নিউজ ডেস্ক, 4 নৱেম্বৰ :বিগত 40 বছৰত দেশৰ সৰ্বোচ্চ ন্যায়ালয়, উচ্চতম ন্যায়ালয়ত নিৰাশাজনকভাৱে 67টা ধৰ্ষণ আৰু হত্যাকাণ্ডৰ গোচৰৰ ৰায়দান প্ৰদান কৰা হৈছে ৷ এইসমূহ গোচৰৰ ভুক্তভোগীসকল 16 বছৰ বয়সৰ তলৰ আছিল আৰু উচ্চতম ন্যায়ালয়ে প্ৰকাশ কৰা অনুসৰি, 15টা গোচৰত ফাঁচীৰ ৰায়দান চূড়ান্ত হোৱাৰ বিপৰীতে 12টা গোচৰত অপৰাধীক ফাঁচীৰ শাস্তি প্ৰদান কৰা হৈছে ৷ বাকী থকা 3টা গোচৰত অভিযুক্তক ফাঁচীৰ পৰিৱৰ্তে যাৱজ্জীৱন কাৰাদণ্ড প্ৰদান কৰিবলগা হয় ৷
আজিৰ দিনলৈ শীৰ্ষ আদালতে 12গৰাকী অপৰাধীক মৃত্যুৰ শাস্তি প্ৰদান কৰাৰ কথা প্ৰকাশ কৰিছে, যিসকলে 16 বছৰ বয়সৰ তলৰ ভুক্তভোগীৰ সৈতে ধৰ্ষণ আৰু হত্যাকাণ্ড সংঘটিত কৰিছিল ৷ আনহাতে 67টা গোচৰৰ ভিতৰত 51টা গোচৰৰ ভুক্তভোগীয়ে 12 বছৰ বয়সৰ বুলি জনাইছে উচ্চতম ন্যায়ালয়ে ৷