অসম

assam

ETV Bharat / bharat

উত্তৰাখণ্ডৰ জলপ্ৰলয়:মানুহৰ হস্তক্ষেপ বৃদ্ধিয়ে বানপানীৰ সৃষ্টি কৰিছে - উত্তৰাখণ্ডৰ চাম'লি জিলাৰ যোশীমঠত হিমবাহ বিস্ফোৰণ

হিমালয়ত দিনক দিনে বাঢ়ি অহা মানৱীয় হস্তক্ষেপৰ ফলতে প্ৰলয়ৰ সৃষ্টি হৈছে ৷ এই মন্তব্য ৱাডিয়া ইনষ্টিটিউট অফ হিমালয়ান জিঅ'লজীৰ পৰিচালক কালাচান্দ চাইৰ ৷ উত্তৰাখণ্ডত সংঘটিত জলপ্ৰলয়ৰ পাছতে এই মন্তব্য কালাচান্দ চাইৰ ৷ উত্তৰাখণ্ডৰ চাম'লি জিলাৰ যোশীমঠত হিমবাহ বিস্ফোৰণৰ ফলত ধৌলি গংগা নদীত বিধ্বংসী বানপানী ৷ বানপানীত উটি গ'ল এটা শক্তি প্ৰকল্পত কৰ্মৰত প্ৰায় 150 শ্ৰমিক ৷

increased human intervention in himalayan region triggered flood
increased human intervention in himalayan region triggered flood

By

Published : Feb 8, 2021, 7:15 AM IST

Updated : Feb 8, 2021, 7:49 AM IST

নেশ্যনেল ডেস্ক, 8 ফেব্ৰুৱাৰী:পাৰিস্থিতিক দিশৰ পৰা যথেষ্ট সংবেদনশীল হিমালয় অঞ্চলত দিনক দিনে বাঢ়ি অহা মানৱ সমাজৰ হস্তক্ষেপৰ ফলতে বানপানীৰ দৰে দুৰ্যোগৰ সৃষ্টি হোৱাৰ লগতে জলবায়ু পৰিৱৰ্তনৰ ক্ষেত্ৰত অধিক বিৰূপ প্ৰভাৱ পৰাৰ অভিযোগ উত্থাপন হৈছে ৷ এই অভিযোগ উত্থাপন কৰিছে ৱাডিয়া ইনষ্টিটিউট অফ হিমালয়ান জিঅ'লজীৰ পৰিচালক কালাচান্দ চাইয়ে ৷ দেওবাৰে উত্তৰাখণ্ডৰ চাম'লি জিলাৰ যোশীমঠত হিমবাহ বিস্ফোৰণৰ ফলত হোৱা জলপ্ৰলয়ৰ ঘটনাৰ পাছতে কালাচান্দ চাইয়ে এই মন্তব্য কৰে ৷

হিমালয়ত বাঢ়ি অহা মানৱীয় হস্তক্ষেপৰ ফলতে প্ৰলয়ৰ সৃষ্টি

যোশীমঠত হোৱা হিমবাহ বিস্ফোৰণে ধৌলি গংগা নদীত বিধ্বংসী বানপানীৰ সৃষ্টি কৰাৰ লগতে হিমালয়ৰ উচ্চ অংশত বৃহৎ পৰিমাণৰ ক্ষতিসাধন কৰে ৷ এই প্ৰলয়ৰ ফলত তপোবন-ৰেনিৰ এটা শক্তি প্ৰকল্পত কৰ্মৰত প্ৰায় 150 শ্ৰমিকৰ মৃত্যু হোৱা বুলি আশংকা কৰা হৈছে ৷ বৰ্তমানলৈকে উদ্ধাৰ অভিযানত তিনিজন লোক উদ্ধাৰ হৈছে ৷

ঘটনা সন্দৰ্ভত ইটিভি ভাৰতৰ সন্মুখত মন্তব্য প্ৰকাশ কৰি কালাচান্দ চাইয়ে কয় যে,দেওবাৰে সংঘটিত জলপ্ৰলয়ে শতাধিক লোকক উটুৱাই নিয়াৰ দৰে কৰুণ ঘটনাৰ প্ৰকৃত কাৰণ এতিয়াও ক'ব পৰা হোৱা নাই যদিও এই কথা নিশ্চিত যে হিমালয়ৰ বহু অঞ্চলত ক্ৰমাগতভাৱে বৃদ্ধি পোৱা মানৱীয়া হস্তক্ষেপেই এনেধৰণৰ প্ৰলয় সৃষ্টি হোৱাৰ অন্যতম কাৰক ৷

