অসম

assam

By

Published : Sep 2, 2020, 8:07 AM IST

ETV Bharat / bharat

ৰাষ্ট্ৰীয় প্ৰেক্ষাপটত আজিৰ দিনটো

আজি দিল্লী দুৰ্যোগ ব্যৱস্থাপনা কৰ্তৃপক্ষৰ এক বৈঠক অনুস্থিত হ’ব ৷ লগতে অসম, বিহাৰকে ধৰি কৰ্ণাটক, কেৰালা, আৰু তামিলনাডুত প্ৰচুৰ বৃষ্টিপাত হোৱাৰ সম্ভাৱনা ব্যক্ত কৰিছে ভাৰতীয় বতৰ বিজ্ঞান বিভাগে ৷ আনহাতে, চাংঘাই সহযোগী সংস্থাৰ আলোচনাত অংশগ্ৰহণ কৰাৰ বাবে আজি ৰাছিয়ালৈ উৰা মাৰিব প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিং ৷

Important national events to look for today
ৰাষ্ট্ৰীয় প্ৰেক্ষাপটত আজিৰ দিনটো

1. আজি অনুস্থিত হ’ব দিল্লী দুৰ্যোগ ব্যৱস্থাপনা কৰ্তৃপক্ষৰ বৈঠক, আনলক-4ৰ গাইডলাইন হ’ব এজেণ্ডা

আজি দিল্লী দুৰ্যোগ ব্যৱস্থাপনা কৰ্তৃপক্ষই এখন বৈঠক অনুস্থিত কৰিব ৷ এই বৈঠকতে ৰাজধানী দিল্লীত আনলক-4ৰ গাইডলাইনৰ লগতে দিল্লী মেট্ৰ’ সেৱা সন্দৰ্ভত সিদ্ধান্ত গ্ৰহণ কৰা হ’ব ৷ সমান্তৰালকৈ দিল্লী দুৰ্যোগ ব্যৱস্থাপনা কৰ্তৃপক্ষই দেওবাৰে সাপ্তাহিক বজাৰসমূহ ট্ৰায়েল ভিত্তিত 6 ছেপ্তেম্বৰলৈকে কাৰ্যকৰী কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰা বুলি জানিবলৈ দিয়ে দিল্লী চৰকাৰে ৷

আজি অনুস্থিত হ’ব দিল্লী দুৰ্যোগ ব্যৱস্থাপনা কৰ্তৃপক্ষৰ বৌঠক

2. অসম, বিহাৰকে ধৰি দেশৰ বিভিন্ন প্ৰান্তত প্ৰচুৰ বৃষ্টিপাত হোৱাৰ সম্ভাৱনাঃভাৰতীয় বতৰ বিজ্ঞান বিভাগ

আজি দেশৰ মধ্য পূৰ্ব, পূৱ আৰু উত্তৰ-পূৱ ভাৰতৰ কেইবাটাও অঞ্চলত প্ৰৱল বৃষ্টিপাতৰ সম্ভাৱনা ব্যক্ত কৰিছে ভাৰতীয় বতৰ বিজ্ঞান বিভাগে ৷ ভাৰতীয় বতৰ বিজ্ঞান বিভাগে জনায় যে, আগন্তুক 12 ঘন্টাত বিহাৰ, পশ্চিম বংগ, ছিক্কিম, উড়িশা, দক্ষিণ অসম, মেঘালয়, মিজোৰাম, ত্ৰিপুৰা আৰু অন্ধ্ৰ প্ৰদেশৰ উপকূলীয় অঞ্চলত প্ৰৱল ধুমুহা বৰষুণ অহাৰ সম্ভাৱনা আছে ৷

অসম, বিহাৰকে ধৰি দেশৰ বিভিন্ন প্ৰান্তত প্ৰচুৰ বৃষ্টিপাত হোৱাৰ সম্ভাৱনা

3. আজি, কৰ্ণাটক, কেৰালা, আৰু তামিলনাডুত প্ৰচুৰ বৃষ্টিপাতৰ সম্ভাৱনা

মঙলবাৰৰ পৰা ভাৰতৰ উপকূলীয় অঞ্চলসমূহত বৃষ্টিপাতৰ তীব্ৰতা প্ৰচুৰভাৱে বৃদ্ধি পোৱাৰ সম্ভাৱনা ব্যক্ত কৰে ভাৰতীয় বতৰ বিজ্ঞান বিভাগে ৷ বিভাগটোৱে আৰু জনায় যে, 2 আৰু 3 ছেপ্তেম্বৰত দক্ষিণ আভ্যন্তৰ কৰ্ণাটক, কেৰালা আৰু তামিলনাডুত প্ৰৱল বৃষ্টিপাত হোৱাৰ সম্ভাৱনা আছে ৷ আনহাতে, কম চাপৰ অঞ্চলসমূহ হ’ব ৰাজস্থান আৰু ইয়াৰ চুবুৰীয়া অঞ্চলসমূহ ৷ ই আগন্তুক 24 ঘন্টাত উত্তৰৰ দিশে গতি কৰি হ্ৰাস পাব বুলি টুইটযোগে জনায় ভাৰতীয় বতৰ বিজ্ঞান বিভাগে ৷

কৰ্ণাটক, কেৰালা, আৰু তামিলনাডুত প্ৰচুৰ বৃষ্টিপাতৰ সম্ভাৱনা

4. চাংঘাই সহযোগী সংস্থাৰ আলোচনাত অংশগ্ৰহণ কৰাৰ বাবে আজি ৰাছিয়ালৈ উৰা মাৰিব প্ৰতিৰক্ষামন্ত্ৰী ৰাজনাথ সিং

আজি চাংঘাই সহযোগী সংস্থাৰ এক গুৰুত্বপূৰ্ণ বৈঠকত অংশগ্ৰহণ কৰাৰ বাবে ৰাছিয়ালৈ উৰা মাৰিব প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিং ৷ এই বৈঠকখন ভাৰত আৰু চীন অৰ্থাৎ ব্লকৰ দুই গুৰুত্বপূৰ্ণ সদস্যৰ মাজত বৃদ্ধি পোৱা সীমান্ত উদ্বিগ্নতাৰ পৰিপ্ৰেক্ষিতত অনুস্থিত কৰা হৈছে ৷

আজি ৰাছিয়ালৈ উৰা মাৰিব প্ৰতিৰক্ষামন্ত্ৰী ৰাজনাথ সিং

লগতে পঢ়ক-দ্বিতীয়বাৰলৈ ৰাছিয়া ভ্ৰমণত প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিং

ABOUT THE AUTHOR

...view details