কেইবাটাও বিবাদিত আৰু জটিল বিষয়ৰ ফলত ভাৰত আৰু চীনৰ মাজৰ দ্বিপাক্ষিক সম্পৰ্ক প্ৰত্যক্ষভাৱে সমস্যাৰে পৰিপূৰ্ণ । এনে অধিকাংশ বিষয়েই ভূখণ্ড কেন্দ্ৰিক । ইয়াৰ শেহতীয়া উদাহৰণ হ’ল ৪০০০ কিল’মিটাৰ দৈঘ্যৰ অবিভাজিত মূল নিয়ন্ত্ৰণ ৰেখা বা লাইন অৱ এক্সুৱেল কন্ট্ৰ’ল চমুকৈ এল অ’ এ চি ।
বৰ্তমান স্বাভাৱিকতে এই বিবাদিত এল অ’ এ চিত নিৰাপত্তাৰক্ষীৰ সংখ্যা অধিক হৈ পৰিছে । ভাৰতীয় সংবাদ মাধ্যমৰ বাতৰি অনুসৰি পূব লাডাখৰ পাঁচটা অঞ্চলৰ লগতে পাংগোং হ্ৰদৰ উত্তৰ পাৰ আৰু গালৱান নদীৰ উপত্যকাত বাৰশৰ পৰা পোন্ধৰশ চীনা পি এল এ সদস্য মুখামুখি হৈ আছে ৷
আশাৰ বতৰা এয়ে যে চীন বা ভাৰত দুয়ো পক্ষৰ ফালৰ পৰা চৰকাৰীভাৱে কোনোধৰণৰ উচতনিমূলক বক্তব্য প্ৰকাশ কৰা হোৱা নাই । কিন্তু ক্ৰমশঃ সংঘাত নিৰাময়ৰ বাবে এই দূৰদৃষ্টি আৰু নিয়ন্ত্ৰণ অক্ষুণ্ণ থাকিবনে?
এই ৰাজনৈতিক আৰু সামৰিক বিবাদ অব্যাহত থকাৰ মাজতে ভাৰতত কোভিড-১৯ ৰ লকডাউনৰ ফলত আবদ্ধ হৈ থকা চীনা নাগৰিকসকলক অহা সপ্তাহ অৰ্থাৎ জুনৰ প্ৰথমভাগত উদ্ধাৰ কৰিব বুলি বেইজিঙে ঘোষণা কৰিছে । বিশ্বৰ বিভিন্ন প্ৰান্তত লাখ লাখ চীনৰ নাগৰিক আবদ্ধ হৈ আছে যদিও ভাৰতত আবদ্ধ হৈ থকা কেইহাজাৰমান চীনা নাগৰিকৰ বাবে এয়া এক সুকীয়া পদক্ষেপ গ্ৰহণ কৰা বুলি চৰ্চিত হৈছে ।
যাৰ বাবে জনসংখ্যাৰ দিশৰ পৰা বিশ্বৰ এই দুখন বৃহৎ দেশৰ মাজত চলা বিবাদ আৰু বিতৰ্কৰ সময়খিনি পৰ্যালোচনাৰ বিষয়বস্তু হিচাপে বিবেচিত কৰা হৈছে । কি কাৰণত এই স্থবিৰতাৰ সৃষ্টি হ’ল আৰু অনাগত দিনত কি পৰিস্থিতিৰ সৃষ্টি হ’ব সেয়া বিচাৰ্য ।
ভাৰত আৰু চীনে ক্ৰমে ১৯৪৭ আৰু ১৯৪৯ চনত স্বাধীনতা লাভ কৰিছিল । যদিও ভাৰত আৰু চীন নিজৰ সাম্ৰাজ্যৰ ইতিহাস থকা পুৰণি সভ্যতা, তথাপি আধুনিক ৰাষ্ট্ৰ হিচাপে দুয়ো নতুন । ঔপনিৱেশিক শাসনে ঊনবিংশ শতিকাত দুয়োখন দেশৰ মানচিত্ৰৰো সলনি ঘটায় । পাৰস্পৰিক সিদ্ধান্তৰ দ্বাৰা নিৰ্ধাৰিত দুয়োখন দেশৰ মাজত থকা সীমাকলৈ কিন্তু বিবাদ এতিয়াও অব্যাহত আছে ।
১৯৬২ চনৰ অক্টোবৰত ভূখণ্ডক লৈ হোৱা মতানৈক্যৰ বাবেই দুয়োখন দেশৰ মাজত এখন যুদ্ধ হয় । কিন্তু কোনো সমাধান অবিহনে যুদ্ধৰ অৱসান ঘটে । এই অস্বাভাৱিকতা আৰু অস্থিৰতা বৰ্তমানেও অটুট আছে । যাৰ ফলত দেশ দুখনৰ এল অ’ এ চি আছে । এই নিয়ন্ত্ৰণৰেখা মূলতঃ ধাৰণাকেন্দ্ৰিক । যাৰ বাবে কিমান দূৰলৈকে সেনাবাহিনীয়ে পেট্ৰল কৰিব পাৰিব তাৰ বাবে এক দাবী সীমাৰেখা নিৰ্ধাৰণ কৰা হৈছে । গতিকে চীনৰ চি চি এল বা চাইনীজ ক্লেইম লাইন থকাৰ দৰে ভাৰতৰো আছে । এল অ’ এ চিকলৈ হোৱা দোদু্ল্যমান চূড়ান্ত ৰাজনৈতিক সিদ্ধান্তৰ বিপৰীতে বাস্তৱ সত্য সম্পূৰ্ণ পৃথক ।
বিগত সময়ত এল অ’ চি ত দুয়োখন দেশৰ সেনাবাহিনীৰ পেট্ৰলিঙে অস্থিৰ সময়ৰ সূচটনা কৰি থৈছে । কিন্তু দুয়ো পক্ষৰে কৃতিত্ব স্বৰূপে ৰাজীৱ গান্ধীৰ শাসনৰ সময়ত এক বুজাবুজিত উপনীত হয় আৰু প্ৰধানমন্ত্ৰী নৰসিমহা ৰাৱৰ (১৯৯৩) দিনত এই বুজাবুজিয়ে আনুষ্ঠানিক ৰূপ লাভ কৰে । যাৰ বাবে এল অ’ এ চিত যথেষ্ট সংখ্যক সৈন্য বাহিনী নিয়োগ কৰা সত্বেও বিগত ২৫ বছৰেদুয়ো ফালৰ পৰা এটাও গুলী ফুটোৱা হোৱা নাই । বিগত দশকত এল অ’ এ চিত তিনিটা প্ৰধান সামৰিক অস্থিৰতাৰ ঘটনাৰ সূচনা হৈছিল—ডেছপাং (২০১৩), ছুমাৰ (২০১৪) আৰু ডোকলাম (২০১৭) । কিন্তু আটাইকেইটা সংঘাতৰ ঘটনাই ৰাজনৈতিক আৰু কূটনৈতিক মাধ্যমেৰে সমাধান কৰা হৈছিল ।