নেশ্যনেল ডেক্স, 22 ছেপ্তেম্বৰঃমঙলবাৰে ওড়িশাৰ পৰীক্ষণ ৰেঞ্জৰ পৰা ভাৰতে সফলতাৰে ABHYAS-হাই স্পীড এক্সপেণ্ডেবল এৰিয়েল টাৰ্গেটৰ উৰন প্ৰক্ৰিয়া সম্পন্ন কৰে ৷ সুৰক্ষা সূত্ৰই জানিবলৈ দিয়া অনুসৰি প্ৰতিৰক্ষা গৱেষণা আৰু উন্নয়ন সংস্থাৰ এই পৰীক্ষণক কেইবাটাও ৰাডাৰ আৰু ইলেট্ৰ’ অপটিক চিষ্টেমৰ দ্বাৰা নিৰীক্ষণ কৰা হয় ৷ দুখন প্ৰদৰ্শনকাৰী বাহনৰ ওপৰত সফলতাৰে পৰীক্ষণ কৰাৰ কথাও ব্যক্ত কৰে প্ৰতিৰক্ষা গৱেষণা আৰু উন্নয়ন প্ৰতিষ্ঠানে(DRDO) ৷
উক্ত বাহনখন বিভিন্ন ক্ষেপনাস্ত্ৰৰ মূল্যায়নৰ লক্ষ্যৰে ব্যৱহাৰ কৰিব পৰা যাব বুলি প্ৰতিৰক্ষা বিবৃতিত প্ৰকাশ পায় ৷ ABHYASক প্ৰতিৰক্ষা গৱেষণা আৰু উন্নয়ন প্ৰতিষ্ঠান(DRDO)ৰ বৈমানিক বিকাশ প্ৰতিষ্ঠানে ডিজাইন কৰি উলিয়াইছে ৷ টুইন আণ্ডাৰস্লাগ বুষ্টাৰ ব্যৱহাৰ কৰি বিমানখন চলোৱা হৈছে ৷ ইয়াৰ উপৰিও বাহনখন এটি ক্ষুদ্ৰ গেছ টাৰবাইন ইঞ্জিনৰ দ্বাৰা চালিত হয় আৰু বাহনখনৰ নিয়ন্ত্ৰণৰ বাবে এটি ফাইল কন্ট্ৰ’ল কম্পিউটাৰ সহ এটি ইন্টেৰিয়েল নেভিগেছন চিষ্টেমো ৰখা হৈছে ৷