ভাৰত আৰু চীন পূৱ লাডাখ সীমান্তত এক ৰক্তাক্ত সংঘাতত লিপ্ত হোৱা আৰু দক্ষিণ চীন সামুদ্ৰিক এলেকাত বেইজিঙৰ সম্প্ৰসাৰণবাদী নীতি ক্ৰমশঃ বাঢ়ি অহাৰ মাজতে আমেৰিকা যুক্তৰাষ্ট্ৰৰ এজন জ্যেষ্ঠ কূটনীতিবিদে কয় যে ভাৰতবৰ্ষ ৱাশ্বিংটনৰ ইণ্ডো-পেচিফিক ৰণনৈতিক কৌশলৰ মধ্যমণি হৈয়ে থাকিব ৷
সম্প্ৰতি চলি থকা, “ইউ এছ-ইণ্ডিয়া ষ্ট্ৰেটেজিক পাৰ্টনাৰশ্বিপ ফ’ৰাম” (ইউ এছ আই এছ পি এফ)ৰ দাৰা আয়োজিত “ইউ এছ-ইণ্ডিয়াঃ নেভিগেটিং নিউ ছেলেঞ্জেছ” শিৰোনাম শীৰ্ষক সপ্তাহজোৰা এক আলোচনাত ভাগ লৈ যুক্তৰাষ্ট্ৰৰ ৰাষ্ট্ৰীয় উপ সচিব ষ্টিফেন বিগানে কয় যে ৱাশ্বিংটনৰ নতুন ইণ্ডো-পেচিফিক ৰণ কৌশলত আধুনিক পৃথিৱীখনৰ বাস্তৱ ছবিবোৰ প্ৰতিফলিত হৈছে আৰু ইণ্ডো-পেচিফিক ৰণ কৌশল গণতন্ত্ৰসমূহৰ ওপৰত কেন্দ্ৰিত ৷
“ই মুক্ত বজাৰসমূহৰ ওপৰত গুৰুত্ব আৰোপ কৰে” বিগানে সোমবাৰে এইদৰে কয় ৷“ই ভাৰতবৰ্ষৰ চৰকাৰ তথা ভাৰতীয় লোকসকল আৰু আমেৰিকা যুক্তৰাষ্ট্ৰৰ চৰকাৰ তথা আমেৰিকা যুক্তৰাষ্ট্ৰৰ লোকসকলৰ মাজত থকা সম্পৰ্কৰ প্ৰমূল্যবোধৰ ওপৰত কেন্দ্ৰীভূত আৰু ইয়াক সফল কৰি তুলিবলৈ হ’লে আমি এই এলেকাটোত সকলো স্তৰত সহযোগিতা স্থাপন কৰিব লাগিব ৷ ইয়াত অৰ্থব্যৱস্থাৰ স্তৰ, সুৰক্ষা সহযোগিতাৰ স্তৰ অন্তৰ্ভুক্ত থাকিব আৰু ইয়াক সফল কৰি তুলিবলৈ হ’লে ভাৰতবৰ্ষক এই ৰণনৈতিক কৌশলৰ মধ্যমণি হিচাপে ল’ব লাগিব ৷ সেয়ে মোৰ ধাৰণা, এই ৰণনৈতিক কৌশলৰ বাবে আমেৰিকা যুক্তৰাষ্ট্ৰ যিমান গুৰুত্বপূৰ্ণ; এই ক্ষেত্ৰত ভাতৰবৰ্ষ আমাৰ কাষত থিয় নিদিলে ই সফল হৈ নুঠিব ৷”
জাপানৰ পূৱ উপকুলৰ পৰা আফ্ৰিকাৰ পূৱ উপকুললৈকে বিস্তৃত হৈ থকা ইণ্ডো-পেচিফিক অঞ্চলটোৰ বিষয়ে জাপানৰ প্ৰধান মন্ত্ৰী শ্বিন জু আবেয়ে ২০০৬-০৭ চনত তেওঁৰ প্ৰথমটো কাৰ্যকালৰ সময়ত প্ৰথমবাৰৰ বাবে উল্লেখ কৰিছিল ৷ লাডাখত ভাৰত আৰু চীনা সৈন্য বাহিনীৰ মাজত ৪৫ বছৰৰ মূৰত প্ৰথমবাৰৰ বাবে সংঘটিত হোৱা এক ৰক্তাক্ত সংঘাতৰ সময় চোৱাতে বিগানৰ মন্তব্য প্ৰকাশ পাইছে ৷ উল্লেখ্য যে, উক্ত সংঘাতত দুয়ো পক্ষৰে ভালে সংখ্যক সৈন্য নিহত হৈছিল৷ ইয়াৰ মাজতে, বিগত মাহত দক্ষিণ চীন সাগৰত চীনে গ্ৰহণ কৰা আধিপত্যবাদী ভূমিকাৰ বাবে আমেৰিকাই কেইবাগৰাকী চীনা ব্যক্তিৰ ওপৰত ভিজা প্ৰতিবন্ধকতা আৰোপ কৰিছে লগতে কেইবাটাও সংস্থাৰ ওপৰত নিষেধাজ্ঞাও আৰোপ কৰিছে ৷
