অসম

assam

ETV Bharat / bharat

কনচুলাৰৰ সুবিধা গ্ৰহণ কৰিলে ভাৰতে - ভাৰত

কুলভূষণ যাদৱক লগ ধৰিবলৈ কনচুলাৰৰ সুবিধা প্ৰদান কৰা কথা প্ৰকাশ কৰিছিল পাকিস্তানে ৷ সেই মৰ্মে ভাৰতৰ পাকিস্তানত থকা উপ উচায়ুক্ত গৌৰৱ আহলুৱালিয়াক কুলভূষণ যাদৱক লগ ধৰিবলৈ অনুমতি প্ৰদান কৰে ৷

কনস্যুলাৰ এচেচৰ সুবিধা গ্ৰহন কৰিলে ভাৰতে

By

Published : Sep 2, 2019, 3:30 PM IST

Updated : Sep 2, 2019, 4:03 PM IST

ইন্টাৰনেশ্যনেল ডেস্ক, 2 চেপ্তেম্বৰঃ ছয় সপ্তাহ পূৰ্বে পাকিস্তানে ভাৰতক কুলভূষণ যাদৱক লগ ধৰিবলৈ কনচুলাৰৰ সুবিধা প্ৰদান কৰা কথা প্ৰকাশ কৰিছিল ৷ সেই মৰ্মে ভাৰতৰ পাকিস্তানত থকা উপ উচায়ুক্ত গৌৰৱ আহলুৱালিয়াক কুলভূষণ যাদৱক লগ ধৰিবলৈ অনুমতি প্ৰদান কৰে ৷ দুয়োজন ক’ত মিলিত হ’ব সেই কথা এতিয়াও প্ৰকাশ কৰা নাই পাকিস্তানে ৷
উল্লেখযোগ্য যে, 3 মাৰ্চ 2016ত কুলভূষণ যাদৱক পাকিস্তানৰ বালুচিস্তানৰ পৰা গ্ৰেপ্তাৰ কৰা বুলি দাবী কৰি আহিছে ৷ কুলভূষণ যাদৱ এগৰাকী নৌসেনা বিষয়া আছিল আৰু ভাৰতে দাবী কৰে যে তেওঁ অৱসৰৰ পিছত ব্যৱসায়ৰ লগত জড়িত আছিল আৰু তেওঁক ইৰাণৰ পৰা অপহৰণ কৰা বুলি দাবী কৰি আহিছে ৷

Last Updated : Sep 2, 2019, 4:03 PM IST

ABOUT THE AUTHOR

...view details