ইন্টাৰ্নেশ্যনেল ডেস্ক, 28 ছেপ্টেম্বৰঃ শুকুৰবাৰে নিউ য়ৰ্কত ৰাষ্ট্ৰ সংঘৰ সাধাৰণ পৰিষদত পোন প্ৰথম বাৰৰ বাবে ভাষণ আগবঢ়াই প্ৰতিবেশী ৰাষ্ট্ৰ পাকিস্তানৰ প্ৰধানমন্ত্ৰৰী ইমৰাণ খানে ৷ সমগ্ৰ বিশ্বয়ে কাশ্মীৰ সন্দৰ্ভত একাষৰীয়া কৰাৰ পিছতো কাশ্মীৰক লৈ যুজঁ অব্যাহত ৰাখিছে পাকিস্তানে ৷ বাৰে বাৰে মুখ থেকেছা খায়ো যেন হাৰ মনা নাই দেশখনে ৷ নিউ য়ৰ্কত ৰাষ্ট্ৰ সংঘৰ সাধাৰণ পৰিষদত আৱন্তিত 15-20 মিনিটৰ সময় সীমা অতিক্ৰম কৰা ভাষণত প্ৰধানমন্ত্ৰী গৰাকীয়ে ভাৰত আৰু পাকিস্তানৰ মাজত হ’ব পৰা সম্ভাব্য যুদ্ধৰ কথা উল্লেখ কৰে ৷
তেঁও কয় যে ‘এখন ৰাষ্ট্ৰ যি নিজৰ চুবুৰীয়া দেশতকৈ সাত গুন সৰু সেই দেশখনে নিজৰ স্বাধীনতাব বাবে হয়টো আত্মসমৰ্পণ কৰিব পাৰে অথবা যুজঁ আগবঢ়াব ৷ আৰু পাকিস্তানে শেষ নিশ্বাস পৰ্যন্ত যুজঁ দিব ৷’ পাকিস্তান এখন পাৰমানৱিক শক্তি থকা ৰাষ্ট্ৰ হোৱা হেতুকে শেষত পাৰমানৱিক শক্তি ব্যৱহাৰ কৰাৰ বাহিৰে দেশখনৰ ওচৰত একো ৰাস্তা নাথাকিব ৷ তেওঁ লগতে কয় যে, ই কোনো ধৰ্ম নহয় কিন্তু আত্মৰক্ষাৰ এক উপায় ৷ পাৰমানৱিক যুদ্ধ হ'লে ই দুখন দেশৰ নহয় সমগ্ৰ বিশ্বৰ ক্ষতি কৰিব বুলিও তেঁও উল্লেখ কৰে ইমৰাণ খানে ৷