নিউজ ডেস্ক, 21 অক্টোবৰ : হায়দৰাবাদৰ মোহাম্মদ ছিৰাজে ভাৰতীয় ক্ৰিকেট দলৰ আগন্তুক টেষ্ট মেচৰ দলৰ অষ্ট্ৰেলিয়া যাত্ৰাত পঞ্চম দ্ৰুত বলাৰ হিচাপে মুম্বাইৰ শ্বাৰ্দুল ঠাকুৰক প্ৰত্যাহ্বান জনাব ৷
তদুপৰি ভাৰতৰ সংযুক্ত দলত ঠাই দখল কৰিবলৈ গুজৰাটৰ বাওঁহতিয়া স্পিনাৰ অক্ষৰ পেটেলো সমানে দাবীদাৰ হোৱাৰ সম্ভাৱনাই বিৰাজ কৰিছে ৷ চাৰিখনকৈ টেষ্ট মেচৰ বহু প্ৰতীক্ষিত শৃংখলাৰ প্ৰথম দুখন মেচ সীমিত অভাৰৰ ( টি-20 আৰু এদিনীয়া আন্তঃৰাষ্ট্ৰীয়) মেচ অনুষ্ঠিত হ‘ব আৰু ইয়াৰ মাজতে সুনীত জোশীৰ অধ্যক্ষতাত চলিত সপ্তাহত হবলগীয়া খেলুৱৈ নিৰ্ধাৰণৰ বাবে বৈঠকত তিনিওটা পৰ্যায়ৰ খেলত দলত অধিক খেলুৱৈক ঠাই প্ৰদানৰ আশংকা কৰা হৈছে ৷