অসম

assam

By

Published : Jul 15, 2020, 2:57 PM IST

Updated : Jul 15, 2020, 4:01 PM IST

ETV Bharat / bharat

বহিৰাগমনে উপকৃত কৰিছে মাৰ্কিন যুক্তৰাষ্ট্ৰক: USIBCৰ সচিব

ৱাচিংটন ডিচিৰ পৰা জ্যেষ্ঠ সাংবাদিক স্মিতা শৰ্মাৰ সৈতে হোৱা এক সাক্ষাৎকাৰত প্ৰাক্তন কূটনীতিবিদ নিশা বিশ্বালে কি ক'লে জানিবলৈ চাওক এই প্ৰতিবেদন...

USIBCৰ সচিব
USIBCৰ সচিব

নিউড ডেস্ক, 15 জুলাই: ভাৰত আৰু আমেৰিকাৰ মাজত দীৰ্ঘ সময়ে চৰ্চা লাভ কৰি অহা এক সৰু বাণিজ্যিক লেনদেন 2020 বৰ্ষৰ ৰাষ্ট্ৰপতি নিৰ্বাচনৰ পূৰ্বে সম্ভৱ নহয় বুলি উল্লেখ কৰে প্ৰাক্তন কূটনীতিবিদ নিশা বিশ্বালে । বিশ্বাল অবামা প্ৰশাসনৰ দক্ষিণ আৰু মধ্যে এছিয়াৰ সহকাৰী সচিব হিচাপে অধিস্থিত আছিল ।

ৱাচিংটন ডিচিৰ পৰা জ্যেষ্ঠ সাংবাদিক স্মিতা শৰ্মাৰ সৈতে হোৱা এক সাক্ষাৎকাৰত বিশ্বালে ডোনাল্ড ট্ৰাম্পে H1B, L1 ভিছা আৰু আন্তঃৰাষ্ট্ৰীয় ছাত্ৰ সকলৰ F1 ভিছা নিলম্বন কৰা বিষয়টোক সমালোচনা কৰে ।

প্ৰশ্ন- ভাৰত-মাৰ্কিন বাণিজ্য লেনদেন শীঘ্ৰেই সম্পন্ন হোৱাৰ ক্ষেত্ৰত আপুনি কিবা আশা দেখিছেনে ?

এই সৰু বাণিজ্যিক লেনদেন ৰাজদূত সকলৰ মাজত বহু চৰ্চিত বিষয় আছিল । লাইটহাইজাৰ আৰু তেওঁৰ দলে USTRত আৰু পীয়ুষ গোয়েল আৰু তেওঁৰ দলে বাণিজ্য মন্ত্ৰণালয়ত তেওঁলোকৰ আলোচনা অব্যাহত ৰাখিছে। তেওঁলোকে এই বিষয়ত । নিৰ্বাচনৰ আপুনি যিমানেই কাষ চাপিব,সিমানেই কিবা এটা সম্ভাৱনা কমি যাব । যদিহে এইয়া সম্পন্ন হয় তেন্তে মই আচৰিত হ'ম যে এই কাম সম্পন্ন কৰাত সক্ষম হৈছে । যিমানেই সোনকালে এই লেনদেন হ'ব সিমানেই এইয়া আমেৰিকা আৰু ভাৰতৰ হিতৰ বাবেই হ'ব ।

প্ৰশ্ন- চীন-মাৰ্কিন পৃথকীকৰণ আৰু ভাৰত-চীন নিয়ন্ত্ৰণ সীমাৰ উদ্বেগজনক পৰিস্থিতিৰ মাজত, ভাৰত-মাৰ্কিন বাণিজ্যৰ সম্ভাৱনা ক্ষেত্ৰ ক'ত ?

