অসম

assam

ETV Bharat / bharat

LoCৰ সন্ত্ৰাসবাদী ঘাটিত আক্ৰমণ চলাইছে ভাৰতেঃ প্ৰতিৰক্ষা মন্ত্ৰী - সন্ত্ৰাসবাদীৰ ঘাটি ভাৰতীয় সেনাই ধ্বংস কৰিছে

ভাৰতৰ প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙে দেওবাৰে এক সাক্ষাৎকাৰত কয় যে,ভাৰতীয় সেনাই "লক্ষ্য অনুযায়ী" LoC ত থকা সন্ত্ৰাসবাদী ঘাটিত আক্ৰমণ কৰিছে । ভাৰতত প্ৰৱেশৰ পূৰ্বেই সন্ত্ৰাসবাদী সকলক খেদি পঠিওৱা হৈছে ।

LoC ৰ সন্ত্ৰাসবাদী ঘাটিত আক্ৰমণ চলাইছে ভাৰতেঃ প্ৰতিৰক্ষা মন্ত্ৰী
LoC ৰ সন্ত্ৰাসবাদী ঘাটিত আক্ৰমণ চলাইছে ভাৰতেঃ প্ৰতিৰক্ষা মন্ত্ৰী

By

Published : Apr 20, 2020, 4:50 PM IST

নতুন দিল্লী, 20 এপ্ৰিলঃ LoC ত থকা সন্ত্ৰাসবাদী ঘাটি সমূহক লক্ষ কৰি ভাৰতীয় সেনাই আক্ৰমণ চলাইছে বুলি জানিবলৈ দিছে দেশখনৰ প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙে । জম্মু কাশ্মীৰত সীমান্তত থকা সন্ত্ৰাসবাদী ঘাটি সমূহ উৎখাত কৰাৰ উদ্দেশ্যেৰে এই আক্ৰমণ কৰিছে ।

সংবাদ মাধ্যমৰ সৈতে হোৱা সাক্ষাৎকাৰত ৰাজনাথ সিঙে কয় যে,কৰ'ণা ভাইৰাছৰ বাবে হোৱা সংকটময় সময়তো দেশৰ সুৰক্ষাৰ দায়িত্বত থকা জোৱানসকলে গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰি আহিছে। মহামাৰীৰ সময়চোৱাতো বিগত কেইবা সপ্তাহ ধৰি পাকিস্তানে যুদ্ধবিৰতি উলংঘা কৰিছে আৰু সন্ত্ৰাসবাদীক জম্মু-কাশ্মীৰ সীমান্তৰে ভাৰতত প্ৰৱেশ কৰাৰ সুবিধা কৰি দিছে । কিন্তু ভাৰতীয় সেনায়ো ইয়াৰ বাবে পূৰ্ণ সাজু হৈ আছে আৰু যোৱা দুসপ্তাহ মানৰ পৰা অভিযান চলাই সন্ত্ৰাসবাদীৰ ঘাটিক লক্ষ্য কৰি আক্ৰমণ চলোৱা হৈছে ।

ভাৰতীয় সেনাৰ এক সূত্ৰই জনোৱা মতে পাকিস্তানৰ ফালে থকা বহু কেইটা সন্ত্ৰাসবাদীৰ ঘাটি ভাৰতীয় সেনাই ধ্বংস কৰিছে আৰু ভাৰতৰ সীমান্তত প্ৰৱেশ কৰিব বিচৰা বহু সন্ত্ৰাসবাদী পলাই গৈছে ।

সেনাই আগবঢ়োৱা তথ্যই মতে 2019 বৰ্ষত পাকিস্তানে 16 বছৰৰ ভিতৰত সৰ্বাধিক বাৰৰ বাবে যুদ্ধবিৰতি উলংঘা কৰিছিল । এই সময়চোৱাত যুদ্ধবিৰতি উলংঘাৰ মুঠ সংখ্যা আছিল 3,200 বাৰ । আনহাতে 2018 চনৰ আগষ্টৰ পৰা ডিচেম্বৰলৈ মুঠ 1565 বাৰ যুদ্ধবিৰতি ভংগ কৰিছিল দেশখনে ।

লগতে চাওকঃ লক ডাউন ভংগ কৰি পশ্চিম কাৰ্বি আংলঙৰ খেৰণিত ৰাইজৰ ভিৰ

ABOUT THE AUTHOR

...view details