অসম

assam

ETV Bharat / bharat

পৰিবেশ সংৰক্ষণঃ ভাৰত আৰু চীনৰ সফলতা

জনসংখ্যা বিস্ফোৰণৰ বিপৰীতে বৃদ্ধি পাইছে সেইজীয়া ভূমি

India

By

Published : Feb 14, 2019, 11:16 AM IST


নতুন দিল্লী,১৪ ফেব্ৰুৱাৰী : পৰিবেশ সংৰক্ষণৰ দিশত ভাৰত আৰু চীনৰ বিশেষ সফলতা । বিগত ২০ বছৰৰ তুলনাত উদ্ভিদ কূলৰ বৃদ্ধিয়ে দৃষ্টি কাঢ়িছে পৃথিৱীৰ আগশাৰীৰ বিজ্ঞানীসকলৰ । সমগ্ৰ পৃথিৱীত দুটা দশকত ৫ শতাংশ সেউজীয়া ভূমি বৃদ্ধি ।

নাছাই ১১ ফেব্ৰুৱাৰীত প্ৰকাশ কৰা তথ্য অনুসৰি পৃথিৱীৰ সৰ্বাধিক জনসংখ্যা থকা দুয়োখন দেশতে বৃদ্ধি পাইছে উদ্ভিদ কূলৰ । ব'ষ্টন বিশ্ববিদ্যালয়ৰ পৃথিৱী আৰু পৰিবেশ বিভাগৰ বিজ্ঞানী চী চেন আৰু নাছাৰ বিজ্ঞানী ৰামা নেমানিয়ে কৰা এক অধ্যয়নত পোহৰলৈ আহিছে এই কথা ।নাছাই বিগত ২০ টা বছৰত দুটাকৈ কৃত্ৰিম উপগ্ৰহৰ পৰা মডাৰেট ৰিজ'লিউশ্বন ইমাজিন স্পেকট্ৰ'ৰেডিমিটাৰ নামৰ যন্ত্ৰৰ জৰিয়তে লাভ কৰা তথ্যৰ ভিত্তিত এই কথ প্ৰকাশ কৰিছে । এই সমগ্ৰ তথ্য প্ৰকাশ কৰা হৈছে নেচাৰ চাচটেনেবিলিটি নামৰ এখন জাৰনেলত । অধ্যয়নত প্ৰকাশ পোৱা অনুসৰি ২০ টা বছৰত জনসংখ্যা বৃদ্ধিৰ ফলত দুয়োখন দেশতে হ্ৰাস পাই আহিছে কৃষিভূমিৰ লগতে বনাঞ্চলৰ । ইয়াৰ বিপৰীতে উন্নত কৃষি পদ্ধতিৰ ব্যৱহাৰেৰে বৃদ্ধি পাইছে কৃষি উৎপাদন । বিগত দুটা দশকত কৃষি ভূমি বৃদ্ধি নোহোৱাৰ বিপৰীতে দুয়োখন দেশতে বৃদ্ধি পাইছে বিভিন্ন কৃষিজাত সামগ্ৰীৰ উৎপাদন । গৱেষক সকলে প্ৰকাশ কৰা অনুসৰি সকলো দেশৰে পৰিবেশ সংৰক্ষণৰ ক্ষেত্ৰত পৃথক পৃথক দায়িত্ব আছে । সকলো ধৰণৰ প্ৰত্যাহবান নেওচি এই ধৰণৰ সফলতা অৰ্জন কৰা বাবে ভাৰত আৰু চীনৰ জনসাধাৰণক প্ৰশংসা কৰে বৈজ্ঞানিক সকলে । পৰিবশে সংৰক্ষণৰ বাবে দেশ দুখনৰ নাগৰিক সজাগ হোৱা বাবে আৰু দেশৰ বিভিন্ন ঠাইত হোৱা গছ পুলি ৰোপন তথা কৃষি পদ্ধতিৰ উন্নয়নৰ বাবে এয়া সম্ভৱ হৈছে বুলিও প্ৰকাশ পাইছে গৱেষকসকলৰ তথ্যত । পশ্চিমীয়া ৰাষ্ট্ৰ সমূহৰ সমালোচনাৰ বিপৰীতে ভাৰত আৰু চীনে সফলতাৰে পৰিবেশ সংৰক্ষণৰ ক্ষেত্ৰত নিজৰ দায়িত্ব পালন কৰি অহা বুলিও এই তথ্যত প্ৰকাশ কৰা হয় ।

ABOUT THE AUTHOR

...view details