নিউজ ডেস্ক, ১৩ মে' :দেশৰ উচ্চতম ন্যায়ালয়ৰ ইতিহাসত কেতিয়াও নোহোৱা ঘটনা বুধবাৰে সংঘটিত হৈ যায় । বুধবাৰৰ দিনটোত সৰ্বোচ্চ ন্যায়ালয়ৰ তিনিগৰাকীকৈ ন্যায়াধীশে এজনীয়া বিচাৰপীঠ গঠন কৰি ২০টাকৈ গোচৰৰ শুনানি গ্ৰহণ কৰাৰ লগতে ইয়াৰ নিৰ্দেশনাসমূহ প্ৰদান কৰে । ন্যায়াধীশ কৃষ্ণা মুৰাৰী, ন্যায়াধীশ এছ ৰবিন্দ্ৰ ভাট আৰু ন্যায়াধীশ হৃষীকেশ ৰয় হৈছে সেই তিনিওগৰাকী ন্যায়াধীশ যিয়ে এই কাম সুকলমে সম্পন্ন কৰিবলৈ সক্ষম হয় । ভিডিঅ' কনফাৰেন্সযোগে এইদৰে আদালতে ট্ৰান্সফাৰ অৰ্দাৰৰ ক্ষেত্ৰত এই সিদ্ধান্ত গ্ৰহণ কৰে ।
৩৪ গৰাকী ন্যায়াধীশৰ ক্ষমতা থকা উচ্চতম ন্যায়ালয়ত সদ্যহাতে আছে ৩২ গৰাকী ন্যায়াধীশ, যিয়ে সাধাৰণতে দুই বা তিনি নাইবা পাঁচজনীয়া খণ্ড বিচাৰপীঠৰ দ্বাৰা বিভিন্ন গোচৰৰ শুনানি গ্ৰহণ কৰে । কিন্তু বিগত বৰ্ষৰ ছেপ্টেম্বৰ মাহত উচ্চতম ন্যায়ালয় নীতি, ২০১৩ৰ কিছু নিয়ম সংশোধন কৰি, এজনীয়া খণ্ড বিচাৰপীঠেও অভিযোগৰ শুনানি গ্ৰহণ কৰিব পাৰিব বুলি নিৰ্দেশ গ্ৰহণ কৰা হৈছিল । এজনীয়া খণ্ড বিচাৰপীঠে জামিন নাইবা জামিন সংক্ৰান্তীয় আৰু সাত বছৰৰ জেলৰ শাস্তিৰ সন্মুখীন হোৱা গোচৰৰ ক্ষেত্ৰত এইদৰে শুনানি তথা ন্যায় প্ৰদান কৰিব পাৰিব বুলি উচ্চতম ন্যায়ালয় নীতি, ২০১৩ৰ সংশোধন কৰা হৈছিল । এই সংশোধনীৰ দ্বাৰা মুখ্য ন্যায়াধীশে এজনীয়া বিচাৰপীঠ নিয়োগ কৰিও শুনানি গ্ৰহণ কৰিব পাৰিব বুলি কোৱা হৈছিল ।
বিগত ১১ মে'ত উচ্চতম ন্যায়ালয়ে এক নিৰ্দেশ জাৰী কৰি, বুধবাৰৰ পৰা এজনীয়া ন্যায়াধীশৰ দ্বাৰা গঠিত খণ্ড বিচাৰপীঠে ট্ৰান্সফাৰ পেটিছন, জামিন আবেদন আৰু অন্টিচিপেটৰি জামিনৰ দৰে গোচৰৰ শুনানি গ্ৰহণ কৰিব পাৰিব বুলি কৈছিল । এই নিৰ্দেশৰ ভিত্তিতে উচ্চতম ন্যায়ালয়ে মুখ্য ন্যায়াধীশৰ অনুমোদনৰ পিচত অন্যান্য বিষয়সমূহৰো শুনানি গ্ৰহণ কৰিব পাৰিব বুলি কোৱা হৈছিল । নিৰ্দেশনাটোত, বিশেষ ছূটীৰ আবেদন যি জামিন আবেদন নাইবা অগ্ৰিম জামিনৰ ক্ষেত্ৰত ক্ষমাদান, খাৰিজ অথবা প্ৰত্যাহাৰ কৰিবলৈ, ফৌজদাৰী বিধি, ১৯৭৩ ( ১৯৭৪ৰ দ্বিতীয়)ৰ ধাৰা ৪৩৭, ৪৩৮ আৰু ৪৩৯ ৰ অধীনত ইয়াৰ শুনানি গ্ৰহণ কৰিব পৰা যাব বুলি কোৱা হৈছিল । ইয়াৰ লগতে এজনীয়া খণ্ড বিচাৰপীঠৰ দ্বাৰা ফৌজদাৰী বিধিৰ ধাৰা ৪০৬ৰ আৰু দেৱানী বিধিৰ ধাৰা ২৫ ৰ অধীনত গোচৰৰ প্ৰত্যাৱৰ্তনৰ ক্ষেত্ৰটো শুনানি গ্ৰহণ কৰিব পাৰিব বুলি কোৱা হৈছিল ।
১৯৫০ চনৰ সংবিধানত ভাৰতৰ উচ্চতম ন্যায়ালয়ক এগৰাকী মুখ্য ন্যায়ালয়ৰ লগতে ৭ গৰাকী ন্যায়াধীশৰ দ্বাৰা ক্ষমতাপ্ৰাপ্ত কৰা হৈছিল আৰু পৰৱৰ্তী পৰ্যায়ত ইয়াৰ সংখ্য়া বৃদ্ধি কৰিব পৰা যাব বুলি কোৱা হৈছিল আৰু সংসদক এই ক্ষমতা প্ৰদান কৰা হৈছিল । প্ৰথম অৱস্থাত উচ্চতম ন্যায়ালয়ৰ সকলো ন্যায়াধীশে একেলগে বহি গোচৰৰ শুনানি লৈছিল যদিও গোচৰ সংখ্যা বৃদ্ধি পোৱাৰ সমান্তৰালকৈ সৰ্বোচ্চ ন্যায়ালয়ৰ ন্যায়াধীশৰ সংখ্যাও বৃদ্ধি কৰা হয় । ১৯৫০ চনৰ ৮ গৰাকীৰ পৰিৱৰ্তে ১৯৫৬ চনত ১১ গৰাকী, ১৯৬০ চনত ১৪ গৰাকী, ১৯৭৮ চনত ১৮ গৰাকী আৰু ১৯৮৬ চনত ২৬ গৰাকীলৈ বৃদ্ধি কৰা হৈছিল ন্যায়াধীশৰ সংখ্যা ।
ইয়াৰ পিচতেই ন্যায়াধীশৰ সংখ্যা বৃদ্ধি পোৱাত তেওঁলোকে দুজন বা তিনিজন ন্যায়াধীশৰ দ্বাৰা গঠিত খণ্ড বিচাৰপীঠৰ দ্বাৰা আৰু তাতকৈ বেছি ৫ জনীয়া বিচাৰপীঠৰ দ্বাৰা যিকোনো গোচৰৰ শুনানি গ্ৰহণ কৰিব নাইবা ন্যায় প্ৰদান কৰিব পাৰিব বুলি কোৱা হৈছিল ।