অসম

assam

ETV Bharat / bharat

ভাৰত-বাংলাদেশৰ যৌথ প্ৰচেষ্টাত দুটাকৈ ৰেলৱে' আঁচনি

বাংলাদেশৰ সৈতে যৌথভাৱে ৰেলৱে' আঁচনিত কাম কৰিব ভাৰতে ৷ এই কথা প্ৰকাশ কৰে কেন্দ্ৰীয় ৰেলৱে' মন্ত্ৰী পীয়ুষ গোৱেলে ৷

By

Published : Aug 6, 2019, 8:34 PM IST

পিয়ুষ গোৱেল

নেশ্বনেল ডেস্ক,6 আগষ্ট : ভাৰত আৰু বাংলাদেশে দুটাকৈ ৰেলৱে' আঁচনিৰ বাবে যৌথভাৱে কাম কৰি থকাৰ নিশ্চিতি প্ৰদান কৰিছে কেন্দ্ৰীয় ৰেলৱে' মন্ত্ৰী পীয়ুষ গোৱেলে ৷ বন্ধন আৰু মৈত্ৰী এক্সপ্ৰেছৰ উন্নয়নৰ বাবে দুই চুবুৰীয়া দেশে একেলগে কাম কৰাৰ কথা জানিবলৈ দিছে কেন্দ্ৰীয় মন্ত্ৰী গৰাকীয়ে ৷ ৰেলৱে' মন্ত্ৰী গৰাকীৰ লগতে দেশৰ জ্যেষ্ঠ বিষয়াসকলৰ উপস্থিতিত বাংলাদেশৰ ৰেলৱে' মন্ত্ৰী নুৰুল ইছলাম আৰু প্ৰতিনিধিৰ দলে এক গোপন বৈঠকত মিলিত হয় ৷

ভাৰত - বাংলাদেশৰ যৌথ প্ৰচেষ্টাত দুটাকৈ ৰেলৱে' আঁচনি

এই বৈঠকতে নুৰুল ইছলামে এই দুইখন ৰে'লৰ গতি চাৰিৰ পৰা ছয় দিনলৈকে বৃদ্ধি কৰাৰ প্ৰস্তাৱ ৰাখে ৷ ইয়াৰোপৰি,ভাৰতীয় ৰেলৱে' বিষয়াসকলে বাংলাদেশী ৰেলৱে' কৰ্মচাৰী সকলক প্ৰশিক্ষণো প্ৰদান কৰিব বুলি জানিব পৰা গৈছে ৷ লগতে ভাৰতে নিজৰ নৱতম প্ৰযুক্তিবিদ্যাও চুবুৰীয়া ৰাষ্ট্ৰখনৰ সৈতে শ্বেয়াৰ কৰিব বুলি পীয়ুষ গোৱেলে জানিবলৈ দিয়ে ৷

ABOUT THE AUTHOR

...view details