অসম

assam

ETV Bharat / bharat

দ্বিপাক্ষিক সম্পৰ্ক অধিক শক্তিশালী কৰাৰ বাবে একমতত ভাৰত আৰু বাহৰেইন

ভাৰত আৰু বাহৰেইনৰ মাজৰ দ্বিপাক্ষিক সম্পৰ্কৰ বিভিন্ন দিশসমূহৰ লগতে প্ৰতিৰক্ষা,সুৰক্ষা তথা ঐতিহাসিক সম্পৰ্ক আৰু অধিক শক্তিশালী কৰাৰ বাবে ভাৰত আৰু বাহৰেইন উভয়েই একমতত উপনীত হৈছে ৷ মঙলবাৰে বাহৰেইনত উপস্থিত হৈ ভাৰতৰ বৈদেশিক মন্ত্ৰী এচ জয়শংকৰে বাহৰেইনৰ বৈদেশিক মন্ত্ৰীৰ সৈতে এই বিষয়ে আলোচনাত মিলিত হৈ বহুকেইটা গুৰুত্বপূৰ্ণ সিদ্ধান্তত উপনীত হয় ৷

দ্বিপাক্ষিক সম্পৰ্ক আৰু অধিক শক্তিশালী কৰাৰ বাবে ভাৰত বাহৰেইনৰ সহমত
দ্বিপাক্ষিক সম্পৰ্ক আৰু অধিক শক্তিশালী কৰাৰ বাবে ভাৰত বাহৰেইনৰ সহমত

By

Published : Nov 26, 2020, 1:41 PM IST

মানামা, 26 নৱেম্বৰ:প্ৰতিৰক্ষা,সামুদ্ৰিক সুৰক্ষাৰ লগতে ঐতিহাসিক সম্পৰ্ক আৰু অধিক শক্তিশালী কৰাৰ বাবে ভাৰত আৰু বাহৰেইন সহমতত উপনীত হৈছে ৷ বৈদেশিক পৰিক্ৰমা মন্ত্ৰী এচ জয়শংকৰে বাহৰেইনৰ বৈদেশিক মন্ত্ৰী গৰাকীৰ সৈতে দ্বিপাক্ষিক বিষয় সন্দৰ্ভত আলোচনাত মিলিত হোৱাৰ লগতে ক্ষেত্ৰীয় আৰু বিশ্ব প্ৰেক্ষাপটৰ বিষয় সমূহৰ ওপৰতো আলোচনাত মিলিত হয় ৷

মঙলবাৰে বাহৰেইনত উপস্থিত হৈ জয়শংকৰে বাহৰেইনৰ বৈদেশিক মন্ত্ৰী আব্দুল লতিফ বিন ৰাছিদ আল জায়ানিৰ সৈতে দুয়োপক্ষৰে অন্যন্য বিষয় সমূহ আলোচনা কৰাৰ উপৰিও বিশ্বজুৰি ত্ৰাসৰ সৃষ্টি কৰা ক'ৰণা অতিমাৰীৰ পাছৰ পৰ্যায়ৰ প্ৰত্যাহ্বানসমূহৰ কেনেকৈ সন্মুখীন হ'ব সেই সম্পৰ্কেও আলোচনা কৰে ৷

এই আলোচনাৰ জৰিয়তে দুয়োগৰাকীয়ে স্বাস্থ্য,প্ৰযুক্তি,বিনিয়োগ,ব্যৱসায়,প্ৰতিৰক্ষা,সামুদ্ৰিক সুৰক্ষা আদিৰ লগতে ভাৰত-বাহৰেইনৰ সম্পৰ্ক সুদৃঢ় কৰাৰ বাবে সিদ্ধান্ত গ্ৰহণ কৰে ৷ জয়শংকৰে বাহৰেইনৰ বৈদেশিক মন্ত্ৰীগৰাকীক তৃতীয়খন ভাৰত- বাহৰেইনৰ উচ্চ যুটীয়া আয়োগৰ সভাৰ বাবে নিমন্ত্ৰণ জনাই ৷

জানিব পৰা মতে বাহৰেইনৰ নেতৃত্বই ক'ভিড-19ৰ বিৰুদ্ধে হোৱা যুঁজখনত ভাৰতে ঔষধ, স্বাস্থ্য-কৰ্মী,আৰু চিকিৎসাৰ সা-সঁজুলি যোগানেৰে আগবঢ়োৱা সহায়ৰ শলাগ লয় আৰু বাহৰেইনৰ উন্নয়নৰ ক্ষেত্ৰত ভাৰতীয় সমাজৰ অৰিহণাৰ শলাগ লয় ৷ বাহৰেইনত থকা প্ৰবাসী ভাৰতীয় সকলৰ সৈতে ভিডিঅ' কনফাৰেন্স যোগে বাৰ্তালাপত মিলিত হৈ জয়শংকৰেও দ্বিপাক্ষিক সম্পৰ্ক শক্তিশালী কৰাৰ ক্ষেত্ৰত তেওঁলোকৰ অৰিহণাক গুৰুত্বপূৰ্ণ বুলি মন্তব্য কৰে ৷

লগতে পঢ়ক:শেষযাত্ৰাত গীৰ্জাত গুণমুগ্ধই শ্ৰদ্ধা জনালে চিৰতৰুণক

ABOUT THE AUTHOR

...view details