1. আজি মণিপুৰত 13 নং ৰাষ্ট্ৰীয় ঘাইপথ প্ৰকল্পৰ আধাৰশিলা স্থাপন কৰিব কেন্দ্ৰীয় মন্ত্ৰী নিতিন গাডাকৰীয়ে
মণিপুৰত 13 নং ৰাষ্ট্ৰীয় ঘাইপথ প্ৰকল্পৰ আধাৰশিলা স্থাপন কৰিব নিতিন গাডাকৰীয়ে কেন্দ্ৰীয় যাতায়ত আৰু ৰাষ্ট্ৰীয় ঘাইপথ মন্ত্ৰী নিতিন গাডকাৰীয়ে সোমবাৰে মণিপুৰত 3000 কোটি টকীয়া 13 নং ৰাষ্ট্ৰীয় ঘাইপথ প্ৰকল্পৰ আধাৰশিলা স্থাপন কৰিব ৷ দিনৰ 11.30 বজাত মুখ্যমন্ত্ৰী এন বিৰেন সিঙৰ উপস্থিতিত এই কাৰ্যসূচী ৰূপায়ন কৰা হ’ব ৷ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীক ধন্যবাদ জ্ঞাপন কৰি মণিপুৰ চৰকাৰে আজিৰ দিনটোক বিশেষ বুলি আখ্যা দিয়ে ৷
2. বিশেষ ব্যক্তিসকলৰ ভ্ৰমণৰ বাবে আজি ভাৰতে গ্ৰহণ কৰিব এখন বিশেষ নতুন বিমান
বিশেষ ব্যক্তিসকলৰ ভ্ৰমণৰ বাবে আজি ভাৰতে গ্ৰহণ কৰিব এখন বিশেষ বিমান এয়াৰ ইণ্ডিয়াই প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীকে ধৰি অন্যান্য বিশিষ্ট ব্যক্তিসকলৰ ভ্ৰমণৰ বাবে অধ্যাধুনিক B777 বিমানখন আজি গ্ৰহণ কৰিব ৷ জুলাই মাহতে বিমানসমূহৰ সৰবৰাহ কৰাৰ দিন ধাৰ্য কৰা হৈছিল যদিও কোভিড-19 মহামাৰীৰ বাবে সৰবৰাহত কিছু দিন পলম হয় ৷ চেপ্তেম্বৰৰ ভিতৰত আন এখন অধ্যাধুনিক B777 বিমান গ্ৰহণ কৰিব ভাৰতে ৷