নেশ্যনেল ডেস্ক, 18 জুন : বুধবাৰে শক্তিশালী ৰাষ্ট্ৰসংঘৰ সুৰক্ষা পৰিষদৰ অস্থায়ী সদস্য পদ দুবছৰৰ বাবে লাভ কৰিছে ভাৰতে ৷ সাধাৰণ পৰিষদৰ 193 সদস্য পদৰ 184 টা ভোট ভাৰতবৰ্ষই লাভ কৰিবলৈ সক্ষম হয় ৷
ভাৰতৰ লগতে আয়াৰলেণ্ড, মেক্সিকো আৰু নৰৱে'ই লাভ কৰিছে এই সদস্য পদ ৷ এই নিৰ্বাচনত উপস্থিত আছিল 192 সদস্য ৰাষ্ট্ৰ ৷ সংখ্যাগৰিষ্ঠতাৰ বাবে প্ৰয়োজন আছিল 128 টা ভোট ৷ ভাৰতে 184 টা ভোট লাভ কৰাৰ পৰিৱৰ্তে কানাডা নিৰ্বাচনত পৰাস্ত হয় ৷
সদস্য ৰাষ্ট্ৰসমূহে ভাৰতক 2021-22 চনৰ অস্থায়ী সদস্য পদৰ বাবে অভূতপূৰ্ব সমৰ্থনেৰে নিৰ্বাচিত কৰে ৷ 1 জানুৱাৰীৰ পৰা ভাৰতে সুৰক্ষা পৰিষদৰ অস্থায়ী সদস্য হিচাপে কাৰ্যনিৰ্বাহ কৰিব ৷ উল্লেখ্য যে, সুৰক্ষা পৰিষদৰ স্থায়ী সদস্য পদ লাভ কৰা দেশসমূহ হৈছে চীন, ফ্ৰান্স, ৰাছিয়া, গ্ৰেট ব্ৰিটেইন আৰু আমেৰিকা যুক্তৰাষ্ট্ৰ ৷ আনহাতে, অস্থায়ী সদস্য হিচাপে বৰ্তমান আছে এষ্টনিয়া, নিগাৰ, ছেইন্ট ভেনচেন্ট আৰু দা গ্ৰেনাডাইনছ, তুনিচিয়া আৰু ভিয়েটনাম ৷