অসম

assam

ETV Bharat / bharat

টিপু চুলতানক ইমৰাণ খানৰ শ্ৰদ্ধাঞ্জলি - ETV BHARAT

পাক প্ৰধানমন্ত্ৰীগৰাকীয়ে টিপু চুলতানৰ প্ৰশংসা কৰি কয় যে গোলাম হিচাপে জীয়াই থকাতকৈ স্বাধীনতাৰ বাবে মৃত্যুক সাৱটি লৈছিল তেওঁ । খানে টুইটাৰৰ জৰিয়তে মহীশূৰ ৰাজ্যৰ শাসক ৰাকীক সন্মান প্ৰদৰ্শন কৰে । ইয়াৰ পূৰ্বেও ইমৰাণ খানে টিপু চুলতানৰ বীৰত্বক প্ৰশংসা কৰিছিল ।

টিপু চুলতানক শ্ৰদ্ধাঞ্জলী জনালে ইমৰাণ খানে

By

Published : May 5, 2019, 4:29 PM IST

নিউজ ডেস্ক, ৫ মে': অষ্টদশ শতিকাৰ মহীশূৰৰ শাসক টিপু চুলতানৰ মৃত্যু বাৰ্ষিকী উপলক্ষে শ্ৰদ্ধাঞ্জলি জনালে পাকিস্তানৰ প্ৰধানমন্ত্ৰী ইমৰাণ খানে । পাক প্ৰধানমন্ত্ৰীগৰাকীয়ে টিপু চুলতানৰ প্ৰশংসা কৰি কয় যে গোলাম হিচাপে জীয়াই থকাতকৈ স্বাধীনতাৰ বাবে মৃত্যুক সাৱটি লৈছিল তেওঁ । খানে টুইটাৰৰ জৰিয়তে মহীশূৰ ৰাজ্যৰ শাসক ৰাকীক সন্মান প্ৰদৰ্শন কৰে । ইয়াৰ পূৰ্বেও ইমৰাণ খানে টিপু চুলতানৰ বীৰত্বক প্ৰশংসা কৰিছিল ।

উল্লেখ্য যে, টিপু চুলতানে স্বাধীনতা ৰক্ষাৰ বাবে মৃত্যুক সাৱটি লোৱাৰ পূৰ্বে কৈছিল যে হাজাৰ বছৰলৈ ভেড়াৰ দৰে জীয়াই থকাতকৈ এদিনৰ বাবে বাঘৰ দৰে জীয়াই থকাই ভাল । লগতে তেওঁৰ প্ৰশাসনত বহুকেইটা নতুন নীতিৰ সংযোজন কৰাৰ বাবে টিপু চুলতান বুৰঞ্জীত বিখ্যাত আছিল । প্ৰয়াত ভাৰতৰ ৰাষ্ট্ৰপতি আব্দুল কালামেও বেংগালুৰুত ১৯৯১ চনৰ এক ভাষণত টিপু চুলতানক বিশ্বৰ প্ৰথম জন যুদ্ধ ৰকেটৰ উদ্ভাৱক হিচাপে স্বীকৃতি দিছিল ।

ABOUT THE AUTHOR

...view details