নিউজ ডেস্ক, 8 আগষ্ট : কেৰালাৰ কোঝিকোডেৰ কাৰিপুৰ বিমান বন্দৰত সংঘটিত বিমান দুৰ্ঘটনাত শোক প্ৰকাশ কৰিছে পাকিস্তানৰ প্ৰধানমন্ত্ৰী ইমৰাণ খানে ৷ টুইটাৰযোগে ইমৰাণ খানে শোক প্ৰকাশ কৰি কয় যে,আল্লাই দুৰ্ভগীয়া পৰিয়ালকেইটাক শক্তি আৰু সাহস দিয়ক ৷
ডুবাইৰ পৰা অহা এয়াৰ ইণ্ডিয়াৰ এখন বিমান শুকুৰবাৰে সন্ধিয়া 7.41 বজাত দুৰ্ঘটনাত পতিত হয় কাৰিপুৰত ৷ বিমানখনত থকা 190 গৰাকী যাত্ৰীৰ ভিতৰত 18 গৰাকীয়ে ইতিমধ্যে মৃত্যুক আঁকোৱালি লৈছে ৷ ইয়াৰ মাজত আছে দুজন পাইলট ৷
এয়াৰ ইণ্ডিয়া এক্সপ্ৰেছ IX-1344 বিমানখনে বন্দে ভাৰত অভিযানৰ অংশ হিচাপে ডুবাইৰ পৰা 190 গৰাকী যাত্ৰী লৈ উৰা মাৰিছিল ভাৰতলৈ ৷ কিন্তু কোঝিকোডেৰ কাৰিপুৰ বিমান বন্দৰত অৱতৰণৰ সময়তে দুৰ্ঘটনাত পতিত হয় বিমানখন ৷ কেৰালাৰ মুখ্যমন্ত্ৰীয়ে প্ৰকাশ কৰা অনুসৰি ঘটনাস্থলী উদ্ধাৰ অভিযান চলাই আছে উদ্ধাৰকাৰী দলে ৷ আন্তঃৰাষ্ট্ৰীয় বিমান পৰিবহন সংস্থা(IATA) কৰ্তৃপক্ষইও এই বিমান দুৰ্ঘটনাত শোক প্ৰকাশ কৰিছে ৷
লগতে পঢ়ক :কেৰালা বিমান দুৰ্ঘটনা : প্ৰধানমন্ত্ৰী-ৰাষ্ট্ৰপতিৰ লগতে বিভিন্ন জনৰ শোক প্ৰকাশ