অসম

assam

ETV Bharat / bharat

দিল্লীৰ মন্ত্ৰীৰ দেহত COVID-19, শীৰ্ষ নেতালৈ চিন্তাৰ কাৰণ - COVID positive report

14 জুনত কেন্দ্ৰীয় মন্ত্ৰীৰ সৈতে হোৱা বৈঠকলৈ তেওঁ মুখ্যমন্ত্ৰীৰ সৈতে একেখন বাহনতে গৈছিল । দিল্লীৰ স্বাস্থ্য মন্ত্ৰী সত্যেন্দৰ জৈনৰ দেহত কৰ'ণা ভাইৰাছ ধৰা পৰাত চিন্তিত হৈ পৰিছে প্ৰধান মন্ত্ৰীৰ কাৰ্যালয়ো ।

দিল্লীৰ মন্ত্ৰীৰ দেহত ধৰা পৰা COVID-19 শীৰ্ষ নেতালৈ চিন্তাৰ কাৰণ
দিল্লীৰ মন্ত্ৰীৰ দেহত ধৰা পৰা COVID-19 শীৰ্ষ নেতালৈ চিন্তাৰ কাৰণ

By

Published : Jun 18, 2020, 12:30 AM IST

নিউড ডেস্ক, 17 জুনঃ দিল্লীৰ স্বাস্থ্য মন্ত্ৰী সত্যেন্দৰ জৈনৰ দেহত বুধবাৰে ধৰা পৰে মহামাৰী কৰ'ণা ভাইৰাছ । তেওঁক প্ৰচণ্ড জ্বৰৰ বাবে এদিন পূৰ্বে ভৰ্তি কৰোৱা হৈছিল হাস্পতালত । তাতেই COVID- 19 পৰীক্ষা কৰাত মন্ত্ৰী গৰাকীৰ দেহত কৰ'ণা ভাইৰাছৰ উপস্থিতি ধৰা পৰে । লক্ষনীয় বিষয় এই যে, হাস্পতালত ভৰ্তি হোৱাৰ আগদিনা তেওঁ দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিয়াল আৰু কেন্দ্ৰীয় গৃহ মন্ত্ৰী অমিহ শ্বাহৰ সৈতে বৈঠকত মিলিত হৈছিল । সেয়ে তেওঁৰ দেহত কৰ'ণা ভাইৰাছ ধৰা পৰাত শীৰ্ষ প্ৰৰ্যায়ৰ নেতা সকলৰ বাবে অতিকে চিন্তনীয় হৈ পৰিছে ।

মঙলবাৰেও সত্যেন্দৰ জৈনক পৰীক্ষা কৰোৱা হৈছিল । কিন্তু এই দিনটোত তেওঁৰ ফলাফল নিগেটিভ আহিছিল ।

কিন্তু বুধবাৰে তেওঁৰ ফলাফল পজিটিভ অহাত প্ৰধানমন্ত্ৰী কাৰ্যালয়ো চিন্তিত হৈ পৰিছে ।

উল্লেখ যোগ্য যে, 14 জুনত কেন্দ্ৰীয় মন্ত্ৰীৰ সৈতে হোৱা বৈঠক খনলৈ তেওঁ মুখ্যমন্ত্ৰীৰ সৈতে একেখন বাহনতে গৈছিল । সেই বৈঠকত উপস্থিত আছিল কেন্দ্ৰীয় গৃহ মন্ত্ৰী অমিত শ্বাহ, কেন্দ্ৰীয় স্বাস্থ্য় মন্ত্ৰী ডাঃ হৰ্ষ বৰ্ধন, ৰাজ্যপাল অনিল বাইজাল, মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিয়াল আৰু উপ মুখ্যমন্ত্ৰী মনোজ শিচদিয়াৰ লগতে বহুতো উচ্চ পদস্ত বিষয়া ।

এই সভাৰ পৰৱৰ্তী দিনটোত গৃহমন্ত্ৰী গৰাকীয়ে অংশ লৈছিল দলীয় সভাত । তাৰ পাচত তেওঁ লোকনায়ক হাস্পতালো ভ্ৰমণ কৰিছিল ।

এতিয়া প্ৰশ্ন হয় যে, সভাত অংশ লোৱা মন্ত্ৰী সকল কোৱাৰেণ্টাইন হোৱাৰ প্ৰয়োজন আছে নে নাই ? তেওঁ কেনেকৈ কৰ'ণাৰ সংপৰ্শলৈ অহিল আৰু তেওঁ কাৰ কাৰ সংস্পৰ্শলৈ আহিছে সেইটো স্বাস্থ্য বিভাগে ট্ৰেছ কৰিবনে? আৰু ডাঙৰ প্ৰশ্নটো হৈছে তেওঁ আন কাৰোবাকো সংক্ৰমণ কৰিছে নেকি ?

ABOUT THE AUTHOR

...view details