ইন্টাৰনেশ্যনেল ডেস্ক, 4 জানুৱাৰী : পাকিস্তানৰ নানকানা ছাহিব গুৰুদ্বাৰত শুকুৰবাৰে সংঘটিত হোৱা ধংসাত্মক কাৰ্যক গৰিহণা দিছে ভাৰতে ৷ পাকিস্তানস্থিত গুৰুদ্বাৰটোত শতাধিক স্থানীয় লোকে শিলাবৰ্ষণ কৰাৰ ফলত বহুকেইজন শিখ ধৰ্মাৱলম্বী লোক আহত হয় ৷
তথ্য অনুসৰি, এগৰাকী শিখ ধৰ্মাৱলম্বী যুৱতীক ইছলাম ধৰ্মলৈ ধৰ্মান্তৰকৰণ কৰি এজন মুছলিম যুৱকলৈ বিয়া দিয়া কাৰ্যৰ বিৰুদ্ধে শিখ ধৰ্মৰ লোকসকলে প্ৰতিবাদ কৰি আহিছিল ৷ ইয়াৰ ফলতে স্থানীয় লোকসকলৰ সৈতে শিখ ধৰ্মৰ লোকসকলৰ বিবাদ সৃষ্টি হৈছিল ৷
যুৱতীগৰাকীক বলপূৰ্বকভাৱে ধৰ্মান্তৰকৰণ কৰা বুলি অভিযোগ উত্থাপন হোৱা লোকজনৰ পৰিয়ালৰ লোকে এই আক্ৰমণৰ নেতৃত্ব প্ৰদান কৰা বুলি জানিব পৰা গৈছে ৷