জুলাই মাহত “চাইনীজ পিপলছ লিবাৰেশ্বন আৰ্মি” (পি এল এ)ৰ নৌ সেনাই স্থল আৰু জলজ, উভয়তে আক্ৰমণ কৰিব পৰা গতিবিধিৰে দক্ষিণ চীন সাগৰত নৌ সেনা সামৰিক কুচকাৱাজ সম্পন্ন কৰে ৷ পাৰাচেল দ্বীপসমূহৰ আশে পাশে চীনৰ শেহতীয়া গতিবিধিসমূহৰ বিৰুদ্ধে প্ৰতিৰোধ গঢ়ি তুলিবলৈ আমেৰিকা যুক্তৰাষ্ট্ৰই দক্ষিণ চীন সাগৰত তিনিখন পাৰমাণৱিক ইন্ধনেৰে চালিত যুঁজাৰু বিমানবাহী জাহাজ মোতায়েন কৰিছে ৷ চীন, অঞ্চলটোৰ আন আন দেশসমূহৰ লগতো দক্ষিণ চীন সাগৰৰ স্পাৰ্টলি আৰু পাৰাচেল দ্বীপসমূহৰ অধিকাৰকলৈ বিবাদত জৰিত হৈ আছে ৷ স্পাৰ্টলি দ্বীপসমূহৰ ওপৰত দাবী জনোৱা আন আন দাবীদাৰসমূহ হ’ল ব্ৰুণেই, মালয়েছীয়া, ফিলিপিনছ, টাইৱান আৰু ভিয়েটনাম ৷ আনহাতে ভিয়েটনাম আৰু টাইৱানে পাৰাচেল দ্বীপসমূহ ওপৰতো দাবী জনায় আহিছে ৷ ২০১৬ চনত, হে’গ স্থিত “পাৰ্মানেন্ট কৰ্ট অৱ আৰ্বিট্ৰেশ্বনে” ৰায়দান কৰে যে চীনে বাণিজ্যৰ ক্ষেত্ৰত পৃথিৱীৰ অন্যতম ব্যস্ত মাল সৰবৰাহী জলপথ দক্ষিণ চীন সাগৰত ফিলিপিনছৰ অধিকাৰক খৰ্ব কৰিছে ৷ আদালত খনে চীনৰ বিৰুদ্ধে দক্ষিণ চীন সাগৰৰ বিবাদিত স্থানত কৃত্ৰিম দ্বীপ নিৰ্মাণ কৰি ফিলিপিনছৰ মাছ ধৰা কাৰ্য আৰু পেট্ৰ’লিয়াম অনুসন্ধানত হস্তক্ষেপ কৰা আৰু অঞ্চলটোত চীনা মাছমৰীয়া সকলক মাছ ধৰাত বাধা দিয়াত অসফল হোৱা বুলি অভিযোগ দিছে ৷
জুলাইত ভিয়েটনাম আৰু ফিলিপিনছে পুনৰ চীনে নিয়মীয়াকৈ দক্ষিণ চীন সাগৰত সামুদ্ৰিক আইন উলংঘা কৰাক লৈ উদ্দিগ্নতা প্ৰকাশ কৰে ৷ ইয়াৰ বাদেও বেইজিং, পূৱ চীন সমু্দৰ ছেনকাকু দ্বীপসমূহৰ অধিকাৰক লৈ টকিঅ’ৰ সৈতে এক বিবাদত জড়িত হৈ আছে ৷ উল্লখ্য যে চীনে ছেনকাকু দ্বীপসমূহক ‘ডিয়াও’ দ্বীপ বুলি কয় ৷ বিগানে কয় যে “ভাৰতবৰ্ষই ইণ্ডো-পেচিফিক ৰণনৈতিক কৌশলক আগুৱাই নিয়াৰ ক্ষেত্ৰত নিজৰ অনুদানৰ বাবে এক সাংঘাটিক নেতৃত্ব আৰু আগ্ৰহ প্ৰকাশ কৰিছে ৷”