অসম

assam

ETV Bharat / bharat

ৰাষ্ট্ৰীয় প্ৰেক্ষাপটত আজিৰ কেইটামান গুৰুত্বপূৰ্ণ কাৰ্যসূচী

জম্মু কাশ্মীৰৰ হিংসাত্মক ঘটনাক প্ৰৰোচিত কৰাৰ ক্ষেত্ৰত থকা পাকিস্তানৰ ভূমিকক দাঙি ধৰাৰ উদ্দেশ্যে ভাৰতত আজি ক'লা দিৱস পালন কৰা হ'ব ৷ আনফালে শাৰদীয় দূৰ্গা পূজা উপলক্ষে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে পশ্চিমবংগৰ ৰাইজক শুভেচ্ছা প্ৰদান কৰাৰ লগতে ভাৰ্চুৱেলী এক কাৰ্যসূচীত অংশ গ্ৰহণ কৰিব ৷

ৰাষ্ট্ৰীয় প্ৰেক্ষাপটত আজিৰ কেইটামান গুৰুত্বপূৰ্ণ কাৰ্যসূচী

By

Published : Oct 22, 2020, 7:57 AM IST

নিউজ ডেস্ক, 22 অক্টোবৰঃআজিৰ দিনটোৰ কেইটামান গুৰুত্ব পূৰ্ণ কাৰ্যসূচী থোৰতে জানি থও আহক-

ভাৰতত ক'লা দিৱস পালন

1.জম্মু আৰু কাশ্মীৰত হিংসাত্মক কাৰ্যত পাকিস্তান জড়িত থকাৰ কথা দাঙি ধৰিবলৈ ভাৰতত ক'লা দিৱস পালন

প্ৰতিবছৰৰ 22 অক্টোবৰৰ দিনটোত-জম্মু আৰু কাশ্মীৰত হিংসাত্মক কাৰ্যকলাপেৰে পাকিস্তানে সন্ত্ৰাসবাদৰ পোষকতা কৰি কাশ্মীৰ উপত্যকাক অস্থিৰ কৰি ৰখাৰ বিষয়ে বিশ্বক জনোৱাৰ উদ্দেশ্যে ক'লা দিৱস পালন কৰা হ'ব ৷

প্ৰধানমন্ত্ৰীয়ে কলকাতাৰ দূৰ্গা পূজাৰ উদযাপনত অংশগ্ৰহণ কৰিব আজি

2. প্ৰধানমন্ত্ৰীয়ে কলকাতাৰ দূৰ্গা পূজাৰ উদযাপনত অংশগ্ৰহণ কৰিব আজি

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আজি কলকাতাৰ শাৰদীয় দূৰ্গোৎসৱৰ অনুষ্ঠানত আনুষ্ঠানিকভাৱে অংশগ্ৰহণ কৰি পশ্চিমবংগৰ ৰাইজক শুভেচ্ছা প্ৰদান কৰিব, অৱশ্যে প্ৰধান মন্ত্ৰীয়ে ভাৰ্চুৱেল পদ্ধতিৰে অংশগ্ৰহণ কৰিব এই কাৰ্যসূচীত ৷

ৰিজাৰ্ভ বেংকে প্ৰথমবাৰৰ বাবে এছ ডি এল এছৰ অ এম অৰ ক্ৰয় বিক্ৰয় পৰিচালনা কৰিব

3. ৰিজাৰ্ভ বেংকে প্ৰথমবাৰৰ বাবে এছ ডি এল এছৰ অ এম অৰ ক্ৰয় বিক্ৰয় পৰিচালনা কৰিব

শুকুৰবাৰে ভাৰতীয় ৰিজাৰ্ভ বেংকে জনাই যে,আৰ বি আইয়ে আজি 10,000 কোটি টকা ৰাজ্য বিকাশ ঋণৰ বাবে অপেন মাৰ্কেট অপাৰেশ্যন প্ৰক্ৰিয়া পৰিচালনা কৰিব ৷

বিহাৰ নিৰ্বাচনৰ বাবে আজি ইস্তাহাৰ প্ৰকাশ কৰিব নিৰ্মলা সীতাৰমণে

4. বিহাৰ নিৰ্বাচনৰ বাবে আজি ইস্তাহাৰ প্ৰকাশ কৰিব নিৰ্মলা সীতাৰমণে

বিত্ত মন্ত্ৰী নিৰ্মলা সীতাৰমণে আজি আগন্তুক বিহাৰ নিৰ্বাচনৰ বাবে বিজেপি দলৰ ইস্তাহাৰ প্ৰকাশ কৰিব ৷ বিহাৰৰ নিৰ্বাচনলৈ মাজত মাত্ৰ কেইটামান দিন বাকী ৷ ৰাজনৈতিক দলসমূহৰ অনুশীলন অব্যাহত আছে বিহাৰত ৷

লগতে চাওকঃ আশাবাদী হাগ্ৰামা : বি টি চিত বি পি এফৰ নেতৃত্বতেই হ’ব চৰকাৰ

ABOUT THE AUTHOR

...view details