অসম

assam

ETV Bharat / bharat

COVID-19: দেশৰ ভিন্ন ৰাজ্যৰ সবিশেষ তথ্য - ভাৰতত কৰ'ণা

যোৱা ২৪ ঘণ্টাত ৪৬,২৫৩টা নতুন ঘটনাৰে সৈতে ভাৰতত কৰ'ণা আক্ৰান্তৰ সংখ্যা হৈছেগৈ ৮৩,১৩,৮৭৬ জন। ICMRৰ তথ্য অনুসৰি, মঙলবাৰে পৰীক্ষা কৰা ১২,০৯,৬০৯টা নমুনাসহ বৰ্তমানলৈকে মুঠ ১১,২৯,৯৮,৯৫৯টা নমুনা পৰীক্ষা কৰা হৈছে।

COVID-19: দেশৰ ভিন্ন ৰাজ্যৰ সবিশেষ তথ্য
COVID-19: দেশৰ ভিন্ন ৰাজ্যৰ সবিশেষ তথ্য

By

Published : Nov 4, 2020, 1:06 PM IST

নোশ্যনেল ডেস্ক, ৪ নৱেম্বৰ: দেশত ৮৩ লাখ স্পৰ্শ কৰিলে কৰ'ণা আক্ৰান্তৰ সংখ্যাই। বুধবাৰে কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰালয়ে প্ৰকাশ কৰা তথ্য অনুসৰি, ভাৰতত COVID-19 আক্ৰান্তৰ আৰোগ্যৰ সংখ্যা ৭৬.৫৬ লাখ হৈছে। এই পৰিসংখ্যাই ৰাষ্ট্ৰীয় আৰোগ্যৰ হাৰ ৯২ শতাংশৰো অধিক বৃদ্ধি কৰিছে। ৪৬,২৫৩ গৰাকী নতুনকৈ সংক্ৰমণ হোৱা ৰোগীসহ বৰ্তমান দেশত কৰ'ণা আক্ৰান্তৰ সংখ্যা হৈছেগৈ ৮৩,১৩,৮৭৬ জন।

COVID-19: দেশৰ ভিন্ন ৰাজ্যৰ সবিশেষ তথ্য

মহামাৰীৰ কবলত পৰি মৃত্যুক আঁকোৱালি লৈছে ১,২৩,৬১১ গৰাকী ৰোগীয়ে। বুধবাৰে পুৱা ৮ বজাত কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰালয়ে এই তথ্য আপডেট কৰিছে। এইপৰ্যন্ত কৰ'ণা ভাইৰাছৰ সংক্ৰমণৰ পৰা মুক্ত হৈ সুস্থ হৈ উঠিছে ৭৬,৫৬,৪৭৮ জন লোকে। ৬ দিনত COVID-19ত আক্ৰান্তৰ সক্ৰিয় ঘটনা ধাৰাবাহিকভাৱে ৬ লাখ পৰ্যন্ত নিম্নগামী হৈছে। দেশত ৫,৩৩,৭৮৭টা সক্ৰিয় ঘটনা আছে। COVID-19 টেলীয়ে যোৱা ২৩ আগষ্টত ৭,৩০ লাখৰ পৰা ২০ লাখ অতিক্ৰম কৰে আৰু যোৱা ৫ ছেপ্টেম্বৰত ৪০ লাখ স্পৰ্শ কৰে।

এই সংখ্যা যোৱা ১৬ ছেপ্টেম্বৰ মাহত ৫০ লাখ হয়গৈ। ২৮ ছেপ্টেম্বৰত মুঠ আক্ৰান্তৰ সংখ্যাই ৬০ লাখ অতিক্ৰম কৰে। ১১ অক্টোবৰত ৭০ লাখ আৰু ২৯ অক্টোবৰত COVID-19ত আক্ৰান্তৰ সংখ্যা হৈছেগৈ ৮০ লাখ। ICMRৰ তথ্য অনুসৰি, মঙলবাৰে পৰীক্ষা কৰা ১২,০৯,৬০৯টা নমুনা পৰীক্ষা কৰা হৈছে। বৰ্তমানলৈকে মুঠ ১১,২৯,৯৮,৯৫৯টা নমুনা পৰীক্ষা কৰা হৈছে বুলি প্ৰকাশ কৰে ICMRই।

লগতে পঢ়ক:নেপাল সেনাৰ সন্মানীয় সেনাপ্ৰধানৰ দায়িত্বত স্থলসেনা প্ৰধান জেন. নাৰাৱানে

ABOUT THE AUTHOR

...view details