অসম

assam

ETV Bharat / bharat

জাপানীজ নাগৰিকৰ প্ৰত্যাৱৰ্তনৰ বাবে বিমানৰ প্ৰৱেশত অনুমতি ভাৰতৰ - India allows plane to fly out Japanese citizens

জাপানীজ নাগৰিকৰ প্ৰত্যাৱৰ্তনৰ বাবে দিল্লীত উপস্থিত জাপানীজ বিমান ৷ সন্ধিয়া 8.30 বজাত বিমানখন দিল্লীৰ পৰা জাপানলৈ উৰা মাৰে ৷

জাপানীজ নাগৰিকৰ প্ৰত্যাৱৰ্তন
জাপানীজ বিমান উপস্থিত দিল্লীত

By

Published : Mar 25, 2020, 9:24 PM IST

নেশ্যনেল ডেস্ক, 25 মাৰ্চ : জাপানীজ নাগৰিকৰ প্ৰত্যাৱৰ্তনৰ বাবে জাপান এয়াৰৱেজৰ এখন বিশেষ বিমান দিল্লীত প্ৰৱেশ কৰিবলৈ অনুমতি প্ৰদান কৰা হৈছে ৷

বুধবাৰে বিয়লি 3 বজাত জৰুৰীকালিন পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি এই বিমানখন অৱতৰণ কৰিবলৈ অনুমতি দিয়া হয় ৷

এক বিশেষ সূত্ৰই জানিবলৈ দিয়া অনুসৰি, এই বিমানখনে কোনো যাত্ৰী জাপানৰ পৰা কঢ়িয়াই অনা নাছিল ৷

উল্লেখ্য যে, সন্ধিয়া 8.30 বজাত এই বিমানখন দিল্লীৰ পৰা জাপানলৈ উৰা মাৰে ৷ এক সূত্ৰই কয়, "এই বিমানে কোনো লোকক ভাৰতলৈ কঢ়িয়াই অনা নাই বৰঞ্চ ভাৰতত থকা জাপানীজ লোকসকলকহে দেশলৈ প্ৰত্যাৱৰ্তনৰ বাবে আহিছে ৷"

বৰ্তমান বিদেশী অথবা ঘৰুৱা বিমানৰ চলাচলত প্ৰতিবন্ধকতা আৰোপ কৰা হৈছে যদিও কাৰ্গো বিমানৰ সঞ্চালন অব্যাহত আছে ৷

আজিৰ দিনটোতে পুৱাৰ ভাগত ইৰানক মহান এয়াৰে 277 ভাৰতীয়ক তেহৰাণৰ পৰা দিল্লীলৈ ওভতাই আনে ৷ যোৱা সপ্তাহতে কেন্দ্ৰীয় চৰকাৰে মহান এয়াৰৰ জৰিয়তে ইৰানস্থিত ভাৰতীয়সকলক দেশলৈ প্ৰত্যাৱৰ্তন কৰিবলৈ অনুমতি প্ৰদান কৰিছিল ৷

আৰু পঢ়ক : কেৰালা হাস্পতালৰ পৰা উধাও সন্দেহজনক ক'ভিড-19 ৰ ৰোগী

ABOUT THE AUTHOR

...view details