1. সোমবাৰে ঐতিহাসিক ইউএনজিএ অধিবেশন সম্বোধন কৰিব প্ৰধানমন্ত্ৰী মোদীয়ে
21 ছেপ্টেম্বৰত অনুষ্ঠিত হ'বলগীয়া ৰাষ্টসংঘৰ সাধাৰণ সভাৰ প্ৰথম দুই বৈঠকত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে অংশগ্ৰহণ কৰিব ৷ এই দুই বৈঠকৰ প্ৰথমখনত প্ৰধানমন্ত্ৰীয়ে ৰাষ্ট্ৰসংঘত ভাৰতক প্ৰতিনিধিত্ব কৰিব লগতে ৰাষ্টীয় বক্তব্য আগবঢ়াব ৷ আনখন বৈঠক হৈছে ৰাষ্টসংঘৰ 75 সংখ্যক বাৰ্ষিকীৰ এক পূৰ্ণাংগ বৈঠক ৷
ৰাষ্টসংঘৰ সাধাৰণ সভাৰ বৈঠকত প্ৰধানমন্ত্ৰী মোদী 2. আজি বিহাৰৰ 9 টা ৰাষ্ট্ৰীয় ঘাইপথৰ আধাৰশিলা স্থাপন কৰিব প্ৰধানমন্ত্ৰী মোদীয়ে
প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে সোমবাৰে ভিডিঅ' কনফাৰেন্সিং যোগে বিহাৰৰ 9 টা ৰাষ্ট্ৰীয় ঘাইপথৰ আধাৰশিলা স্থাপন কৰিব ৷ প্ৰায় 14,258 কোটি টকা ব্যয় সাপেক্ষে নিৰ্মান কৰা হ’ব 350 কিল'মিটাৰ দৈৰ্ঘ্যৰ এই পথ ৷
বিহাৰৰ 9 টা ৰাষ্ট্ৰীয় ঘাইপথৰ আধাৰশিলা স্থাপন কৰিব প্ৰধানমন্ত্ৰী মোদীয়ে 3. ছমাহৰ পিছত পুনৰ মুকলি হ’ব তাজমহল, আগ্ৰাৰ কিল্লা
ক’ভিড-19 ৰ ভয়াৱহতাৰ বাবে বিগত কেইবামাহ ধৰি বন্ধ হৈ আছিল তাজমহল তথা আগ্ৰাৰ কিল্লা ৷ ক'ভিড প্ৰট'কলৰ মাজেৰে সোমবাৰৰ পৰা পুনৰ আৰম্ভ হ’ব এই পৰ্যটনথলী ৷
ছমাহৰ পিছত পুনৰ মুকলি হ’ব তাজমহল, আগ্ৰাৰ কিল্লা 4. সম্পূৰ্ণ ছমাহ পাছত জম্মুত সোমবাৰৰ পৰা একাংশ বিদ্য়ালয় খোলাৰ প্ৰস্তুতি
জম্মুৰ সমূহ চৰকাৰী তথা বেচৰকাৰী বিদ্যালয় সমূহ ক’ভিড প্ৰট’কলৰ মাজত খোলাৰ ব্য়ৱস্থা কৰিছে চৰকাৰে ৷ ছাত্ৰ-ছাত্ৰীসকলক সম্পূৰ্ণ সুৰক্ষাৰ ব্য়ৱস্থাৰে ছমাহ পাছত পুনৰ সোমবাৰৰ পৰা বিদ্যালয় খোলাৰ নিৰ্দেশ ৷
সম্পূৰ্ণ ছমাহ পাছত জম্মুত সোমবাৰৰ পৰা একাংশ বিদ্য়ালয় খোলাৰ প্ৰস্তুতি 5. সাংগঠনিক সমস্যাক লৈ কংগ্ৰেছ নেতাৰ বৈঠক
সংসদত চলিত বৰ্ষাকালীন অধিবেশনৰ মাজতে কিছু গুৰুত্বপূৰ্ণ বিষয়ৰ ওপৰত আলোচনা কৰাৰ বাবে দলৰ নেত্ৰী ছোনীয়া গান্ধী আৰু দলৰ ভূতপূৰ্ব অধ্যক্ষ ৰাহুল গান্ধীৰ অনুপস্থিতিতেই সোমবাৰে কংগ্ৰেছৰ সাধাৰণ সম্পাদক সকলৰ লগতে ৰাজ্যিক কাৰ্যবাহী সকলে এক আলোচনাত মিলিত হ’ব ৷ কংগ্ৰেছৰ কাৰ্যনিৰ্বাহক সভাৰ পাছতেই এইখন প্ৰথম বৈঠক ৷
সাংগঠনিক সমস্যাক লৈ কংগ্ৰেছ নেতাৰ বৈঠক 6. আজি এনচিবিৰ তদন্তত সুশান্ত সিং ৰাজপুতৰ প্রতিভা ব্যৱস্থাপক তথা ব্যৱসায়িক পৰিচালক
মাদকদ্রব্য নিয়ন্ত্রণ ব্যুৰোয়ে (এনচিবি) সুশান্ত সিং ৰাজপুতৰ প্রতিভা ব্যৱস্থাপক জয়া সাহাৰ লগতে ব্যৱসায়িক পৰিচালক শ্রুতি মোদীৰ তদন্ত অব্যাহত ৰাখিছে ৷
এনচিবিৰ তদন্তত সুশান্ত সিং ৰাজপুতৰ প্রতিভা ব্যৱস্থাপক তথা ব্যৱসায়িক পৰিচালক লগতে পঢ়ক :77 সংখ্যক জন্মজয়ন্তীত ৰাণা দাক সশ্ৰদ্ধ সোঁৱৰণ