বিগত এমাহ আৰু পৰৱৰ্তী এমাহ অৰ্থনীতিৰ বাবে বিশেষকৈ ৰাজহ আৰু ঋণৰ ক্ষেত্ৰত অতিকৈ গুৰুত্বপূৰ্ণ বুলি বিবেচিত হৈছে । কেন্দ্ৰীয় চৰকাৰে অতিৰিক্ত ১.৬ লাখ কোটি টকা ঋণৰ বাবে সংসদৰ অনুমতি বিচাৰিছে । জি এছ টিৰ ক্ষতিপূৰণৰ লগত জড়িত সংঘাত বা মতানৈক্যৰ পৰিপ্ৰেক্ষিতত তেৰখন ৰাজ্যই বিশেষ ঋণ ব্যৱস্থাৰ বাবে সন্মতি প্ৰকাশ কৰিছে । কিন্তু এনে প্ৰেক্ষাপটত ভগৱানৰ প্ৰভাৱ বা ভগৱানসৃষ্ট কাৰণৰ প্ৰৱেশৰ ফলত এই পৰিস্থিতিৰ অধিক অৱনতি ঘটিছে । কিয়নো এয়া সদায় কৌশলপূৰ্ণ বিষয় হিচাপে গণ্য কৰি অহা হৈছে । যেতিয়া মতানৈক্যবোৰ সংবিধানক কেন্দ্ৰ কৰি হয় তেতিয়া বিষয়টো অধিক জটিল হৈ পৰে । তাতোকৈ বেছি সমস্যাৰ সৃষ্টি হয় যেতিয়া বিষয়টো বিত্তীয়, কেন্দ্ৰ আৰু ৰাজ্য চৰকাৰৰ মাজৰ সম্পৰ্ক বা যুক্তৰাষ্ট্ৰবাদৰ লগত যুক্ত থাকে । চমুকৈ ক’বলৈ হ’লে জি এছ টিৰ ক্ষতিপূৰণক লৈ শেহতীয়াকৈ সৃষ্টি হোৱা বিতৰ্ক আৰু কেন্দ্ৰীয় চৰকাৰৰ এই ক্ষেত্ৰত ভূমিকা এৰাই চলিব পাৰিব লাগিছিল । এই বিতৰ্ক ৰাজহুৱা নীতিৰ বাবেও এটা ডাঙৰ শিক্ষা । কিয়নো ভাৰতৰ অৰ্থনৈতিক আৰু ৰাজনৈতিক ব্যৱস্থাৰ পৰিৱৰ্তন সাধন কৰিবলৈ গ’লে যে অধিক সতৰ্ক হোৱা প্ৰয়োজন সেয়া ইয়াৰ পৰা বুজা যায় । এই বিষয়বোৰ যাতে অত্যুক্তি আৰু ৰাজনৈতিক শ্ল’গানৰ মাজত হেৰাই নাযায় । ভাৰতৰ দৰে জটিল আৰু বিচিত্ৰ দেশ এখনত যুক্তি, সুসংহত চিন্তাপ্ৰসূত ব্যাপক আৰু গভীৰ বিশ্লেষণৰ স্থান ৰাজনৈতিক শ্ল’গানে পূৰ কৰিব নোৱাৰে ।
জি এছ টি ক্ষতিপূৰণঃ আইন আৰু ইয়াৰ ব্যৱস্থা :
প্ৰথম দিনৰ পৰাই সামগ্ৰী আৰু সেৱা কৰ চমুকৈ জি এছ টিয়ে ভাৰতৰ ইতিমধ্য থকা এটা জটিল ব্যৱস্থাৰ অধিক অৱনতি ঘটাইছে । প্ৰথমতে, কেন্দ্ৰ আৰু ৰাজ্য চৰকাৰে মনত বিভিন্ন পৰিস্থিতিৰ কথা চিন্তা কৰি ব্যৱহাৰিক আৰু লাভজনক আলোচনাৰ আশ্ৰয় লোৱা নাছিল । ক’ভিডৰ দৰে মহামাৰীয়ে বিশ্ব অৰ্থনীতিক আক্ৰমণ কৰিলে কি হ’ব তেনে চিন্তা কৰা হোৱা নাছিল । ৰাজনৈতিক নেতৃত্বই নিজকে মহান সংস্কাৰক বুলি প্ৰতিপন্ন কৰিবলৈ লৰা-ঢপলা কৰিছিল । যাৰ ফলত গুৰুত্বপূৰ্ণ সমস্যাসমূহ হয় অৱজ্ঞা কৰা হৈছিল অথবা সেইবোৰক পাছলৈ থৈ দিয়া হৈছিল । ৰাজ্যসমূহৰ দৌৰাদৌৰি মূলতঃ অনা-অৰ্থনৈতিক কাৰণতহে আছিল । ৰাজ্য চৰকাৰসমূহেও নিজকে সংস্কাৰকামী