ভাৰত আৰু আমেৰিকাৰ বাবে আমাৰ অৰ্থনৈতিক অংশীদাৰিত্ব প্ৰসাৰ কৰাৰ সুযোগ আছে । ভাৰতৰ সৰবৰাহৰ শিকলি আৰু উৎপাদন বিশেষকৈ ঔষধ , প্ৰতিৰক্ষা,উচ্চ প্ৰযুক্তি,আন্তঃগাঠনি আদিৰ ক্ষেত্ৰত সংবেদনশীল ক্ষেত্ৰ সমূহত অধিক মনোযোগ বিস্তাৰ কৰিব লাগিব । সেইসমূহ হ'ল সেই ক্ষেত্ৰসমূহ য'ত আমাৰ শিল্পসমূহ গঢ়ি তুলিবলৈ বিশ্বাসযোগ্য অংশীদাৰিত্বৰ প্ৰয়োজন । চীন সদায় ভাৰত আৰু আমেৰিকাৰ বাবে এক মহত্বপূৰ্ণ অংশীদাৰ হ'ব । ইয়াত কোনোৱে পৰিৱৰ্তন আৰু হ্ৰাসৰ চেষ্টা কৰা নাই । সৰবৰাহৰ শিকলিৰ ক্ষেত্ৰত ভাৰতৰ বাবে কিছু নীতি আৱশ্যক হ'ব,যিয়ে স্থিতিশীল,আকৰ্ষণীয় বিনিয়োগক উৎসাহ প্ৰদান কৰিব ।

প্ৰশ্ন- শেহতীয়াকৈ হোৱা গালৱান সংঘৰ্ষৰ পাচত ভাৰতে চীনৰ পণ্য আমদানিৰ ক্ষেত্ৰত নিষেধাজ্ঞা প্ৰদান কৰিছে, যিয়ে বন্দৰসমূহত এৰ বিশৃংখলতাৰ সৃষ্টি কৰিছে । USISPFয়ে কৈছে ই আমেৰিকান উৎপাদনকাৰী সংস্থাসমূহক আঘাত কৰিব । এই ক্ষেত্ৰত আপোনাৰ মতামত ?

এইবোৰ অতি সংবেদনশীল বিষয়। ভাৰত চৰকাৰে যি সুৰক্ষাৰ বাবে যুঁজ কৰিছে সেই বিষয়ে মই বুজিব পাৰিছো। সুৰক্ষা প্ৰদান কৰাৰ বাবে মই তেওঁলোকক প্ৰশংসা আৰু সমৰ্থন কৰো । আমি এক অতি সংহত অৰ্থনৈতিক দেশত বাস কৰো । সেয়ে ইচ্ছানুসৰি তদন্ত কৰাটো জৰুৰী,অনিশ্চাকৃত পৰিণতিৰ বিষয়ে চিন্তা কৰি ।

প্ৰশ্ন- গুগলৰ সুন্দৰ পিছাইয়ে সাহায্যৰ বাবে এক নতুন ডিজিটাইজেশ্যনৰ কোষ ঘোষণা কৰিছে ভাৰতৰ অৰ্থনীতিত এক গতি প্ৰদান কৰিবলৈ । আপুনি সেই ক্ষেত্ৰসমূহত অধিক মাৰ্কিন ফাৰ্মৰ সংখ্যা দেখিছে নেকি ?

নিশ্চিতভাৱে । ডিজিটেল হ'ল ভৱিষ্যত, ডিজিটেল অৰ্থনীতি দ্ৰুত । এই মহামাৰীয়ে প্ৰত্যক্ষভাৱে ডিজিটাইজেশ্যনৰ দিশে অগ্ৰসৰ হোৱাটোকে সুচাইছে । 5 জি পৰিকাঠামোৰে ভৱিষ্যত অৰ্থ ব্যৱস্থাক আগুৱাই নিব লাগিব । গুগলে যি বিষয়ত আলোচনা কৰিছে তালৈ গৈ পোৱালৈকে ভাৰত-আমেৰিকাৰ মাজত সহযোগ বাস্তৱতঃ প্ৰয়োজনীয় । ই আমাৰ দুয়োখন বজাৰতে সৰবৰাহকাৰী আৰু উৎপাদনকাৰীৰ ক্ষেত্ৰত এক গতি প্ৰদান কৰিব ।

প্ৰশ্ন- আপুনি ভাৱেনে যে, H1B, L1 ভিছাৰ নিলম্বন ডিচেম্বৰতকৈ আগবঢ়াব পাৰি ? ই ছিলিকন ভেলীক কিদৰে প্ৰভাৱিত কৰিব ?

