নিউজ ডেস্ক, 8 নৱেম্বৰ :ভাৰত-চীনৰ মাজৰ উত্তৰ লাডাখত শনিবাৰে অনুষ্ঠিত হৈ যায় কামাণ্ডাৰ পৰ্যায়ৰ বৈঠক অনুষ্ঠিত হৈ যোৱাৰ পিচতেই প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে প্ৰতিৰক্ষা মন্ত্ৰালয়ে ৷ প্ৰতিৰক্ষা মন্ত্ৰালয়ে জনোৱা অনুসৰি, অষ্টমলানি কামাণ্ডাৰ পৰ্যায়ৰ বৈঠক অনুষ্ঠিত হৈ যোৱাৰ পিচতো দুয়োখন দেশৰ মাজৰ সীমান্ত ব্যৱস্থাপনাৰ বাবে আলোচনা অনুষ্ঠিত হৈ থাকিব ৷
লগতে পঢ়ক :প্ৰাক্তন ভাৰতীয় সেনা জোৱানক সাহাৰ্য্য প্ৰদান সেনাধ্যক্ষৰ
প্ৰকৃত নিয়ন্ত্ৰণৰেখাত উদ্ভৱ হোৱা সমস্যাৰ বাবে দুয়োপক্ষৰ মাজত ইতিমধ্যে অষ্টমখন বৈঠক সম্পন্ন হৈ গৈছে ৷ দুয়োপক্ষৰ সেনাৰ কামাণ্ডাৰ পৰ্যায়ৰ এই বৈঠকত সামৰিক আৰু আমোলাতান্ত্ৰিক পৰ্যায়ত আলোচনা অনুষ্ঠিত কৰি সীমা সমস্যাৰ সমাধানৰ বাবে চেষ্টা কৰি থকা হৈছে ৷
অষ্টমলানি আলোচনাত প্ৰথমবাৰৰ বাবে অংশগ্ৰহণ কৰে লেফ. জেন. পিজিকে মেননে ৷ আলোচনাত বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ৰ যুটীয়া সচিব নবীন শ্ৰীবাস্তৱো উপস্থিত আছিল ৷
লগতে পঢ়ক :লাডাখৰ ভাৰত-চীনৰ কামাণ্ডাৰ পৰ্যায়ৰ অষ্টমলানি বৈঠক সমাপ্ত