1. দিল্লীত আজি শুভাৰম্ভ হ'ব দেশৰ প্ৰথমখন post-COVID ক্লিনিক
দিল্লীৰ ৰাজীৱ গান্ধী ছুপাৰ স্পেছিয়েলিটী হাস্পতালত আজি শুভাৰম্ভ হ'ব দেশৰ প্ৰথমখন post-COVID ক্লিনিক ৷ এই অনুষ্ঠানত উপস্থিত থাকিব মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱাল আৰু স্বাস্থ্যমন্ত্ৰী সত্যেন্দৰ জৈন ৷
দিল্লীত আজি শুভাৰম্ভ হ'ব দেশৰ প্ৰথমখন post-COVID ক্লিনিক 2. এন্টানানাৰিভোৰ পৰা প্ৰথমখন বিমানেৰে মুম্বাইলৈ অনা হ'ব 61 আৱদ্ধ ভাৰতীয়ক
এন্টানানাৰিভোৰ পৰা মুম্বাইলৈ প্ৰথমখন এয়াৰ মাডাগাস্কাৰ বিমানেৰে 61 গৰাকী আৱদ্ধ ভাৰতীয়ক প্ৰত্যাৱৰ্তন কৰোৱা হ'ব ৷ উল্লেখ্য যে, ক'ভিড-19 ৰ ফলত মাডাগাস্কাৰত আৱদ্ধ হৈ পৰিছিল এই লোকসকল ৷ এন্টানানাৰিভোৰ পৰা মুম্বাইলৈ প্ৰায় চাৰে ছয় ঘন্টাৰ সময় লাগিব বুলি জানিব পৰা গৈছে ৷
এন্টানানাৰিভোৰ পৰা প্ৰথমখন বিমানেৰে মুম্বাইলৈ অনা হ'ব 61 আৱদ্ধ ভাৰতীয়ক