US Chamber of Commerce ৰ সঞ্চালক টম ড'নোহ্যোইয়ে এই বিভ্ৰান্তমূলক নীতি কি, এই বিষয়ত এক মহত্বপূৰ্ণ বিষয় উল্লেখ কৰিছে । বাস্তৱত ই আমেৰিকা, আমেৰিকান কোম্পানী আৰু আমেৰিকান কাৰ্যবলৰ বিনিোগক লোকচান কৰিব । আমি দশকজুৰি এনে ৰাষ্ট্ৰৰূপে উপকৃত, যি আমাৰ তীৰত আহিছে । তেওঁলোক আহিছে স্থায়ী অভিবাসী হিচাপে বা উচ্চ শিক্ষাৰ সন্ধানকাৰী বিদেশী শিক্ষাৰ্থী হিচাপে । এই লোকসকলে আমেৰিকাৰ অৰ্থনীতিত ব্যাপক অৱদান আগবঢ়াইছে ।

ড'নহ্যোয়ে F1 ভিছাৰ বিজ্ঞপ্তিৰ প্ৰতিক্ৰিয়াত জনাইছিল যে,ই 200000 ৰো অধিক ভাৰতীয় পক্ষত প্ৰভাৱ পেলাব পাৰে । ই আমেৰিকান অৰ্থনীতিত এটি শীতল প্ৰভাৱ পেলাব । কিয় ট্ৰাম্প প্ৰশাসন এই বিৱৰণৰ বাবে যাব ?

মই নীতি বহিৰ্ভূত কৰিবলৈ কাৰ্যকাৰী শাখাৰ প্ৰেৰণাৰে কথা ক'ব নোৱাৰো। এইয়া এনে সময়ত য'ত আমি মহামাৰীৰ ভয় আৰু চিন্তাৰ স'তে কাম কৰি আছো । আমি সকলোৱে ভাল কৰো যেতিয়া আমি দেশৰ লগতে অধিক সহযোগী আৰু সংযুক্ত ধৰণেৰে কাম কৰো । আমাৰ বজাৰ, উৎস আৰু প্ৰতিভা বিশ্বব্যাপী । মই এই মূহুৰ্তত আভ্যন্তৰীণ দিশলৈ গৈ ঘূৰি আহি বাধাৰ সৃষ্টি কৰিব নোৱাৰো ।

প্ৰশ্ন- USIBCৰ দ্বাৰা অহা সপ্তাহলৈ আয়োজিত আইডিয়া ইণ্ডিয়া সন্মিলন প্ৰস্তুত, যি নিৰ্মলা সীতাৰমণ, জয়শংকৰ, মাইক পম্পোঅ'ই মহামাৰীৰ পূৰ্বে ভাৰত-আমেৰিকাৰ সহযোগিতাৰ বিষয়ে আলোচনা কৰিব । ইয়াৰ ভতৰত ডাঙৰ ধাৰণা কোনবোৰ হ'ব পাৰে ?

এই বৰ্ষৰ সন্মিলনৰ বিষয় হ'ল বেটাৰ ফিউচাৰ । আমি এনে এক সময়ত আছো যিয়ে আমাৰ উপলব্ধ মানদণ্ড, অৰ্থনীতি, ভূ-ৰাজনৈতিক বা আমাৰ জীৱন আৰু কাম কৰা ব্যৱস্থাত ব্যৱধান আনিছে । তথাপিও এনে সময়ত আমি এক নতুন যুগ আনিবলৈ তৈয়াৰ । নতুন যুগৰ প্ৰতিনিধিত্ব এতিয়া আমাৰ হাতত থাকিব । এই সন্মিলনত ভৱিষ্যতে আমেৰিকা আৰু ভাৰতে কেনেদৰে অৰ্থব্যৱস্থাৰ অংশীদাৰিত্বৰ ক্ষেত্ৰত কাম কৰি আছে তাকেই আলোকপাত কৰিব ।

লগতে পঢ়ক:অনলাইন পাঠদানৰ গাইডলাইন মুকলি মানৱ সম্পদ উন্নয়ন মন্ত্ৰণালয়ৰ

Last Updated : Jul 15, 2020, 4:01 PM IST

ABOUT THE AUTHOR

...view details