অসম

assam

ETV Bharat / bharat

প্ৰতিৰক্ষা সম্পৰ্কঃ ভাৰত-ম্যানমানৰ মাজত সম্পাদিত বুজাবুজিৰ চুক্তি

ভাৰত আৰু ইয়াৰ প্ৰতিবেশী ৰাষ্ট্ৰ ম্যানমাৰৰ মাজত সম্পাদিত হয় এক বুজাবুজিৰ চুক্তি ৷ প্ৰতিৰক্ষা বিষয়ত দুয়োখন দেশে স্বাক্ষৰ কৰে এই চুক্তি ৷

ভাৰত-ম্যানমানৰ মাজত সম্পাদিত বুজাবুজিৰ চুক্তি

By

Published : Jul 30, 2019, 2:44 AM IST

প্ৰতিৰক্ষা সম্পৰ্কঃ ভাৰত-ম্যানমানৰ মাজত সম্পাদিত বুজাবুজিৰ চুক্তি

নিউজ ডেস্ক, 29 জুলাইঃ বৈদেশিক সম্পৰ্কত আৰু এখোজ উন্নতিৰ ফালে আগবাঢ়ি ভাৰত আৰু ম্যানমাৰৰ মাজত সম্পাদিত বুজাবুজিৰ চুক্তি ৷ দুয়োখন দেশৰ মাজৰ দ্বিপাক্ষিক সামৰিক বুজাবুজি চুক্তিত স্বাক্ষৰ কৰে ৷ সোমবাৰে ভাৰতৰ প্ৰতিৰক্ষা ৰাজ্যমন্ত্ৰী শ্ৰীপদ নাইক আৰু ম্যানমাৰ সেনাৰ সেনাপ্ৰধান জেন. মিন আন্ট লাঙে স্বাক্ষৰ কৰে এই চুক্তি ৷ জল-স্থল-বায়ু সকলোতে দুয়োখন দেশৰ মাজৰ সামৰিক সম্পৰ্ক উন্নত কৰাৰ উপৰিও দুয়োখন দেশৰ সেনাৰ মাজত যুটীয়া সামৰিক অভিযান অনুষ্ঠিত কৰাৰ কথা উল্লেখ কৰা হয় চুক্তিখনত ৷ আনহাতে বুজাবুজিৰ চুক্তি স্বাক্ষৰ কৰাৰ পিচতেই হায়দৰাবাদ হাউছত ভাৰতৰ বৈদেশিক মন্ত্ৰী ডঃ এছ জয়শংকৰৰ সৈতে আলোচনাত মিলিত হয় ম্যানমাৰৰ সেনাপ্ৰধান জেন. মিন আন্ট লাং ৷

ABOUT THE AUTHOR

...view details