নেশ্যনেল ডেস্ক, ২৩ ডিচেম্বৰ: ভাৰতত COVID-১৯ত আক্ৰান্তৰ সংখ্যা ১,০০,৯৯,০৬৬ জনলৈ বৃদ্ধি হৈছে । ২৪ ঘণ্টাত দেশত ২৩,৯৫০ জন লোক কৰ'ণাত আক্ৰান্ত হৈছে । সমগ্ৰ দেশতে মহামাৰীয়ে কালৰূপ ধৰাৰ সমান্তৰালকৈ আৰোগ্য হৈ উঠিছে লাখ লাখ ৰোগী । কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰালয়ে বুধবাৰে প্ৰকাশ কৰা তথ্য অনুসৰি, এতিয়ালৈকে ৯৬.৬৩ লাখ লোক সুস্থ হৈ উঠিছে ।
নতুনকৈ মৃত্যু হোৱা ৩৩৩ জন লোকসহ ভাৰতত বৰ্তমানলৈকে মহামাৰীৰে যুঁজি প্ৰাণ হেৰুৱাইছে ১,৪৬,৪৪৪ জনে । কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰালয়ে পুৱা ৮ বজাত প্ৰকাশ কৰে এই তথ্য । উল্লেখ্য যে, দেশত কৰ'ণাত আক্ৰান্তৰ সংখ্যাই যোৱা ১১ অক্টোবৰত ৭০ লাখ, ২৯ অক্টোবৰত ৮০ লাখ, ২০ নৱেম্বৰত ৯০ লাখৰ ঘৰ অতিক্ৰম কৰে ।