অসম

assam

ETV Bharat / bharat

আজিৰ দিনটোৰ কেইটামান গুৰুত্বপূৰ্ণ কাৰ্যসূচী - আজিৰ দিনটোৰ কেইটামান গুৰুত্বপূৰ্ণ কাৰ্যসূচী

বিহাৰত এন ডি এই নিৰংকুশ সংখ্যগৰিষ্ঠতা অৰ্জন সমান্তৰালভাৱে ৰাজ্যখনত পুনৰ চৰকাৰ গঠন কৰাৰ বাবে প্ৰস্তুত হৈছে ৷ আনহাতে ওড়িশাৰ কটকত প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আই আই টিৰ এটা কমপ্লেক্স উদ্বোধন কৰিব আজি ৷

আজিৰ দিনটোৰ কেইটামান গুৰুত্বপূৰ্ণ কাৰ্যসূচী
আজিৰ দিনটোৰ কেইটামান গুৰুত্বপূৰ্ণ কাৰ্যসূচী

By

Published : Nov 11, 2020, 9:48 AM IST

1. বিহাৰত এন ডি এ সংখ্যাগৰিষ্ঠতা লাভ, চৰকাৰ গঠনৰ দিশে মিত্ৰজোট

বিহাৰত এন ডি এ সংখ্যাগৰিষ্ঠতা লাভ

ক্ষমতাত অধিষ্ঠিত এন ডি এ মিত্ৰজোঁটে পুনৰ বিহাৰত চৰকাৰ গঠনৰ দিশে অগ্ৰসৰ হৈছে৷ মিত্ৰজোঁটে বিহাৰত প্ৰয়োজনীয় 122 খন আসনৰ বিপৰীতে 125 খন আসনত জয়লাভ কৰিছে ৷ তিনখন আসন বেছিকৈ লাভ কৰে এন ডি এ মিত্ৰজোঁটে ৷ ইয়াৰ পিচতে বিহাৰত চৰকাৰ গঠনৰ দিশে আগবাঢ়িছে বিহাৰত ৷

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কটকত আই টি এটি কমপ্লেক্স উদ্বোধন কৰিব

2.প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কটকত আই টি এটি কমপ্লেক্স উদ্বোধন কৰিব

প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আজি ভিডিঅ' কনফাৰেন্সৰ যোগেদি ওড়িশাৰ কটকৰ আয়কৰ আপিল ট্ৰিবিউনেলৰ অত্যাধুনিক কাৰ্যালয় তথা আৱাসিক কমপ্লেক্স উদ্ধোধন কৰিব ৷

অৰ্ণৱ গোস্বামীৰ জামিন আবেদনৰ শুনানি গ্ৰহণ কৰিব

3.মুম্বাই উচ্চ ন্যায়ালয়ে নিৰ্দেশৰ বিৰুদ্ধে অৰ্ণৱ গোস্বামীৰ জামিন আবেদনৰ শুনানি গ্ৰহণ কৰিব

মুম্বাই উচ্চ ন্যায়ালয়ৰ নিৰ্দেশক প্ৰত্যাহ্বান জনাই সাংবাদিক অৰ্ণৱ গোস্বামীয়ে তৰা এক আবেদনৰ শুনানি গ্ৰহণ কৰিব আজি উচ্চতম ন্যায়ালয়ে ৷ 2018 চনৰ এক আত্মহত্যাৰ গোচৰত অৰ্ণৱ গোস্বামীয়ে জনোৱা অন্তৱৰ্তীকালীন জামিন আবেদন খাৰিজ কৰিছিল আদালতে ৷

গুৰু টেগ বাহাদুৰৰ জন্মবাৰ্ষিকী

4.গুৰু টেগ বাহাদুৰৰ জন্মবাৰ্ষিকী উপলক্ষে দিল্লীত স্বাস্থ্য শিবিৰ,ৰক্ত দান কাৰ্যসূচী

গুৰু টেগ বাহাদুৰৰ আজি 400তম জন্মবাৰ্ষিকী উপলক্ষে দিল্লীৰ শিখ গুৰুদ্বাৰ পৰিচালনা সমিতিয়ে সমগ্ৰ দিল্লীতে বিশেষ অনুষ্ঠানৰ আয়োজন কৰিছে ৷ এই কাৰ্যসূচীত বৃক্ষৰোপণ, ৰক্ত দান শিবিৰ আৰু বিনামূলীয়া চিকিৎসাৰ ব্যৱস্থা আছে ৷

লগতে চাওকঃ বিহাৰ বিধানসভা নিৰ্বাচনী ফলাফল 2020 : নেতাৰ প্ৰতিক্ৰিয়া

ABOUT THE AUTHOR

...view details