ইচলামাবাদ, 1 নৱেম্বৰ :গিলগিত - বাল্টিস্তানৰ মৰ্যদা সলনি কৰাক লৈ পাকিস্তানত প্ৰতিবাদ অব্যাহত থকাৰ মাজত শনিবাৰে প্ৰধান মন্ত্ৰী ইমাৰান খানে গিলগিত - বাল্টিস্তানক অস্থায়ী প্ৰাদেশিক মৰ্যদা প্ৰদান কৰাৰ কথা ঘোষণা কৰে ৷ এই সিদ্ধান্তৰ লগে লগে পাকিস্তান অধিকৃত কাশ্মীৰৰ পৰা চৌদি আৰৱক আঁতৰি যোৱাৰ লগতে পাকিস্তানৰ মানচিত্ৰৰ পৰা গিলগিত বাল্টিস্তান আঁতৰি যাব ৷
উক্ত অঞ্চলত উপস্থিত হৈ প্ৰধানমন্ত্ৰী গৰাকীয়ে কয় যে " মই গিলগিত বাল্টিস্তানলৈ অহাৰ এক এক অন্যতম প্ৰধান কাৰণ হ'ল এয়ে যে আমি গিলগিত - বাল্টিস্তানক অস্থায়ী প্ৰাদেশিক মৰ্যদা প্ৰদান কৰাৰ এক সিদ্ধান্ত গ্ৰহণ কৰিছো ৷
গিলগিত বালতিস্তানৰ বিষয়টোক লৈ ইতিমধ্যে ইমৰান খান নেতৃত্বাধীন চৰকাৰখনৰ বিপক্ষে তীব্ৰ প্ৰতিবাদ গঢ় লৈ উঠিছে ৷ এই ঘোষণাৰ ফলত অধিক ক্ষোভৰ বৰ্হিপ্ৰকাশ হোৱাৰ আশংকা কৰা হৈছে ৷