৪ মাৰ্চত আমি বিশ্ব মেদবহুলতা দিৱস পালন কৰিছো । ভাৰত চৰকাৰৰ ৰাষ্ট্ৰীয় পৰিয়াল স্বাস্থ্য সমীক্ষা-৪ অনুসৰি ভাৰতৰ অধিকাংশ ৰাজ্যৰে গ্ৰাম্য আৰু চহৰাঞ্চল উভয়তে বিগত দহটা বছৰত মেদবহুলতা দুগুণ বৃদ্ধি পাইছে । উদাহৰণস্বৰূপে গোৱাত পুৰুষৰ ক্ষেত্ৰত ১৫ ৰ পৰা ৩২ শতাংশলৈ বৃদ্ধি পাইছে, তামিলনাডুত ১৪ ৰ পৰা ২৮ শতাংশ, গুজৰাটতত ১১ৰ পৰা ২০ শতাংশ, হাৰিয়ানাত ১০ ৰ পৰা ২০ শতাংশ আৰু আনকি বিহাৰতো ৬ ৰ পৰা ১২ শতাংশলৈকে বৃদ্ধি পাইছে মেদবহুলতা । মহিলাৰ ক্ষেত্ৰতো অন্ধ্ৰ প্ৰদেশত ১৭ ৰ পৰা ৩৩ শতাংশ, অৰুণাচল প্ৰদেশত ৮ ৰ পৰা ১৮ শতাংশ, মণিপুৰত ১৩ ৰ পৰা ২৬ শতাংশ, হিমাচল প্ৰদেশত ১৩ ৰ পৰা ২৮ শতাংশলৈ বৃদ্ধি পাইছে মেদবহুলতা । ভাৰতত মেদবহুলতাই বহু সম্ভাৱনা নষ্ট কৰিছে । আমি সকলোৱে জানো যে, আমি মধুমেহ ৰোগৰ বিৰুদ্ধে যুঁজিব লগা হৈছে । ভাৰতত মধুমেহৰ মূল কাৰণ হিচাপে মেদবহুলতা চিনাক্ত হৈছে । ভাৰতৰ ১০০ জন মেদবহুল প্ৰাপ্তবয়স্ক লোকৰ (২০ বছৰ বয়সৰ ঊৰ্ধৰ) ৩৮ জনৰেই মধুমেহ বা ডায়েবেটিছ ৰোগ আছে । বিশ্বত ২০১৭৬ চনত ইয়াৰ গড় হাৰ আছিল ১৯ ৷ যদিও ২৫ৰ অধিক বি এম আইক মেদবহুল বুলি ধৰা হয়, ইয়াৰ উপৰি এনে বহুসংখ্যক লোক আছে যাৰ শৰীৰ তথা পেটৰ আশে-পাশে বহু পৰিমাণেো চৰ্বি থাকে । পুৰুষৰ ক্ষেত্ৰত ৯০ চেণ্টিমিটাৰ আৰু মহিলাৰ ক্ষেত্ৰত ৮০ চেণ্টিমিটাৰৰ ককাল থকাসকলক মেদবহুল বুলি ধৰা হয় । তেওঁলোকৰ মধুমেহ, উচ্চ ৰক্তচাপ, কলেষ্টৰেল বৃদ্ধি, হাৰ্ট এটেক বা ষ্ট্ৰোকৰ সম্ভাৱনা অধিক থাকে ।
আমি বৰ্তমান চৰ্চিত কোভিড-১৯ ভাইৰাছৰ সৈতে এক তুলনা কৰিব বিচাৰিছোঁ । কোভিড-১৯ ভাইৰাছ প্ৰতিহত কৰাৰ বাবে যাতায়ত ব্যৱস্থা, অৰ্থনৈতিক, সামাজিক আৰু খাদ্য ব্যৱস্থাই গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে । ইয়াৰ উপৰি আমি জানো যে বনধ্বংস আৰু বন্যপ্ৰাণী আৰু মানুহৰ মাজত নিকট্ব বৃদ্ধি পোৱাৰ ফলত কভিড-১৯ আৰু এছ এ আৰ এছৰ দৰে জীৱজন্তুৰ পৰা বিয়পা ভাইৰাছবোৰৰ প্ৰকোপ বৃদ্ধি পাইছে । আমি ইয়াৰ বাবে মানুহক দোষাৰোপ কৰিব নোৱাৰোঁ বা কেতিয়াও কৰিব নালাগে । মেদবহুলতাৰ বাবেও মানুহক দোষাৰোপ কৰাটো বন্ধ কৰক । তাৰ সলনি যাতায়ত, অৰ্থনৈতিক আৰু খাদ্য ব্যৱস্থাৰ সংশোধন কৰক যিবোৰ হৈছে ইয়াৰ মূল কাৰণ । স্মাৰ্ট চিটিবোৰ মেদবহুলতা বৃদ্ধিকাৰী হোৱাৰ সলনি প্ৰথমে মেদবহুলতা প্ৰতিহতকাৰী হ’ব লাগে । এখন চহৰত মেদবহুলতা বৃদ্ধিৰ উপায় থাকিলে ই প্ৰদূষণ নিয়ন্ত্ৰণতো সহায় কৰিব । বায়ু প্ৰদূষণ মেদবহুলতা, বিশেষকৈ শিশুৰ মেদবহুলতাৰ অন্যতম কাৰণ । আটাইতকৈ গুৰুত্বপূৰ্ণ দিশটো হ’ল ৰাজহ, খাদ্য আৰু কৃষি পদ্ধতি যিয়ে স্বাস্থ্যকৰ খাদ্য আৰু পানীয়, সতেজ ফলমূল আৰু পাচলি, মাহ, দাইল, নাৰিকল-বাদাম আদি সকলো আৰ্থ-সামজিক শ্ৰেণীৰ একোজন মানুহৰ সমগ্ৰ জীৱনছোৱাৰ দৈনন্দিন জীৱনত কম দামত সহজে উপলব্ধ কৰায় তেনে ধৰণৰ নীতিক গ্ৰহণ কৰিব লাগে । শিশুৰ বাবে অস্বাস্থ্যকৰ খাদ্য আৰু পানীয়ৰ বিক্ৰী নিয়ন্ত্ৰণ কৰাটো গুৰুত্বপূৰ্ণ । একেদৰে নগৰীয়া বনাঞ্চল আৰু নগৰীয়া কৃষি সকলো পৰকল্পনাতে বাধ্যতামূলকেভাৱে অন্তৰ্ভুক্ত কৰাটো অতি দৰকাৰ । দৈনিক শাৰীৰিক কাৰ্যকলাপৰ মেদবহুলতা নিয়ন্ত্ৰণত ডাঙৰ ভূমিকা আছে । আমি সন্মানীয় প্ৰধানমন্ত্ৰী ডাঙৰীয়াক ‘ফিট ইণ্ডিয়া’ আন্দোলন আৰম্ভ কৰিবলৈ অনুৰোধ জনাই আহিছিলো । এনে এক পৰিৱেশ প্ৰদানেৰে যি পৰিৱেশে ‘ফিট মহানগৰ’, ‘ফিট যাতায়ত’, ‘ফিট বিনোদন’, ‘ফিট বিদ্যালয়’, ‘ফিট কৰ্মস্থলী’ৰ সৃষ্টি কৰে তাৰ জৰিয়তে ফিটনেছ লাভ কৰিব পাৰি । ভাৰতত ফিটনেছক ‘মেক ইন ইণ্ডিয়া’ হিচাপে গঢ়িব লাগিব ।