প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ছাৰ্কৰ সদস্য ৰাষ্ট্ৰৰ নেতাসকলৰ ঘটে জি ৭ ৰ নেতাসকলৰ সৈতে ভিডিঅ' কনফাৰেন্স কৰাৰ লাচিত ভাৰতৰ এই বহুস্তৰীয় প্ৰচেষ্টা অব্যাহত আছে। আমেৰিকাৰ ডেপুটি চেক্ৰেটাৰী অৱ ষ্টেট ষ্টিফেন বিগানে কৰা এক টেলিফোনিক কনফাৰেন্সত আজি বৈদেশিক সচিব হৰ্ষ শৃংলাই অংশগ্ৰহণ কৰে । আমেৰিকাৰ নেতৃত্বত হোৱা এই অডিও কনফাৰেন্সত অষ্ট্ৰেলিয়া,কোৰিয়া,ভিয়েটনাম,নিউজিলেণ্ড,জাপান আৰু ভাৰতৰ জ্যেষ্ঠ বিষয়াই ক'ভিড-১৯ নিয়ন্ত্ৰণকৰাৰ বিষয়ে আলোচনা কৰে। এই আলোচনাত বৰ্তমান ক'ভিড-১৯ সৃষ্ট পৰিস্থিতিৰ পৰ্যালোচনা আৰু ই যাতে বিয়পি নপৰে তাৰ বাবে গোলকীয় আৰু স্থানীয় প্ৰচেষ্টাৰ ওপৰত গুৰুত্ব প্ৰদান কৰা হয় ।
“প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ নেতৃত্বত ভাৰতত আৰু দক্ষিণ এছিয়াত ভাৰতে গ্ৰহণ কৰা সক্ৰিয় ভূমিকাৰ বিষয়ে বৈদেশিক সচিব শৃংলাই সবিশেষ সদৰী কৰে। আন দেশসমূহক ভাৰতবৰ্ষই নিয়মীয়াকৈ নিজৰ দৃষ্টিভংগী জনাব আৰু এই প্ৰত্যহ্বান নিয়ন্ত্ৰণ কৰাৰ বাবে একেলগে কাম কৰাৰ ভাৰতবৰ্ষৰ ইচ্ছাৰ বিলহয়ে তেওঁ প্ৰকাশ কৰে ।” বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ৰ ফালৰ পৰা জাৰি কৰা এক আনুষ্ঠানিক বিবৃতিত এনেদৰে কোৱা হৈছে । এই টেলি কনফাৰেন্সত সাপ্তাহিক ভিত্তিত প্ৰতিষেধক উদ্ভাৱন,আবদ্ধ হৈ নাগৰিকৰ সমস্যা, প্ৰয়োজনত দেশসমূহক সহায় কৰা,বিশ্ব অৰ্থনীতিত পৰা প্ৰভাৱসমূহ নিয়ন্ত্ৰণ কৰে আদি বিষয়ত অনুষ্ঠিত হ'ব। এই বিষয়ত চীনৰ নেতৃত্বত ভাৰতৰ স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰালয়েও আজি কনফাৰেন্স কলত ভাগ লৈছে। চীনে এই সপ্তাহত কৰ'ণা ভাইৰাছৰ অভিকেন্দ্ৰ ইউহানত নতুনকৈ এজনেই কৰ'ণা ভাইৰাছত আক্ৰান্ত হোৱা নাই বুলি কৰা ঘোষণাই বিশ্বজুৰি আশা আৰু সন্দেহ দুয়োটাৰে সৃষ্টি কৰিছে। ভাৰতীয় দূতাবাসৰ লগতে বৈদেশিক সচিব শৃংলাও ১৫ মাৰ্চৰ ভিডিঅ' কনফাৰেন্সত গ্ৰহণ কৰা প্ৰস্তাৱবোৰ ৰূপায়িত কৰাৰ বাবে গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰিব। দক্ষিণ এছিয়াৰ দেশসমূহৰ সকলো চৰকাৰৰ মুৰব্বী বা ৰাষ্ট্ৰ প্ৰধানে এই কনফাৰেন্সত অংশগ্ৰহণ কৰিছিল । কেৱল পাকিস্তানৰ প্ৰধানমন্ত্ৰী ইমৰান খানৰ প্ৰতিনিধি হিচাপে কনিষ্ঠ স্বাস্থ্য মন্ত্ৰীগৰাকীয়ে ভাগ লয়। ভাৰতবৰ্ষই প্ৰাৰম্ভিকতে ১০ হাজাৰ আমেৰিকান ডলাৰৰ বৰঙণি আগবঢ়াই এক পেণ্ডেমিক পুঁজি গঠন কৰাৰ বাবে প্ৰস্তাৱ আগবঢ়ায়। তদুপৰি মালদ্বীপআৰু ইৰানৰ পৰা সহায়ৰ বাবে অনুৰোধ লাভ কৰাৰ পাছতো তাৎক্ষণিকভাৱে স্বাস্থ্য কৰ্মীৰ দল প্ৰেৰণ কৰে ।
প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ছৌদি আৰৱৰ ৰজা মহম্মদ বিন ছলমানক ১৭ মাৰ্চত ফোন কৰে আৰু আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত এই ৰোগৰ বিৰুদ্ধে যুঁজিবলৈ জি-২০ ৰ অনুৰূপ ভাৰ্চুৱেল সন্মিলনৰ বাবে পৰামৰ্শ আগবঢ়ায় ।