপ্তি

ABOUT THE AUTHOR

...view details