1. 'স্বনিধি সম্বাদ'ৰ আয়োজন কৰিব প্ৰধানমন্ত্ৰী মোডীয়ে
মধ্য়প্ৰদেশৰ পৰা আজি প্ৰধানমন্ত্ৰীয়ে আৰম্ভ কৰিব 'স্বনিধি সম্বাদ' ৷ মধ্যপ্ৰদেশৰ পথৰ কাষত বিভিন্ন সামগ্ৰী বিক্ৰী কৰা লোকসকলৰ সৈতে তেওঁ এই আঁচনি আৰম্ভ কৰিব ৷ উল্লেখ্য যে, দুখীয়া বিক্ৰেতাসকলক সহায়ৰ হাত আগবঢ়াবৰ বাবে 2020 চনৰ 1 জুনত আৰম্ভ কৰা হৈছিল প্ৰধানমন্ত্ৰী স্বনিধি আঁচনি ৷ এই আঁচনিৰ অধীনত প্ৰায় 4.5 লাখ বিক্ৰেতাক পঞ্জীয়নভূক্ত কৰা হৈছিল ৷ ইয়াৰ 4 লাখে ইতিমধ্যে লাভ কৰিছে বিক্ৰেতাৰ প্ৰমাণপত্ৰ ৷