অসম

assam

ETV Bharat / bharat

কৰ্তাৰপুৰৰ চাহিব গুৰুদ্বাৰ পুনৰ নিৰ্মাণৰ বাবে পাকিস্তানক ভাৰতৰ অনুৰোধ - কৰতাপুৰ

শিখ সম্প্ৰদায়ৰ অনুভূতিৰ প্ৰতি শ্ৰদ্ধা ৰাখি পাকিস্তানৰ কৰ্তাৰপুৰত অৱস্থিত চাহিব গুৰুদ্বাৰক পুনৰ নিৰ্মাণ কৰিবলৈ আহ্বান ভাৰত চৰকাৰৰ ।

পাকিস্তান
কৰতাপুৰৰ চাহিব গুৰুদ্বাৰ পুনৰ নিৰ্মাণ কৰিবলৈ পাকিস্তান চৰকাৰক আহ্বান ভাৰত চৰকাৰক

By

Published : Apr 19, 2020, 11:37 PM IST

নিউজ ডেস্ক, ১৯ এপ্ৰিলঃ পাকিস্তানৰ কৰ্তাৰপুৰত অৱস্থিত চাহিব গুৰুদ্বাৰৰ পবিত্ৰ মন্দিৰৰ গম্বুজ ভাঙি দিয়া বিষয় সন্দৰ্ভত পাকিস্তান চৰকাৰৰ ওচৰত প্ৰশ্ন উত্থাপন কৰিছে বুলি দেওবাৰে সদৰী কৰে চৰকাৰৰ এক বিশেষ সূত্ৰই ।

কৰতাপুৰৰ চাহিব গুৰুদ্বাৰ পুনৰ নিৰ্মাণ কৰিবলৈ পাকিস্তান চৰকাৰক আহ্বান ভাৰত চৰকাৰক

আনহাতে, মন্দিৰটোৰ গম্বুজৰ কাঠসমূহ পুৰণি হোৱাৰ বাবেই মন্দিৰটো ভাঙি পেলোৱা হয় বুলি সদৰী কৰে পাকিস্তান চৰকাৰে ।

সূত্ৰৰ খবৰ অনুসৰি, শিখ সম্প্ৰদায়ৰ অনুভূতিৰ প্ৰতি শ্ৰদ্ধা ৰাখি মন্দিৰটো পুনৰ নিৰ্মাণ কৰিবলৈ পাকিস্তান চৰকাৰক অনুৰোধ জনায় ভাৰত চৰকাৰে ।

উল্লেখ্য যে, বিগত বৰ্ষৰ নৱেম্বৰ মাহত ভাৰতে গুৰুদ্বাসপুৰৰ ডেৰা বাবা চাহিব আৰু পাকিস্তানে গুৰুদ্বাৰ কৰ্তাৰপুৰ চাহিবৰ লগত সংযোগ থকা এটি পথ মুকলি কৰি দিছিল ।

কৰ্তাৰপুৰ চাহিব গুৰুদ্বাৰৰ পৰা ডেৰা বাবা নানাক তীৰ্থলৈ প্ৰায় চাৰি কিল'মিটাৰ দূৰত্ব ৷ লোক বিশ্বাস অনুসৰি, কৰ্তাৰপুৰ চাহিব গুৰুদ্বাৰত শিখ ধৰ্মৰ সংস্থাপক গুৰু নানকে অন্তিমবাৰৰ বাবে জিৰণী লৈছিল ৷

ABOUT THE AUTHOR

...view details