অসম

assam

ETV Bharat / bharat

নাগৰিকত্ব সংশোধনী আইনৰ প্ৰতিবাদে দহিছে সমগ্ৰ দেশক

নাগৰিকত্ব সংশোধনী আইনৰ প্ৰতিবাদৰ ফলত হিংসাত্মক ঘটনা বৃদ্ধি পাইছে উত্তৰ প্ৰদেশত ৷ ফলত ৰাজ্যখনত 19 ডিচেম্বৰৰ পৰা 144 ধাৰা জাৰি কৰা হৈছে ৷

হিংসাত্মক প্ৰতিবাদ
নাগৰিকত্ব সংশোধনী আইনৰ বিৰুদ্ধে প্ৰতিবাদ

By

Published : Dec 20, 2019, 9:49 AM IST

নেশ্যনেল ডেস্ক, 20 ডিচেম্বৰ : শেহতীয়াকৈ দেশৰ অন্য প্ৰান্তৰ দৰে নাগৰিকত্ব সংশোধনী আইনৰ ফলত বৃদ্ধি পোৱা হিংসাত্মক পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি উত্তৰ প্ৰদেশতো জাৰি কৰা হৈছে 144 ধাৰা ৷ ইয়াৰ ফলত বৃহস্পতিবাৰৰ পৰা ৰাজ্যখনত গণ সমাৱেশত কোনো লোকে অংশগ্ৰহণ কৰিব নোৱাৰিব ৷

উত্তৰ প্ৰদেশৰ ডিজিপি অ. পি. সিঙে টুইটাৰৰ জৰিয়তে মন্তব্য কৰে যে, ৰাজ্যখনত 144 ধাৰা জাৰি কৰা হৈছে আৰু 19 ডিচেম্বৰৰ পৰা গণ সমাৱেশত অংশগ্ৰহণ কৰাত বাধা প্ৰদান কৰা হৈছে ৷ নিজৰ সন্তানক এই পৰামৰ্শ দিবলৈ অভিভাৱকক অনুৰোধ জনাই ডিজিপি গৰাকীয়ে ৷

উল্লেখ্য যে, বৃহস্পতিবাৰে সমাজবাদী দলে নাগৰিকত্ব সংশোধনী আইনৰ বিৰুদ্ধে ৰাজ্যজুৰি প্ৰতিবাদৰ কথা ঘোষণা কৰে ৷ দলৰ সভাপতি অখিলেশ যাদৱে কয় যে, তেওঁৰ দলে প্ৰতিবাদ কৰি যাব আৰু দলৰ প্ৰতিজন সদস্যকে এই প্ৰতিবাদত অংশগ্ৰহণ কৰিবলৈ নিৰ্দেশ প্ৰদান কৰা হৈছে ৷

সমাজবাদী দলৰ উপৰিও বহুকেইটা ইছলাম ধৰ্মাৱলম্বী দলেও এই প্ৰতিবাদত অংশগ্ৰহণ কৰে ৷ এই দলসমূহে মন্তব্য কৰে যে, নাগৰিকত্ব সংশোধনী আইনৰ জৰিয়তে তেওঁলোকৰ নাগৰিকত্ব খৰ্ব কৰাৰ চক্ৰান্ত চলিছে ৷

উত্তৰ প্ৰদেশৰ মৌ জিলাত মঙলবাৰে এই আইনৰ বিৰুদ্ধে হিংসাত্মক প্ৰতিবাদ পৰিলক্ষিত হৈছিল ৷ আৰক্ষী বিভাগ আৰু প্ৰতিবাদকাৰীৰ মাজৰ সংঘৰ্ষ হোৱাৰ ফলত বহু লোক আহত হৈছিল ৷

নাগৰিকত্ব সংশোধনী আইনৰ বিৰুদ্ধে প্ৰতিবাদ

ইয়াৰোপৰি, 19 আৰু 20 ডিচেম্বৰত শীতৰ বাবে উত্তৰ প্ৰদেশ চৰকাৰে বিদ্যালয় আৰু মহাবিদ্যালয়সমূহ বন্ধ ঘোষণা কৰিছে ৷ আনহাতে, উত্তৰ প্ৰদেশ বৰ্ডৰ এই দুদিনৰ পৰীক্ষাসমূহৰ দিনো পুনৰ ধাৰ্য কৰা হ'ব৷

নাগৰিকত্ব সংশোধনী আইনৰ বিৰুদ্ধে প্ৰতিবাদ

এজন জ্যেষ্ঠ আৰক্ষী বিষয়াই জানিবলৈ দিয়া অনুসৰি, চ'ছিয়েল মিডিয়াৰ জৰিয়তে কোনো লোকে অশান্তিৰ সৃষ্টি কৰাৰ চেষ্টা কৰিলে ইন্টাৰনেট বাতিল কৰাই অন্তিম বিকল্প হ'ব ৷

আৰু পঢ়ক : গোলাঘাটত নাগৰিকত্ব সংশোধনী আইনৰ বিৰুদ্ধে কংগ্ৰেছৰ প্ৰতিবাদ

For All Latest Updates

ABOUT THE AUTHOR

...view details