অসম

assam

ETV Bharat / bharat

ৰাষ্ট্ৰীয় প্ৰেক্ষাপত আজিৰ দিনটোত ক'ত কি? - প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী

বিহাৰত পূৰ্ণোদ্যমে অব্যাহত আছে বিধানসভা নিৰ্বাচনৰ প্ৰচাৰৰ কাৰ্যসূচী ৷ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু কংগ্ৰেছৰ প্ৰাক্তন সভাপতি ৰাহুল গান্ধীয়ে ব্যাপক নিৰ্বাচনী প্ৰচাৰৰ কাৰ্যসূচীত ব্যস্ত থকাৰ লগতে একাধিক জনসভাত ৰাইজক সম্বোধন কৰিছে দুয়োগৰাকী নেতাই ৷ প্ৰতিপক্ষক সমালোচনাৰে থকা সৰকা কৰাৰ যুজ তীব্ৰ হৈ পৰিছে ৰাজনৈতিক দল সমূহৰ মাজত ৷

ৰাষ্ট্ৰীয় প্ৰেক্ষাপত আজিৰ দিনটো
ৰাষ্ট্ৰীয় প্ৰেক্ষাপত আজিৰ দিনটো

By

Published : Oct 23, 2020, 10:03 AM IST

1.প্ৰধান মন্ত্ৰী মোদীয়ে তিনিখন জনসভাত ভাগ ল'ব বিহাৰত

প্ৰধান মন্ত্ৰীয়ে বিহাৰৰ তিনিখন জনসভাত ভাগ লৈ ৰাইজক সম্বোধন কৰিব আজি ৷ বিহাৰৰ ৰোহিটাস জিলাত হ'বলগীয়া দেহৰীৰ এক জনসভাত অংশগ্ৰহণ কৰাৰ লগতে আজিৰ পৰা বিহাৰ নিৰ্বাচনৰ প্ৰচাৰ কাৰ্যসূচীৰ শোভাৰম্ভ কৰিব ৷ ইয়াৰ পিচতে গয়াৰ ঐতিহাসিক গান্ধী ময়দানত দ্বিতীয়খন জনসভাত ভাগ লোৱাৰ অন্তত ভাগলপুৰত তৃতীয়খন জনসভাত অংশগ্ৰহণ কৰি ৰাইজক সম্বোধন কৰিব ৷

প্ৰধান মন্ত্ৰী মোদীয়ে তিনিখন জনসভাত ভাগ ল'ব বিহাৰত

2.ৰাহুল গান্ধী তেজস্বী যাদৱে যৌথভাৱে অংশ ল'ব বিহাৰৰ জনসভাত

আজি ৰাহুল গান্ধী আৰু তেজস্বী যাদৱে যৌথভাৱে বিহাৰৰ এক নিৰ্বাচনী প্ৰচাৰ সভাত অংশ গ্ৰহণ কৰিব৷ বিহাৰৰ এই জনসভাত তেজস্বী যাদৱে ৰাইজক সম্বোধন কৰাৰ লগতে কংগ্ৰেছ নেতা ৰাহুল গান্ধীয়েও বিহাৰ বিধানসভা নিৰ্বাচনত অংশগ্ৰহণ কৰিব আজি৷ ৰাহুল গান্ধীয়ে বিহাৰত আজিৰ দিনটোত দুখন জনসভাত অংশগ্ৰহণ কৰিব তেওঁৰ লগতে থাকিব আৰ জে ডিৰ নেতা তেজস্বী যাদৱ ৷ তেওঁলোকে প্ৰথমে বিহাৰৰ হিছুৱাত জনসভাত ভাগ ল'ব ৷

ৰাহুল গান্ধী তেজস্বী যাদৱে যৌথভাৱে অংশ ল'ব বিহাৰৰ জনসভাত

3. আজি এন চিপিত যোগদান কৰিব খাদসেই

মহাৰাষ্ট্ৰৰ জেষ্ঠ নেচা একনাথ খদসেই আজি যোগদান কৰিব এন চিপি দলত ৷ এসময়ৰ বিজেপি নেতাগৰাকীয়ে দল ত্যাগ কৰিছিল কিছুদিন পূৰ্বে ৷ এক অসমৰ্থিত সূত্ৰ অনুসৰি আজি তেখেতে এন চিপি দলত যোগদান কৰাৰ সম্ভাৱনা আছে ৷

আজি এন চিপিত যোগদান কৰিব খাদসেই

লগতে চাওকঃদিনটোৰ শীৰ্ষ বাতৰি

ABOUT THE AUTHOR

...view details