নিউজ ডেস্ক, 16 আগষ্ট : ভাৰত মহাসাগৰত অৱস্থিত দ্বীপৰাষ্ট্ৰ মৰিচাচত বিগত 8 আগষ্টত এখন জাপানী জাহাজৰ পৰা নিৰ্গত হোৱা তৈল নিৰ্গমণে ভয়ংকৰ ৰূপ ধাৰণ কৰিছে ৷এনে অৱস্থাত দেশখনে পৰিৱেশিক জৰুৰীকালীন অৱস্থা ঘোষণা কৰিছে ৷ দেশখনৰ এই সংকটৰ সময়ত ভাৰতে সহায়ৰ উদ্দেশ্যে দেশখনলৈ ভাৰতীয় বায়ুসেনাৰ এটা বিশেষ দলৰ লগতে সাহাৰ্য তথা স্বাস্থ্যগত উপকৰণ প্ৰেৰণ কৰিছে ৷
ভাৰত চৰকাৰে ভাৰতীয় বায়ুসেনাৰ দলটোৰ লগতে বায়ুসেনাৰ গ্লোবমাষ্টাৰ-III বিমানৰ সহায়ত দ্বীপৰাষ্ট্ৰখনলৈ 30 টন প্ৰযুক্তিগত আৰু সহায়কাৰী সামগ্ৰী প্ৰেৰণ কৰিছে ৷ ভাৰতৰ বৈদেশিক মন্ত্ৰালয়ে প্ৰকাশ কৰা বিবৃতি অনুসৰি, মৰিচাচলৈ ভাৰত চৰকাৰে বায়ুসেনাৰ দলটোৰ লগতে প্ৰেৰণ কৰিছে সাগৰীয় বুম, নদী বুম, ডিস্ক স্কীমাৰছ, হেলি স্কীমাৰছ, পাৱাৰ পেকছ, ব্লোৱাৰছ, চালভাজ বাৰ্জ আৰু অইল অৱজৰভেন্ট গ্ৰাফেন পেড তথা অন্যান্য বিশেষভাৱে নিৰ্মিত সামগ্ৰী ৷ এই সামগ্ৰীসমূহৰ সহায়ত ভাৰতীয় বায়ুসেনাৰ দলটোৱে সাগৰপৃষ্টত মিহলি হৈ পৰা তেল পৰিশোধন কৰাৰ লগতে সমগ্ৰ অঞ্চলতো পৰিস্কাৰ কৰিব আৰু জাপানী জাহাজখনৰ পৰা হৈ থকা তৈল নিৰ্গমন ৰোধ কৰিব ৷
বৈদেশিক পৰিক্ৰমা মন্ত্ৰী ডঃ জয়শংকৰে প্ৰকাশ কৰা অনুসৰি, ভাৰতীয় বায়ুসেনাৰ বিমানেৰে প্ৰেৰণ কৰা দলটোত বায়ুসেনাৰ লগতে ভাৰতীয় উপকূলৰক্ষী বাহিনীৰ 10 জনীয়া বিশেষ প্ৰশিক্ষিত জোৱানৰ এটা গোট প্ৰেৰণ কৰা হৈছে ৷ মন্ত্ৰীগৰাকীয়ে এই কথা টুইটাৰযোগে প্ৰকাশ কৰিছে ৷ইতিমধ্যে ভাৰতীয় বায়ুসেনাৰ বিমানখনে উদ্ধাৰকাৰী বাহিনীৰ লগতে সাহাৰ্য সামগ্ৰী লৈ পৰ্ট লুইছত অৱতৰণ কৰিছে ৷ প্ৰধানমন্ত্ৰীৰ সাগৰ (Security and Growth for All in the Region) আঁচনিৰ অধীনত ভাৰতে মৰিচাচলৈ এইদৰে উদ্ধাৰকাৰী বাহিনীৰ লগতে সাহাৰ্য সামগ্ৰী প্ৰেৰণ কৰিছে ৷
মৰিচাচ প্ৰশাসনে প্ৰকাশ কৰা অনুসৰি, জাপানৰ জাহাজখনত প্ৰায় 4,000 টন ইন্ধন আছিল আৰু জাহাজখনৰ নিম্নঅংশত হোৱা আঘাতৰ ফলতেই এইদৰে মৰিচাচৰ উপকূলত ভয়ংকৰ হাৰে তৈল নিৰ্গমণ হয় ৷ যাৰ ফলত বিগত 8 আগষ্টত দ্বীপৰাষ্ট্ৰখনে পৰিৱেশিক জৰুৰীকালীন অৱস্থা ঘোষণা কৰে ৷ জাহাজখনে চীনৰ পৰা ব্ৰাজিললৈ বুলি যাত্ৰা কৰি আছিল ৷ 25 জুলাইত জাহাজখনে যাত্ৰা আৰম্ভ কৰিছিল আৰু নেশ্বনেল কোষ্টগাৰ্ডে জাহাজখনৰ বিপদ সন্দৰ্ভত কোনোধৰণৰ খবৰ লাভ কৰা নাছিল ৷জাপানৰ অকিঅ' মেৰিটাইম কৰ্পৰেশ্বন আৰু নাগাছাকি শ্বিপিং কোম্পানী লিমিটেডৰ পঞ্জীয়নভুক্ত আছিল এইখন তৈল টেংকাৰ ৷
লগতে পঢ়কঃ5টকা মাননি লোৱা চেন্নাইৰ প্ৰখ্যাত চিকিৎসক ডাঃ থিৰুভেনগাদান আৰু নাই !