ইন্টাৰনেশ্যনেল ডেস্ক, 27 মে': ভাৰত আৰু চীনৰ সীমান্তত সংঘৰ্ষৰ বিভিন্ন বাতৰি প্ৰকাশ পোৱাৰ সময়তে বুধবাৰে চীনে স্পষ্টীকৰণ দিয়ে যে, চীন আৰু ভাৰতৰ কোনো ভাবুকিৰ সৃষ্টি হোৱা নাই ৷
ভাৰতস্থিত চীনৰ কূটনীতিবিদ ছুন ৱেইডঙে ভিডিঅ'ৰ জৰিয়তে কয় যে, ভাৰত আৰু চীনে একত্ৰিত ভাৱে COVID-19 ৰ বিৰুদ্ধেহে যুঁজ চলাইছে ৷
তেওঁ কয়, "আমি সম্পৰ্ক উন্নত কৰাত গুৰুত্ব আৰোপ কৰিছো ৷ ভাৰত আৰু চীনৰ যুৱ চামে এই দুই দেশৰ সম্পৰ্কৰ বিষয়ে বুজি পোৱা উচিত ৷ এই দুই দেশে ইখনে আনখনৰ বাবে সুযোগ মুকলি কৰে, কোনো ভাবুকি নহয় ৷"
ছুন ৱেইডঙে লগতে কয়, "আমাৰ সম্পৰ্কত কেতিয়াও বাধা আহিবলৈ দিয়া উচিত নহয় ৷ আলোচনাৰ মাজেৰে এই সমস্যা সমাধানহে কৰা উচিত ৷"