বুলি দেখুৱাবলৈ বিচাৰিছিল । ফলত তেওঁলোকেও কেন্দ্ৰীয় চৰকাৰে যেতিয়া ক্ষীপ্ৰতাৰে জি এছ টি প্ৰৱৰ্তন কৰিছিল সেয়া গ্ৰহণ কৰিছিল । ৰাজ্য চৰকাৰসমূহক কেন্দ্ৰীয় চৰকাৰে ততাতৈয়াকৈ প্ৰতিশ্ৰুতি দিছিল যে ২০১৬ চনৰ ৩১ মাৰ্চৰ পৰা পাঁচ বছৰলৈ ক্ষতিপূৰণ আদায় দিয়া হ’ব । তেনে পৰিস্থিতিতেই সামগ্ৰী আৰু সেৱা কৰ (ৰাজ্যসমূহলৈ ক্ষতিপূৰণ) আইন, ২০১৭ গৃহীত কৰা হৈছিল ।
অত্যুৎসাহেৰে ভবা হৈছিল যে এই পাঁচ বছৰত ৰাজহ সংগ্ৰহৰ হাৰ বৃদ্ধি প্ৰতি বছৰে ১৪ শতাংশ হ’ব । তাতকৈ কম হ’লে সেয়া পাঁচ বছৰৰ বাবে ২০২২ চনলৈকে কেন্দ্ৰীয় চৰকাৰে বহন কৰিব । এই সকলো ঘাটি পৰোক্ষ কৰৰ জৰিয়তে পূৰোৱা হ’ব আৰু সেই ধনৰাশি জি এছ টি ক্ষতিপূৰণ পুঁজিত জমা কৰা হ’ব । এই যে ৰাজ্যসমূহৰ ৰাজহ প্ৰতি বছৰে ১৪ শতাংশকৈ বৃদ্ধি পাব বুলি বিশ্লেষণ আৰু দাবী কৰা গৈছিল সেয়া আছিল অৰ্থনৈতিক বিকাশ সম্পৰ্কে ভ্ৰান্ত ধাৰণাৰ ওপৰত প্ৰতিষ্ঠিত । সেয়া এনে এক বিশ্বাসৰ ওপৰত প্ৰতিষ্ঠিত আছিল যে একোৱেই ভাৰতৰ বিকাশত বাধা দিব নোৱাৰে । গছ আকাশলৈ মূৰ তুলি ডাঙৰ হয় এনেধৰণৰ বিশ্বাসেই যেন এই ক্ষেত্ৰত ক্ৰিয়া কৰিছিল । জি এছ টি আৰু ইয়াৰ ৰূপায়ণৰ জটিলতাৰ ফলতেই ক’ভিডৰ পূ্ৰ্বেই অৰ্থনীতি মন্থৰ হৈ পৰে ।
ঘাটিৰ পৰিমাণেই চিন্তাৰ কাৰণ । তিনি লাখ বা আঢ়ৈ লাখ কোটি ঘাটিৰ বিপৰীতে ক্ষতিপূৰণ পুঁজিৰ বাবে সংগ্ৰহ হ’ব লাগিছিল ৬৫ হাজাৰ কোটি । গতিকে ইয়াৰ পৰা ক’ব পাৰি যে সংগ্ৰহ যিয়েই নহওক ৰাজ্যসমূহক ক্ষতিপূৰণ দিবলৈ চৰকাৰ সাংবিধানিকভাৱে দায়বদ্ধ । সেয়া ক’ভিডৰ বাবে ঘাটিয়েই হওক বা আন কিবা । আনকি আইনখনে উদাহৰণৰ সৈতে ৬ আৰু ৭ নং অংশত অতি স্পষ্টভাৱে উল্লেখ কৰিছে যে পাঁচ বছৰৰ বাবে প্ৰতি দুমাহৰ মূৰে মূৰে ৰাজ্যসমূহক ক্ষতিপূৰণ প্ৰদান কৰা হ’ব । যিকোনো ঘাটিৰ বাবে কেন্দ্ৰই ক্ষতিপূৰণ আদায় নিদিব বুলি আইনখনে কোৱা নাই । আনহাতে আইনখনৰ ১২ নং দফাত কোৱা হৈছে যে জি এছ টি পৰিষদৰ পৰামৰ্শ অনুসৰি কেন্দ্ৰই ভিত্তি বৰ্ষ, ৰাজহ জমা নোহোৱাৰ পৰিস্থিতি, ধন আদায়ৰ প্ৰক্ৰিয়া আৰু ধৰণ সন্দৰ্ভত নিয়ম প্ৰৱৰ্তন কৰিব । গতিকে ৰাজ্যসমূহলৈ জি এছ টি ক্ষতিপূৰণ আদায়ৰ আইনৰ সংশোধন অবিহনে কেন্দ্ৰীয় চৰকাৰে ইয়াৰ পূৰ্বৰ প্ৰতিশ্ৰুতিসমূহৰ পৰা আঁতৰি আহিব নোৱাৰে ।