অসম

assam

ETV Bharat / bharat

পাকিস্তানলৈ সমঝোতা এক্সপ্ৰেছ বাতিলৰ ঘোষণা ভাৰতৰ

ভাৰতীয় ৰেলসেৱাৰ CPRO দিপক কুমাৰে জানিবলৈ দিয়া মতে পাকিস্তানৰ ৰেলসেৱা বাতিলৰ সিদ্ধান্ত মৰ্মে লাহোৰৰ পৰা আটাৰীলৈ যোৱা সমঝোতা এক্সপ্ৰেছ 14607/14608 আৰু দিল্লীৰ পৰা আটাৰীলৈ যোৱা সমঝোতা লিংক এক্সপ্ৰেছ 14001/14002ৰ সেৱা বাতিল কৰা হৈছে ৷

পাকিস্তানলৈ সমঝোতা এক্সপ্ৰেছ বাতিলৰ ঘোষণা ভাৰতৰ

By

Published : Aug 12, 2019, 9:17 AM IST

নিউজ ডেস্ক, 12 আগষ্টঃ ভাৰতীয় ৰেল বিভাগে দেওবাৰে পাকিস্তানলৈ সমঝোতা এক্সপ্ৰেছ বাতিলৰ কথা ঘোষণা কৰিছে ৷ দিল্লীৰ পৰা আটাৰীলৈ যোৱা ৰেলখনৰ সেৱা প্ৰথমে বাতিল কৰিছিল পাকিস্তানে ৷ ধাৰা 370 উঠাই লোৱাৰ পিছতে এই সিদ্ধান্ত লৈছিল পাকিস্তানে ৷
ভাৰতীয় ৰেলসেৱাৰ CPRO দিপক কুমাৰে জানিবলৈ দিয়া মতে পাকিস্তানৰ ৰেলসেৱা বাতিলৰ সিদ্ধান্ত মৰ্মে লাহোৰৰ পৰা আটাৰীলৈ যোৱা সমঝোতা এক্সপ্ৰেছ 14607/14608 আৰু দিল্লীৰ পৰা আটাৰীলৈ যোৱা সমঝোতা লিংক এক্সপ্ৰেছ 14001/14002ৰ সেৱা বাতিল কৰা হৈছে ৷

পাকিস্তানলৈ সমঝোতা এক্সপ্ৰেছ বাতিলৰ ঘোষণা ভাৰতৰ
1972ৰ চিমলা চুক্তিৰ স্বাক্ষৰৰ পিছত 1976ত এই ৰেল সেৱা আৰম্ভ কৰা হৈছিল ৷ ভাৰতৰ দিল্লীৰ পৰা পাকিস্তানৰ আটাৰীলৈ সপ্তাহত দুবাৰকৈ চলিছিল ৰেলখন ৷ উল্লেখযোগ্য যে, ইয়াৰ পূৰ্বে সমঝোতা এক্সপ্ৰেছৰ সেৱা এই বছৰৰ ফেব্ৰুৱাৰী মাহত পুলৱামা আক্ৰমণৰ পিছত বাতিল কৰা হৈছিল যদিও পৰৱৰ্তী সময়ত আকৌ নিয়মীয়া কৰা হৈছিল ৷

ABOUT THE AUTHOR

...view details