অসম

assam

শীঘ্ৰেই ভাৰত-চীনৰ মাজত হ'ব পৰৱৰ্তী সামৰিক আলোচনা

By

Published : Jan 23, 2021, 1:34 PM IST

পৰৱৰ্তী সামৰিক আলোচনাত মিলিত হোৱাত সন্মতি প্ৰকাশ কৰিছে ভাৰত আৰু চীনে । বিগত ৮ মাহ ধৰি কেইবাবাৰো সামৰিক আৰু কূটনৈতিক আলোচনাত মিলিত হোৱাৰ পিছতো দুয়ো পক্ষই পূৱ লাডাখত আৰম্ভ হোৱা বিবাদ সম্পূৰ্ণৰূপে অন্ত পেলোৱাত ব্যৰ্থ হৈছে ।

শীঘ্ৰেই ভাৰত-চীনৰ মাজত হ'ব পৰৱৰ্তী সামৰিক আলোচনা
শীঘ্ৰেই ভাৰত-চীনৰ মাজত হ'ব পৰৱৰ্তী সামৰিক আলোচনা

নিউজ ডেস্ক, ২৩ জানুৱাৰী: শীঘ্ৰেই জ্যেষ্ঠ কামাণ্ডাৰ পৰ্যায়ৰ বৈঠকত মিলিত হ'ব ভাৰত আৰু চীন । শুকুৰবাৰে এই তথ্য প্ৰকাশ কৰিলে ভাৰতৰ বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ে । বিগত ৮ মাহ ধৰি পূৱ লাডাখক লৈ সূত্ৰপাত হোৱা বিবাদ সন্দৰ্ভত দুয়োখন দেশে কেইবাখনো বৈঠকত মিলিত হৈছে । পৰৱৰ্তী বৈঠক সন্দৰ্ভত উভয় পক্ষই কূটনৈতিক আৰু সামৰিক পৰ্যায়ত যোগাযোগ অব্যাহত ৰাখিছে ।

বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ৰ মুখপাত্ৰ অনুৰাগ শ্ৰীবাস্তৱে প্ৰকাশ কৰিছে যে, সীমা বিবাদ বিষয়ক আলোচনাৰ বাবে পুনৰ বৈঠকত মিলিত হ'বলৈ সন্মতি প্ৰকাশ কৰিছে ভাৰত আৰু চীনে । বিগত বৰ্ষৰ ৬ নৱেম্বৰত অনুষ্ঠিত হোৱা বৈঠকত ভাৰত আৰু চীনে সীমান্তৰ কিছুমান বিশেষ স্থানৰ পৰা নিজ নিজ সেনাক আঁতৰোৱা সন্দৰ্ভত বিশদভাৱে আলোচনা কৰিছিল । পূৱ লাডাখত ভাৰত আৰু চীনৰ সেনাৰ মাজত সংঘৰ্ষ আৰম্ভ হোৱাৰ পূৰ্বৰে পৰা চীনৰ সেনাই সীমান্তৰ এনে কিছুমান স্থানত অৱস্থান কৰিবলৈ লৈছিল, যিবোৰ স্থানত অৱস্থান কৰাত অনুমতি লাভ কৰা নাছিল দুয়োখন দেশৰ সেনাই ।

চীনা সেনাই নিৰ্ধাৰিত স্থানতকৈ আগবাঢ়ি অহাৰ পিছতে সংঘৰ্ষ আৰম্ভ হৈছিল । যোৱা বৈঠকত ভাৰতে সীমান্তৰ পাহাৰীয়া অঞ্চলৰ পৰা চীনা সৈন্য আঁতৰোৱাৰ বাবে দাবী জনাইছিল । যোৱা সপ্তাহত চীফ অৱ আৰ্মি ষ্টাফ জেনেৰেল এম এম নাৰাৱানে ভাৰতৰ ফালৰ পৰা চীনক জনায় যে, পূৱ লাডাখৰ সমস্যা সমাধানৰ বাবে ভাৰত প্ৰতিশ্ৰুতিবদ্ধ, কিন্তু দুয়োখন দেশেই ধৈৰ্য পৰীক্ষাৰ ক্ষেত্ৰত ভুল কৰা অনুচিত ।

ষষ্ঠ সামৰিক বৈঠকত দুয়োখন দেশেই নিজ নিজ সেনাই আগুৱাই নপঠিয়াবলৈ সিদ্ধান্ত লয় । বিগত বৰ্ষৰ ৫ ছেপ্টেম্বৰত মস্কোত অনুষ্ঠিত এই বৈঠকখনত বৈদেশিক পৰিক্ৰমা মন্ত্ৰী এছ জয়শংকৰ আৰু চীনৰ বৈদেশিক পৰিক্ৰমা মন্ত্ৰী ৱাং য়েই অংশ লৈছিল ।

লগতে পঢ়ক:অৰুণাচলৰ উজনি সোৱণশিৰিৰ পিচত এইবাৰ টাৱাঙত চীনৰ বিৰুদ্ধে প্ৰতিবাদ

ABOUT THE AUTHOR

...view details