অসম

assam

ETV Bharat / bharat

বিহাৰৰ ছিল্ক ব্যৱসায়ী আৰু চৰকাৰী ঠিকাদাৰৰ গৃহত আয়কৰৰ তালাচী - অভিযান চলায় আয়কৰ বিভাগ

বিধানসভা নিৰ্বাচনৰ পূৰ্বে বিহাৰৰ বিভিন্ন স্থানত অভিযান চলায় আয়কৰ বিভাগে ৷ প্ৰদেশখনৰ পূৰ্ণিয়া, কাটিহাৰ আৰু সহৰ্সাৰ লগতে ভগলপুৰ জিলাৰ ছিল্ক ব্যৱসায়ীসকলৰ বাসগৃহত অভিযান চলায় বিভাগে ৷ এই অভিযানৰ সময়তে বহুসংখ্যক টকা, ফিক্সড ডিপ'জিট আৰু 2.40 কোটি মূল্য়ৰ সোণ-ৰূপ জব্দ কৰে বিভাগে ৷

বিহাৰৰ ছিল্ক ব্যৱসায়ী আৰু চৰকাৰী ঠিকাদাৰৰ গৃহত আয়কৰৰ তালাচী
বিহাৰৰ ছিল্ক ব্যৱসায়ী আৰু চৰকাৰী ঠিকাদাৰৰ গৃহত আয়কৰৰ তালাচী

By

Published : Oct 22, 2020, 10:24 AM IST

নিউজ ডেস্ক, 22 অক্টোবৰ : সমাগত বিধানসভা নিৰ্বাচনৰ পূৰ্বেই বিহাৰৰ বিভিন্ন স্থানত অভিযান চলায় আয়কৰ বিভাগে ৷ বিগত সোমবাৰে বিভাগে ৰাজ্যখনৰ বিভিন্ন স্থানত অভিযান চলাই জব্দ কৰে কেবাকোটিৰো সামগ্ৰী তথা নগদ ধন ৷ বিহাৰৰ পূৰ্ণিয়া, কাটিহাৰ, সহৰ্সাৰ লগতে ভগলপুৰ জিলাৰ ছিল্ক ব্যৱসায়ীসকলৰ বাসগৃহত অভিযান চলাই বিভাগে জব্দ কৰে বহুসংখ্যক টকা, ফিক্সড ডিপ'জিট আৰু 2.40 কোটি মূল্যৰ সোণ-ৰূপ ৷ বুধবাৰে এই কথা প্ৰকাশ কৰিছে কেন্দ্ৰীয় বিত্ত মন্ত্ৰালয়ে ৷

আনহাতে এই অভিযানৰ সময়ত ঠিকাদাৰসকলৰ পৰা জব্দ কৰা তথ্য-পাতিসমূহৰ কোনো ন্যায়িক ভিত্তি নাছিল আৰু সকলো নথিয়ে অবৈধ আছিল বুলি বিভাগে প্ৰকাশ কৰে ৷ বিভাগটোৱে ছিল্ক ব্যৱসায়ীসকলৰ পৰা প্ৰায় 10 কোটিৰো অধিক অবৈধ ধন জব্দ কৰাৰ লগতে বহুটো বেআইনী সামগ্ৰীও জব্দ কৰে ৷

বিহাৰৰ বিধানসভা নিৰ্বাচনৰ পূৰ্বে আয়কৰ বিভাগে লাভ কৰা গোপন খবৰৰ ভিত্তিতে এই অভিযান চলোৱা হৈছিল ৷ নিৰ্বাচন যাতে সুকলমে আৰু পৰিচ্ছন্নভাৱে অনুষ্ঠিত হৈ যায় তাৰ বাবেই বিভাগে এই অভিযানৰ নেতৃত্ব প্ৰদান কৰিছিল ৷

লগতে পঢ়ক :প্ৰতিৰক্ষা ব্যৱস্থাপনা মহাবিদ্যালয় আৰু বাইছন ডিভিজন পৰিদৰ্শন সেনাপ্ৰধানৰ

ABOUT THE AUTHOR

...view details