নিউজ ডেস্ক, ২১ জুনঃকেন্দ্ৰীয় শাসিত অঞ্চল লাডাখত চীনা সৈন্যৰ প্ৰৱেশ সন্দৰ্ভত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে কৰা মন্তব্যক কটু সমালোচনা কৰে বামপন্থী দলৰ নেতাসকলে । লাডাখত চীনা সৈন্য প্ৰৱেশ কৰা নাছিল বুলি প্ৰধানমন্ত্ৰীয়ে মন্তব্য কৰাৰ পাছতে সৰৱ হৈ পৰে বামপন্থী দলসমূহ । সাম্প্ৰতিক সময়ৰ এই গুৰুতৰ বিষয়ক লৈ মোডীয়ে কৰা মন্তব্যক বামপন্থী নেতাসকলে 'পৰস্পৰ বিৰোধী' (ambivalent) বুলি অভিহিত কৰি প্ৰথমে নিজৰ মনটোক শক্তিশালী কৰিবলৈ আহ্বান জনায় ।
লাডাখৰ গালৱান উপত্যকাত কোনো সৈন্য প্ৰৱেশ কৰা নাছিল আৰু কোনোৱে সেনা চাৱনি ঘেৰাও কৰা নাছিল বুলি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে উল্লেখ কৰিছিল । ভাৰত-চীন সীমান্তক লৈ নতুন দিল্লীত অনুষ্ঠিত হোৱা সৰ্বদলীয় বৈঠকত কৰা এই মন্তব্যৰ পাছতেই বামপন্থী দলৰ নেতাসকলৰ সমালোচনাৰ সম্মুখীন হয় মোডী । তেওঁলোকে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীক এই হাস্যকৰ বাখ্যা (mischievous interpretation) নকৰিবলৈ আহ্বান জনায়।
"কোনো ধৰণৰ মন্তব্য প্ৰকাশৰ পূৰ্বে প্ৰধানমন্ত্ৰীয়ে প্ৰথমে নিজৰ মনটো স্থিৰ কৰিব লাগে । সকলো ৰাজনৈতিক দলক বিভ্ৰান্ত কৰা তথা কূটনৈতিক আলোচনাত আন দলসমূহৰ অৱস্থান দুৰ্বল কৰাটো উচিত নহয় । সৰ্বদলীয় বৈঠকত নৰেন্দ্ৰ মোডীয়ে কৰা মন্তব্যৰ কোনো অৰ্থ নাই । এই গুৰুতৰ বিষয়ক লৈ প্ৰধানমন্ত্ৰীয়ে কৰা মন্তব্যক আমি কেনেদৰে বিশ্বাস কৰিব পাৰো" বুলি প্ৰশ্ন উত্থাপন কৰে বামপন্থী সকলে ।