নেশ্যনেল ডেস্ক, 6 জুলাইঃকোনো লোকে ঘৰ নিৰ্মাণ কৰিলে ঘৰৰ সদস্যসকলে থাকিবলৈ বিশেষ কোঠা বা ঠাই নিৰ্মাণ কৰে । ঠিক তেনেদৰে সিহঁতৰ বাবেও সেই স্থানৰ লোকসকলে নিৰ্মাণ কৰে বিশেষ কোঠা বা ঠাই । সিহঁতৰ সৈতে খেলা ধূলা কৰিয়েই ডাঙৰ হয় এই সেই গাঁওখনৰ শিশুসকল । সেই গাঁৱত সাপ যেন পৰিয়ালৰ একো একোজন এৰাব নোৱাৰা সদস্য । অবিশ্বাস্য যেন লাগিলেও এয়াই সত্য ।
মহাৰাষ্ট্ৰৰ চোলাপুৰ জিলাৰ অন্তৰ্গত শ্বেতফল গাঁও । সেইগাঁৱৰ নিকটবৰ্তী বাসিন্দ সকলে জানিবলৈ দিয়া অনুসৰি, সেই এলেকাটো হ'ল সাপৰ স্বৰ্গভূমি । সঁচাকৈয়ে সাপ যে এবিধ বিষাক্ত প্ৰাণী, সাপৰ বিষেযে মানুহৰ মৃত্যু চপাই আনিব পাৰে সেই কথা এই গাঁওখনৰ লোকক দেখিল মিছা যেন লাগে । কিয়নো শ্বেতফল গাঁৱত পৰিয়ালৰ সদস্যৰ দৰেই ডাঙৰ-দীঘল কৰা হয় সাপক ।
সাপৰ বাবে ঘৰ নিৰ্মাণ
পুণেৰ পৰা প্ৰায় 200 কিল'মিটাৰ নিলগত অৱস্থিত এই এলেকাত 2600 লোকে বাস কৰে । কিন্তু এই গাঁৱত সাপৰ সংখ্যা তাতকৈয়ো অধিক । এই গাঁওখনত মূলতঃ ফেটী সাপেই সংখ্যাই প্ৰাধান্য লাভ কৰি আহিছে । গাঁওখনৰ প্ৰতিটো ঘৰতে এটা নিৰ্দিষ্ট স্থান থাকে সাপৰ বাবেই । সেই স্থানক তেওঁলোকে অভিহিত কৰিছে "দেৱস্থানম" নামেৰে । যেতিয়াই কোনো লোকে নতুনকৈ ঘৰ সাজে তেতিয়া সাপৰ বাবে অলপ ঠাই ৰাখি থয় । সাপসমূহ সেই এলেকাত বিচৰণ কৰি ফুৰে আৰু কেতিয়াবা সেই দেৱস্থানমলৈ আহি জিৰণি লয় । কিয় এই প্ৰথা ? কেতিয়াৰ পৰা চলি আছে এই প্ৰথা ? সেই কথা অৱশ্যে নাজানে গাঁওখনৰ লোকেও । গাঁওবাসীৰ মতে সাপ হ'ল ভগৱান শিৱৰ অত্যন্ত প্ৰিয় । সেই বাবে তেওঁলোকে সাপক দেৱজ্ঞান কৰি পূজা-অৰ্চনা কৰি আহিছে ।
পৰিয়ালৰ সদস্য সাপ
ইয়াত সাপ হৈছে পৰিয়ালৰে একোজন সদস্য । ইয়াৰ সৰু সৰু ল'ৰা-ছোৱালীৰ খেলৰ সংগীও সাপ । সাপক ডিঙিত মেৰিয়াই লৈ ইফালে-সিফালে ঘূৰি থকা দেখা যায় গাঁওখনৰ লোকক । কেতিয়াবা বিদ্যালয়ৰ ভিতৰতো সোমাই সাপ । কিন্তু সাপৰ বাবে কেতিয়াও কোনো আতংকৰ ছাপ দেখিবলৈ পোৱা নাযায় কণমানিবোৰৰ মুখত । আনকি সাপৰ আক্ৰমণত মৃত্যু হোৱা লোকৰ সংখ্যাও বিৰল এই গাঁৱত । সাপৰ বাবে যি ঘৰ নিৰ্মাণ কৰা হয় তাতেই গাখীৰ খাবলৈ দিয়া হয় ।