অসম

assam

ETV Bharat / bharat

দিপাৱলী উপলক্ষে আখাউৰা ইন্টিগ্ৰেটেড চেকপোষ্টত মিঠাই বিনিময় - India Bangladesh troops exchange Diwali sweets at Akhaura

এই প্ৰাক্ দিপাৱলী উদযাপন আৰু এই ক্ষেত্ৰত মিঠাই বিনিময়ে ভৱিষ্যতলৈ দুয়োখন দেশৰ মাজত সম্পৰ্ক আৰু অধিক দৃঢ় কৰাত সহায় কৰিব ৷ লগতে এই শুভেচ্ছাই দুয়ো দেশৰে সীমান্তবৰ্তী এলেকাসমূহত হোৱা অপৰাধৰ পৰিমানো হ্ৰাস কৰাত সহায়ক হ’ব ৷

দিপাৱলী উপলক্ষে আখাউৰা ইন্টিগ্ৰেটেড চেকপোষ্টত সীমান্ত সুৰক্ষা বাহিনী আৰু বাংলাদেশৰ সীমান্তৰক্ষীৰ মিঠাই বিনিময়

By

Published : Oct 26, 2019, 12:18 PM IST

আগৰতলা, 26 অক্টোবৰঃ শুকুৰবাৰে দিপাৱলী উপলক্ষে আখাউৰা ইন্টিগ্ৰেটেড চেকপোষ্টত সীমান্ত সুৰক্ষা বাহিনী আৰু বাংলাদেশৰ সীমান্তৰক্ষীয়ে মিঠাই বিনিময় কৰে ৷ দুয়োখন প্ৰতিবেশী ৰাষ্ট্ৰৰ সেনাৰ মাজত মিঠাইৰ বিনিময়ে শুভেচ্ছাৰ ইংগিত দিয়ে ৷ আখাউৰা বিজিবি কেম্পৰ কোম্পানী কামাণ্ডাৰ জাহাংগীৰ আলমে কয় যে, "এই প্ৰাক্ দিপাৱলী উদযাপন আৰু এই ক্ষেত্ৰত মিঠাই বিনিময়ে ভৱিষ্যতলৈ দুয়োখন দেশৰ মাজত সম্পৰ্ক আৰু অধিক দৃঢ় কৰাত সহায় কৰিব ৷ লগতে এই শুভেচ্ছাই দুয়ো দেশৰে সীমান্তবৰ্তী এলেকাসমূহত হোৱা অপৰাধৰ পৰিমাণো হ্ৰাস কৰাত সহায়ক হ’ব ৷"

সীমান্ত সুৰক্ষা বাহিনী আৰু বাংলাদেশৰ সীমান্তৰক্ষীৰ মিঠাই বিনিময়

আনহাতে, এক পুৰণি পৰম্পৰাৰ অংশ তথা অনুশীলন হিচাপে ৰেঞ্জাৰসকলে প্ৰতিবছৰেই গণতন্ত্ৰ দিৱস, স্বাধীনতা দিৱস, ঈদৰ লগতে দুয়ো দেশৰে জাতীয় আৰু ধৰ্মীয় অনুষ্ঠানসমূহত এনেদৰেই আনন্দ বিনিময় কৰে ৷

For All Latest Updates

ABOUT THE AUTHOR

...view details