নিউজ ডেস্ক, 23 অক্টোবৰ :বিহাৰ বিধানসভা নিৰ্বাচনলৈ এসপ্তাহ বাকী থকা অৱস্থাত বিহাৰত তুংগত উঠিছে নিৰ্বাচনী প্ৰচাৰ ৷ কংগ্ৰেছৰ নেতা ৰাহুল গান্ধীয়ে এতিয়াও নিৰ্বাচনী প্ৰচাৰত অংশগ্ৰহণ কৰা নাই যদিও মহাজোঁটবন্ধনকক সন্মুখৰ পৰা নেতৃত্ব দিছে মুখ্যমন্ত্ৰী পদৰ প্ৰক্ষেপিত প্ৰাৰ্থী তেজস্বী যাদৱে ৷
কংগ্ৰেছ,ৰাষ্ট্ৰীয় জনতা দল,কমিউনিষ্ট পাৰ্টী অৱ ইণ্ডিয়া,কমিউনিষ্ট পাৰ্টী অৱ ইণ্ডিয়া মাৰ্ক্সিষ্ট আৰু কমিউনিষ্ট পাৰ্টী অৱ ইণ্ডিয়া মাৰ্ক্সিষ্ট লেনিনিষ্ট এলৰ দ্বাৰা গঠিত মহাগোঁটবন্ধনে সৰ্বমুঠ 243 গৰাকী প্ৰাৰ্থী প্ৰক্ষেপ কৰিছে ৷ ৰাষ্ট্ৰীয় জনতা দলৰ তেজস্বী যাদৱে নেতৃত্ব দিয়া মহাগোঁটবন্ধনত ৰাষ্ট্ৰীয় জনতা দলে 144 খন আসনত,কংগ্ৰেছে 70 খন আসনত,চিপিআই এমএলে 19 খন আসনত চিপিআই 6 খন আসনত আৰু চিপিএমে 4 খন আসনত প্ৰাৰ্থী দিছে ৷
ৰাহুল গান্ধীয়ে শুকুৰবাৰে নাৱাড়া জিলাৰ হিছুৱা আৰু ভগলপুৰ জিলাৰ কাহালগাঁৱত দুখনকৈ নিৰ্বাচনী সভাত অংশগ্ৰহণ কৰিব ৷
বিহাৰৰ 15 বছৰীয়া আৰডেজি শাসনকালত কংগ্ৰেছ দলৰ বিশেষ ভূমিকা আছে ৷ ৰাজনৈতিক বিশেষজ্ঞসকলৰ মতে,ৰাহুল গান্ধীয়ে অধিকসংখ্যক নিৰ্বাচনী সভাত অংশগ্ৰহণ কৰি মহাজোঁটবন্ধনক সন্মুখৰ পৰা নেতৃত্ব প্ৰদান কৰিব লাগে ৷ অৱশ্যে ৰাহুল গান্ধীৰ অনুপস্থিতিত মহাজোঁটবন্ধনক সন্মুখৰ পৰা নেতৃত্ব দিছে মুখ্যমন্ত্ৰী পদৰ প্ৰাৰ্থী তেজস্বী যাদৱে ৷ দলৰ বিশেষ সূত্ৰই প্ৰকাশ কৰা অনুসৰি,যাদৱে ৰাইজৰ পৰাও বিশেষ সমৰ্থন লাভ কৰিছে ৷ দৰাচলতে বিহাৰত ৰাহুল গান্ধীৰ বিপৰীতে তেজস্বী যাদৱক জনতাই অধিক ৰূপত বিচাৰিছে ৷ এসপ্তাহৰ ভিতৰতে তেজস্বী যাদৱে 70ৰো অধিক নিৰ্বাচনী সভাত অংশগ্ৰহণ কৰিছে ৷
প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ সমান্তৰালকৈ বিহাৰত নিৰ্বাচনী সভাত অংশগ্ৰহণ কৰিব ৰাহুল গান্ধীয়ে ৷ ৰাহুল গান্ধীয়ে 6 খন নিৰ্বাচনী সভাত অংশগ্ৰহণ কৰাৰ বিপৰীতে প্ৰধানমন্ত্ৰী মোডীয়ে 12খন সভা সম্বোধন কৰিব ৷ আনহাতে তেজস্বী যাদৱৰ সৈতে 28 অক্টোবৰত নাৱাড়া জিলাৰ হিচুৱাত ৰাহুল গান্ধীয়ে একেলগে নিৰ্বাচনী সভাত অংশগ্ৰহণ কৰিব ৷
লগতে পঢ়ক :বিহাৰ নিৰ্বাচনৰ বাবে শুকুৰবাৰৰ পৰা প্ৰচাৰ অভিযানত নামিব ৰাহুল গান্ধী