অসম

assam

ETV Bharat / bharat

ৰাষ্ট্ৰীয় প্ৰেক্ষাপটত দিনটোৰ শীৰ্ষ বাতৰিসমূহ... - কৰ্ণাটকৰ মুখ্যমন্ত্ৰী বিএছ য়েডিয়ুৰাপ্পা

লুক্সেমবাৰ্গৰ প্ৰধানমন্ত্ৰীৰ সৈতে ভাৰ্চুৱেল বৈঠকত অংশগ্ৰহণ কৰিব প্ৰধানমন্ত্ৰী মোডীয়ে ৷ কৃষ্ণ জন্মভূমিৰ দাবী সম্বলিত অভিযোগৰ আজি শুনানি গ্ৰহণ কৰিব মথুৰা আদালতে ৷ আজি দিল্লী ভ্ৰমণ কৰিব কৰ্ণাটকৰ মুখ্যমন্ত্ৰী বিএছ য়েডিয়ুৰাপ্পাই ৷ উড়িশা বিধানসভাৰ শীতকালিন অধিবেশনৰ পূৰ্বে আজি সকলো দলৰ বৈঠক ৷

ৰাষ্ট্ৰীয় প্ৰেক্ষাপটত দিনটোৰ শীৰ্ষ বাতৰিসমূহ
ৰাষ্ট্ৰীয় প্ৰেক্ষাপটত দিনটোৰ শীৰ্ষ বাতৰিসমূহ

By

Published : Nov 18, 2020, 9:21 AM IST

1. লুক্সেমবাৰ্গৰ প্ৰধানমন্ত্ৰীৰ সৈতে ভাৰ্চুৱেল বৈঠকত অংশগ্ৰহণ কৰিব প্ৰধানমন্ত্ৰী মোডীয়ে

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী আৰু লুক্সেমবাৰ্গৰ প্ৰধানমন্ত্ৰী জেভিয়াৰ বেটেলে আজি এক ভাৰ্চুৱেল বৈঠকত মিলিত হ'ব ৷ দুয়ো দেশৰ দ্বিপাক্ষিক সম্পৰ্কৰ ওপৰত দুয়োগৰাকী নেতাই আলোচনা কৰিব ৷ যোৱা দুটা দশকত এয়া দুয়ো দেশৰ মাজত প্ৰথমখন দ্বিপাক্ষিক বৈঠক বুলি জানিবলৈ দিয়ে বৈদেশিক মন্ত্ৰণালয়ে ৷

প্ৰধানমন্ত্ৰী মোডী

2. কৃষ্ণ জন্মভূমিৰ দাবী সম্বলিত অভিযোগৰ আজি শুনানি গ্ৰহণ কৰিব মথুৰা আদালতে

বুধবাৰে ভগৱান কৃষ্ণৰ জন্মভূমিত 17 শতিকাৰ ঈদগাহ মছজিদ নিষ্কাষণ সম্পৰ্কত শুনানি গ্ৰহণ কৰিব মথুৰা আদালতে ৷

মথুৰা আদালত

3. আজি দিল্লী ভ্ৰমণ কৰিব কৰ্ণাটকৰ মুখ্যমন্ত্ৰী বিএছ য়েডিয়ুৰাপ্পাই

কেবিনেটৰ সম্প্ৰসাৰণ সম্পৰ্কত আলোচনাৰ বাবে আজি দিল্লী ভ্ৰমণ কৰাৰ সম্ভাৱনা আছে কৰ্ণাটকৰ মুখ্যমন্ত্ৰী বিএছ য়েডিয়ুৰাপ্পাই ৷ বিজেপিৰ শীৰ্ষ নেতৃবিন্দৰ সৈতে এই সম্পৰ্কত আলোচনা কৰিব বুলি সম্ভাৱনা ব্যক্ত কৰা হৈছে ৷

বিএছ য়েডিয়ুৰাপ্পা

4. উড়িশা বিধানসভাৰ শীতকালিন অধিবেশন : আজি সকলো দলৰ বৈঠক

উড়িশা বিধানসভাৰ অধ্যক্ষ সূৰ্য নাৰায়ন পাত্ৰই 20 নৱেম্বৰৰ পৰা আৰম্ভ হ'বলগা শীতকালিন অধিৱেশনৰ পূৰ্বে আজি সকলো দলৰ এক বৈঠকৰ আয়োজন কৰিছে ৷ দেওবাৰে অধ্যক্ষগৰাকীয়ে জনাই যে, অধিৱেশনত প্ৰশ্ন ঘন্টা থাকিব নে আৰু বিভিন্ন বিষয় সম্পৰ্কত আলোচনা কৰা হ'ব ৷ উল্লেখ্য যে, 29 ছেপ্তেম্বৰৰ পৰা 7 অক্টোবৰ পৰ্যন্ত আয়োজন কৰা বৰ্ষাকালিন অধিৱেশনত ক'ভিড-19 মহামাৰীৰ বাবে প্ৰশ্ন ঘন্টা বাতিল কৰা হৈছিল ৷

উড়িশা বিধানসভাৰ শীতকালিন অধিবেশন

লগতে পঢ়ক :মহামাৰী আৰু আন্তৰিক সহযোগিতা লৈ বাইডেনৰ সৈতে মোডীৰ বৈঠক

ABOUT THE AUTHOR

...view details