অসম

assam

সীমান্তৰ সমস্যা সমাধানৰ বাবে চীন-ভাৰতৰ বৈঠক অব্যাহত

By

Published : Sep 11, 2020, 8:04 PM IST

শুকুৰবাৰে ভাৰতীয় সেনাৰ বিশেষ সূত্ৰই জনোৱা অনুসৰি, লাডাখৰ চুশুল অঞ্চলত ভাৰত আৰু চীনৰ বিগেড কামাণ্ডাৰৰ উচ্চস্তৰীয় বৈঠক অনুষ্ঠিত কৰা হৈছিল ৷ উক্ত বৈঠকখন ৰাতিপুৱা 11 বজাৰ পৰা আবেলি 3 বজালৈ অনুষ্ঠিত কৰা হৈছিল ৷ উক্ত বৈঠকত দুয়োখন দেশৰ সীমান্তৰ সমস্যাৰ লগতে সৈন্য বাহিনীৰ ওপৰত আলোচনা কৰা হৈছিল ৷

India, China militaries continue talks to ease heightened border tensions
সীমান্তৰ সমস্যা সমাধানৰ বাবে চীন-ভাৰতৰ বৈঠক অব্যাহত

নিউজ ডেস্ক,11 ছেপ্তেম্বৰ :জম্বু-কাশ্মীৰৰ লাডাখ অঞ্চলৰ গালৱান ঘাটিত চীন-ভাৰতৰ সংঘৰ্ষৰ পিচত বৰ্তমানেও দুয়োখন দেশৰ মাজত বৈঠক অব্যাহত আছে ৷ শুকুৰবাৰে ভাৰতীয় সেনাৰ বিশেষ সূত্ৰই জনোৱা অনুসৰি, লাডাখৰ চুশুল অঞ্চলত ভাৰত আৰু চীনৰ বিগেণ্ড কামাণ্ডাৰৰ উচ্চস্তৰীয় বৈঠক অনুষ্ঠিত কৰা হৈছিল ৷ উক্ত বৈঠকখন ৰাতিপুৱা 11 বজাৰ পৰা আবেলি 3 বজালৈ অনুষ্ঠিত কৰা হৈছিল ৷ উক্ত বৈঠকত দুয়োখন দেশৰ সীমান্তৰ সমস্যাৰ লগতে সৈন্য বাহিনীৰ ওপৰত আলোচনা কৰা হৈছিল ৷

যদিওবা ভাৰতীয় আৰু চীনা সৈন্যই বৰ্তমানেও উক্ত অঞ্চলত মাত্ৰ কিছু কিলোমিটাৰ আঁতৰত দেশ দুখনক নিৰাপত্তা প্ৰদান কৰি আহিছে তথাপিও চীনা সৈন্যই উক্ত স্থানৰ পৰা ভাৰতীয় সৈন্যক আঁতৰাবলৈ চেষ্টা অব্যাহত ৰখা বুলি বিশেষ সূত্ৰই প্ৰকাশ কৰিছে ৷

আনহাতে,কেন্দ্ৰীয় প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙে সুৰক্ষা বাহিনীৰ প্ৰমূখ আৰু কৰ্মচাৰী সকলক লৈ উক্ত বিষয় সন্দৰ্ভত এখন গুৰুত্বপূৰ্ণ বৈঠকত অংশগ্ৰহণ কৰিছিল ৷ উল্লেখ্য যে,চীন আৰু ভাৰতৰ বিদেশ মন্ত্ৰীৰ বৈঠকৰ অন্তিম দিনাই উক্ত বৈঠকখন অনুষ্ঠিত কৰা হৈছিল ৷ য'ত দীৰ্ঘ সময়লৈ সীমান্তৰ সমস্যা সন্দৰ্ভত আলোচনা কৰা হৈছিল ৷

ইফালে,বৃহস্পতিবাৰে দুয়োখন দেশে লাডাখৰ পূৱ অঞ্চলৰ সমস্যা সমাধানৰ বাবে দীৰ্ঘ সময়ৰ অন্তত 'পাচ বিন্দু যোজনা'নামৰ এখন দস্তাবেজত সহমতি প্ৰকাশ কৰিছে ৷ সহমতি প্ৰকাশ কৰা দস্তাবেজখনত সীমান্তত সকলো ধৰণৰ নীতি-নিয়ম মানি চলা,শান্তি আৰু অখণ্ডতা বৰ্তাই ৰখা আৰু উদ্ভৱ হ'ব পৰা যিকোনো পৰিস্থিতি বুজাবুজিৰ মাজেৰে মোকাবিলা কৰিব বুলি দুয়োখন দেশে সহমত প্ৰকাশ কৰে ৷

উল্লেখ্য যে,ভাৰত আৰু চীনৰ পূৱ লাডাখ সীমান্তত বিগত 4 মাহৰ পৰাই LAC সন্দৰ্ভত বাৰ্তালাপ অব্যাহত আছে কিন্তু প্ৰাপ্ত তথ্য আৰু সংবাদৰ ভিত্তিত বৰ্তমানলৈ কোনো ধৰণৰ সিদ্ধান্তত উপনীত হ'ব পৰা নাই দুয়োখন দেশে ৷

লগতে পঢ়ক : কৰ'ণা মহামাৰীঃ পূৰ্বৰ দৰে উচাহ নাই কৰিমগঞ্জৰ মৃন্ময় শিল্পীৰ

ABOUT THE AUTHOR

...view details