বানপানীত উটি গ'ল এটা শক্তি প্ৰকল্পত কৰ্মৰত প্ৰায় 150 শ্ৰমিক

তেওঁ লগতে কয় যে, যদিওবা এতিয়াই এই প্ৰলয়ৰ প্ৰকৃত কাৰণ বাখ্যা কৰিব পৰা নাযাব, তথাপি প্ৰাৰম্ভিক দিশৰ পৰা চাবলৈ গ'লে এই কথা সহজেই অনুমেয় যে, গোলকীয় উঞ্চতা বৃদ্ধি আৰু জলবায়ুৰ পৰিৱৰ্তনৰ দৰে পৰিস্থিতিয়েই হৈছে দেওবাৰে উত্তৰাখণ্ডত সংঘটিত জলপ্ৰলয়ৰ অন্যতম কাৰক ৷

হিমালয় অঞ্চলক খুউব কমেইহে নিৰীক্ষণত ৰখা হয় বুলি অভিযোগ কৰি চাইয়ে কয় যে, অধিক সচেতনতা বৃদ্ধি কৰাৰ লগতে সাম্ভাৱ্য বিপদৰ পৰা ৰক্ষা কৰাৰ বাবে চৰকাৰে অধিক গুৰুত্ব দি সূক্ষ্মভাৱে অঞ্চলটোক পৰ্যবেক্ষণ কৰাৰ প্ৰয়োজন আছে ৷

গোলকীয় উঞ্চতা বৃদ্ধি আৰু জলবায়ুৰ পৰিৱৰ্তন জলপ্ৰলয়ৰ কাৰক হিচাপে আশংকা

দেওবাৰে সংঘটিত হিমবাহ বিস্ফোৰণক এক বিৰল ঘটনা আখ্যা দি চাইয়ে কয় যে, "এইয়া এক বিৰল ঘটনা ৷ চেটেলাইট আৰু গুগল আৰ্থ ইমেজত উক্ত অঞ্চলত কোনো ধৰণৰ হিমবাহৰ অৱস্থিতি দেখা নাযায় ৷ সম্ভৱত অঞ্চলটোত কোনো ৱাটাৰ পকেট আছে ৷ ৱাটাৰ পকেটছ বোৰ হৈছে হিমবাহৰ ভিতৰত থকা হ্ৰদ ৷ এনে কোনো ৱাটাৰ পকেটৰ বিস্ফোৰণৰ ফলতে এই ঘটনা সংঘটিত হোৱাৰ আশংকা কৰিব পাৰি ৷"

ৱাটাৰ পকেটৰ বিস্ফোৰণৰ ফলতো এই ঘটনা সংঘটিত হোৱাৰ আশংকা

অঞ্চলটোত বৰফৰ থাৰ্মেল প্ৰফাইলো -6 আৰু -20 ডিগ্ৰী চেলচিয়াছৰ পৰা 2 ডিগ্ৰী চেলচিয়াচলৈ বৃদ্ধি পোৱা বুলি মন্তব্য কৰি তেওঁ কয় যে, তাপমাত্ৰা বৃদ্ধিয়েও হিমবাহ গলাৰ সম্ভাৱনীয়তা বৃদ্ধি কৰি তোলে ৷ তেঁও কয় যে, এই কথাত কোনো সন্দেহ নাই যে গোলকীয় উঞ্চতা বৃদ্ধিয়ে অঞ্চলটো অধিক উঞ্চ কৰি তুলিছে আৰু জলবায়ু পৰিৱৰ্তনৰ ফলতেই বৰষুণ আৰু বৰফবৃষ্টিৰ পৰিমাণ বাঢ়ি অহা পৰিলক্ষিত হৈছে ৷

উল্লেখ্য যে, 2013 চনটো উত্তৰাখণ্ডত এক অনুৰূপ ঘটনা সংঘটিত হৈছিল ৷ বিভাগীয় সূত্ৰ অনুসৰি ৰুদ্ৰপ্ৰয়াগ, হৰিদ্বাৰ আৰু ডেৰাডুনকে ধৰি উত্তৰাখণ্ডৰ বহুকেইখন জিলা এই প্ৰলয়ৰ দ্বাৰা প্ৰভাৱিত হ'ব বুলি আশংকা কৰা হৈছে আৰু উক্ত ঠাইসমূহক আগতীয়াকৈ সতৰ্ক কৰি ৰখা হৈছে ৷

লগতে পঢ়ক:উত্তৰাখণ্ডত ভয়ংকৰ হিমস্খলন:উদ্ধাৰ অভিযান অব্য়াহত

Last Updated : Feb 8, 2021, 7:49 AM IST

ABOUT THE AUTHOR

...view details